Thursday, 22 March 2012


কেনেকৈ কও কুশলে আছোনে নাই
---------------------------------

কেনেকৈনো কও কুশলে আছোনে নাই  ?
দিনবোৰ ঘাতক,
ৰাতিবোৰ চোপ লৈ কুকুৰনেচীয়া,
তিনিদিনিয়া লঘোণীয়া ভোক
ভাগৰৰ হাতত ধৰি শুই আছে,
কমৰেড,
ৰাইফলটো কান্ধতে থাকক !
উমেৰে জিৰাই লওক
নিৰাপদ ৰাতিটো আৰু কিছু সময়;
জীৰ্ণ ভৰিৰেইতো পাৰ হৈ আহিছো
শোষণৰ জোঙাল শিলনি,
লাঞ্চিত হাতত আকি লৈ কেৱল মোৰ আইৰ মুখ,
কমৰেড,
ৰাইফলটো কান্ধতে থাকক !

কটোঁৱাল দিনৰ দুঃস্বপ্ন সামৰি
বেয়নেটৰ জোঙৰ দৰে তীক্ষ্ণ হৈ পৰিছে
আমাৰ ওঁঠৰ মুক্তিৰ সুহুৰি;
ফাগুন আৰু ব’হাগৰ ৰুমালতো
কেতিয়াবাই জাপি ললো আইৰ চকুলো মচিবলৈ,
আমাৰ কামিহাঁড়তেই খোপনি পুতি
কোনোবাদিনা নামি আহিব এটা ৰঙীন বেলি
সেন্দুৰীয়া দিনৰ প্ৰস্তাৱ লৈ

কেনেকৈনো কও কুশলে আছোনে নাই ?
বিপ্লৱতো কোনো জীৱিকাৰ ৰোমাঞ্চ নহয়,
কোটৰগত লঘোণীয়া চকুৰ
ই যে অনিবাৰ্য স্বপ্ন বিলাস,
নিঃকিন দিন আৰু বঞ্চনাৰ শেষহীন ৰাতিৰ
ইতো দধীচি ইতিহাস...
নিৰুত্তাপ ব’হাগ এটাই খোচাবিন্ধা কৰিছে আহি বুকুত
আধানাঙঠ শিশুৰ উদং কামিহাঁড়বোৰ,
স্বপ্নহাৰা নাৰীৰ সেমেকা হাঁতবোৰ
ব’হাগেনো কি ফুলৰ গামোচাৰে ঢাকিব ??
হতাশাৰ চিৰালফাটে কোঙা কৰা
কৃষকৰ খৰাং বুকুবোৰত,
ব’হাগনো বিহুৱা হ’ব কি সুখত..??

তোমালৈ কেতিয়াবা বৰকৈ মনত পৰে ....
ব’হাগৰ সকলো অভিমান সামৰি
এটা নিৰ্যাতিত ৰাতিৰ অজুহাতত
তুমি গুচি যোৱা বহু দিনেই হ’ল;
বলাত্‍কাৰী বুটজোতা আৰু বন্দুকৰ আগত
সেই  হাতজোৰ কাতৰ মিনতিবোৰ,
হিয়াভঙা চিঞৰবোৰ.......
মুল্যতো কোনোদিনেই নাছিল !!
এটা কৰুণ উচুপনি হৈ ব’হাগৰ কোনোবাতো ডালত
তুমি ওলমি ৰোৱাতো বহুদিনেই হ’ল....
এই ঠিকনাহীনতাত তথাপি
তোমাৰ ৰিণি ৰিণি আবদাৰবোৰে
আতুৰ কৰিছে মোৰ স্বপ্নহীন ব’হাগক;

শুই থাক অ’ ব’হাগ
মোৰ সীহ লগা বুকুতে;
তেজপিয়া হাতবোৰৰ কুঠাৰ কাঢ়ি আনি
এদিন থাপন কৰিম তোক
মোৰ দেশৰ প্ৰতিইঞ্চি মাটিত, প্ৰ্তিজোপা বৃক্ষত !
ম’হৰ শিঙৰ পেঁপাৰে এদিন সলাই ল’ম
হাতৰ ৰাইফল ;
তেতিয়ালে শুই থাক অ’ ব’হাগ
মোৰ আইৰ শিতানতে
শোষণৰ ভৰত আইৰ দেহ
আজি যে তেনেই দূৰ্বল......

*********
                        ২২-০৩-১২

No comments:

Post a Comment