Saturday 12 January 2013


চম্পাৱতী
=======

দ পথাৰৰ টুনী হৈ খুটিয়াম
তোৰ শুৱনি বুকুৰ ধাননি,
চম্পাৱতী
ক’ত লুকাবি, কাক ধিয়াবি ?
ধানো খাম চাউলো খাম
পগলা বতাহ হৈ তোৰ
চকুপানীৰ চৰাই হুৰাম ;

বাওঁধানৰ লেচেৰীয়ে বুকুতে মেৰিয়ালে,
ধান ৰখি থাকোতে চম্পাৱতীক হেনো
খেতৰে লম্ভিলে,
ৰাতিয়ে ৰাতিয়ে চেনেহৰ খমখমীয়া পাট;
বটা চৰাইৰ ডেউকাত বাজিল
ধুৱনি হিয়াৰ নুপুৰ,
ৰাতিৰ মুকুতা বুটলি বুকুত বগাল
চিলমিল সপোনৰ সাপ;

ৰিং মাৰি ৰাংঢালী পথাৰখনক জোকাই
কোনে জানো কপালত সেঁন্দুৰি শিহা জ্বলাই,
কলপুলিৰ নঙলাইদি
বেঙা মেলি পাৰ হয় শোকৰ গধুলি;
আবেলিৰ বতাহত ৰুণ দিয়া ঋতুৰ গান,
শাওলগা হাইতাল হাত পাতি
হালি জালি কান্দে
হিয়াৰ আজলি ফুল চন্দন তুলসী;

লাজৰ জেতুকা বতি চম্পাৱতী ক‍ইনা
বৰষুণৰ দোনাকাটি চম্পাৱতী ক‍ইনা,
সেউতী অৰণ্যৰ পদুলি নিৰাই
ৰূপৰ কপালী হৈ নামে এধাৰ পাৰিজাত মণি;
আঙুঠিত সোণঁচৰোৱা দুখৰ বাখৰ,
মেখেলাৰ পাতলিত উচুপনিৰ নিমজ বনগুটি;
বেদনাৰ অঙঠা ফুকাই ফুকাই
সতীয়া জোনে ৰিহাত তুলি দিয়েহি
গ্ৰহণৰ এটা কলীয়া উৰুলি ;

"ৰঙা সূতা আৰু বিষন্নতাৰ চেপেটা মাদলি,
চম্পাৱতী সেই শূন্যতাৰেই বেনাম নাৰী
যাৰ কপাল ধিয়াই উৰি যায়
শনাহী পৃথিৱীৰ হুতাহ,
শোক আৰু ভালপোৱাৰ ৰঙা গাঙতি ;

পানী নোৰোৱা ঘাটটোতে কলহ এটা বুৰে
এজোলোকা বিয়ানামেৰে পিতাইৰ সাঁচতীয়া ভেটুৱা ভৰে;
সপোনৰ অলঙ, সপোনৰ দলঙ
সপোনৰ লাই মোচৰি
কেতেকীৰ মাতত মালা হৈ সৰে ৰাতিৰ গেন্ধেমালতী l
শূন্যতাৰ চোতাল মোৰ,
ব’তোলা বেথাৰ দুহাত
জোনটো চাপৰি আহি চকুতে তিৰবিৰায়;
খোলাচুলিত হেঙুলীয়া সানি
মোৰ মিনতিৰ বিয়াকুল বেলি
হালধীৰ পাতত পৰি লহিয়াই ;

পথাৰ জোৰা মোৰ মেঘ,
ঘাট জুৰি মোৰ নৈৰ চিনাকি শৈশৱ
ক’ত থও ?
অৰণ্যৰ শিপাত কাৰ নামৰ জেতুকা নো সেয়া...
পানী নে মেঘ ?
ক’ত সেই পখিলা সপোনতো মোক খেদি ফুৰা ?? "

ইতিঃ
ঘুমতিৰ গিলিপ তিয়াই
আৰু সপোন নুটুকিবি চম্পাৱতী,
সপোন নুটুকিবি !
বুকু কুটকুটাই, ককাল কুটকুটাই
জাননে মোট পিন্ধা মোৰ অঘৰী সপোনটোৱেই
তোৰ বুকুৰ আচঁল খহাই !!

*********
১২-০১-১২

Thursday 10 January 2013


শীতৰ চহৰ
==========

এনেদৰেই চহৰলৈ শীত আহে
মেনহ’লৰ খোলা মুখত কুৱঁলীৰ চাৰিটা হাইকু,
ঠেৰেঙা দুপৰীয়াৰ কোনোবাটো ফাটত
এপাহ দুপাহ
ৰ’দৰ কাঠফুলা গজে;

বহু প্ৰত্যাশাৰ এটা ধোৱাৰঙী বিলাস
মহানগৰৰ ধমনীয়ে ধমনীয়ে,
হুইস্কিৰ হালধীয়াৰে শূন্যতাৰ শৰীৰত
সাতটা বৰফৰঙী জোন চকুমুদি ডুবে;

শিলৰ স্তনৰ দৰে চেচা যি সন্ধ্যা,
তলুৱাত লৈ বেলিৰ বেজাৰ
বৰশীত উঠি আহে জাৰৰ জকা;
আঙুলিৰ চুৰটত বেইমান ভৱিষ্যত্‍
ওঠত নষ্টালজিয়াৰ কাঢ়া ধপাত
নিৰ্জনতাৰ অঙঠাত হৃদয় সেকি,
চহৰ নহয় যেন
সি ফুটপাথৰ কোনোবা বহেমিয়ান পথিক !

চুমাৰ গলিয়ে গলিয়ে এতিয়া
মৰা সাপৰ দৰে দীঘল ৰাতি,
এনেকৈয়ে চহৰখনলৈ শীত আহে,
সাতদিন সাতৰাতি ৰ’দৰো হেনো টোপনি খতি !
                         
**************
১০-০১-১৩
(অসমীয়া প্ৰতিদিন- সম্ভাৰ ৪-০২-১৩)