প্ৰেম ইত্যাদি
------------
ৰোজগাৰৰ জোকে শুহি উদং কৰা
পৃথিৱীৰ জৰায়ুত আমিবোৰ জীয়াই থাকো
অনিশ্চয়তাৰ ভ্ৰূণ হৈ;
আঠুকাঢ়ি দিনবোৰ চাপৰ হয়
দ’তৰ চুলিৰ দৰে দীঘল হয় ৰাতিবোৰ;
বিৱৰ্তনবাদৰ সুত্ৰৰ পৰা উঠি আহি
ডাৰউইনৰ বান্দৰটোৱে খিকখিকাই;
এনেদৰেই জীৱন, যৌৱন আৰু বহুতো....
এচকুৱা ফেঁচা হৈ
আমাৰ প্ৰেমে পৰ দিয়ে,
এটা জলগুইৰ খোৰোং ;
উভালি পৰা ৰমণৰ শিপাত পাখি মেলি জিৰাইহি
সুখৰ জটায়ু-যি কেতিয়াও ৰুধিব নোৱাৰিলে সীতাহৰণৰ সত্যক l
তথাপি আমি সুখী হও-মৃত্যুৰ দৰে
আমি হাঁহো -কন্ধৰ দৰে;
প্ৰেম আমাৰ স্থিতিবৃত্তৰ নিৰ্বোধ কেন্দ্ৰ,
সুখৰ অশিক্ষিত জ্যামিতি,
এটা উত্তৰ যেন বহু প্ৰশ্নহীনতাৰ..... !
স্বৰ্গৰ সোণৰ জখলাৰে আমি বগাব খোজো নিৰন্তৰ
কিবা এটা নোপোৱাৰ দুখত,
কিবা এটা নোহোৱাৰ শোকত;
কেৱল ভালপোৱা এডাল সমান চিন হৈ
আমাক বান্ধি ৰাখে-
এটা অবয়বহীন সম্ভাৱনাৰ সতে;
ছিঙি পৰা জেঠীৰ নেজ হৈ ধৰফৰায়
প্ৰাচীন বুকুবোৰ l
আমি সুখী হঁও ;
পৃথিৱীয়ে হাঁহে-ঈশ্বৰেও,
কিন্তু আমি সুখী হঁওনে সচাকৈ...???
**************
২৮-০৩-12
No comments:
Post a Comment