Tuesday 23 December 2014

১৬ পেচাৱৰ
==========

A-ৰ পৰা B-লৈ এখন ওমলা অলং
C-ৰ পৰা D-লৈ এখন ওলোমা দলং
এই অলঙেৰে, সেই দলঙেৰে
যিসকল আৰু ওভতি নাহিল
তেঁওলোকৰ বাবে নুমুৱাই থোৱা হওক
প্ৰতিখন উলম্ব পতাকা,

কবলৈনো আৰু কি থাকিল,
ছিঙি পৰা আঙুলিবোৰৰ কুঁহিপাত কুমলীয়া
এথোপা তেজত ডুবি
সেই শৈশৱ যি ধুনীয়া
বুটলি বুটলি বুকুবোৰ এতিয়া
বাউলী হোৱা প্ৰাৰ্থনা এটা ;

মাথো এই ঘটনাৰ বাবেই
তোমালোকে খুলি থোৱা তোমালোকৰ পোছাকবোৰ,
হাতবোৰ, নিহত হাড়বোৰ ;
মাথো তোমালোকৰ বাবেই উন্মুক্ত হওক
নৰকৰ শেষখন দুৱাৰ,
অন্ধ চকুবোৰত জ্বলি উঠক
ছাই হোৱা তোমালোকৰ আত্মাৰ এঙাৰ !

মাথো এই ঘ্টনাৰ বাবেই
বোবা হৈ পৰক
প্ৰতিজন অবাক দৰ্শক,
বধিৰ হৈ পৰক
প্ৰতিজন মৰ্মান্তিক ঘোষক,
কোমল কফিনবোৰৰ সেমেকাত
এই মাটিয়েই সামৰণি শিল্প হওক
চকুপানীৰ অন্তিমটোপাল প্ৰশংসাৰ !

এই দিনটোৰ পিছতেই
কাটাতাৰৰ কাপোৰ খুলি উলংগ হৈ পৰক
ৰাষ্ট্ৰ নামৰ প্ৰতিজনী বেশ্যা,
লাইটপষ্টত ওলোমাই থোৱা হওক
ভেকোভাওনাৰ প্ৰতিখন সংবিধান;
যি ঈশ্বৰৰ ইচাৰাত
মাটিৰ চিলেটত গজি উঠে
কান্দোনৰ তুমুৰুলি উদ্যান,
সেই ঈশ্বৰৰ হাড়ত লিখা হওক
নতুনকৈ আন এখন
গীতা, বাইবেল অথবা কোৰাণ !

কবলৈ আৰু কিয়েইবা থাকিল
এটা তৰা বিচাৰি মেলা জোনবাইৰ দুহাতত
তোমালোকে গুজি দিলা
বুলেটৰ অন্ধ অমাৱস্যা,
তেজত তিতা ৰঙাফিটাৰ পখিলা খেদি
সময়েও চকুদুটা খুলি থৈ ফেঁকুৰে...

স্বাধীনতা মানে হয়তো এতিয়া
মৃত শিশুৰ কপালত
পৃথিৱীয়ে খাই যোৱা শেষটো চুমা !!

****************
২৩-১২-১৪

উত্‍সৱ
=====

উদং উচুপনি বগাই যায় আঙুলিৰ শামুক
সি কোনো অপৱিত্ৰতাৰ ৰক্তৰাগ ফল,
জৰায়ুত আদিম নাৰীৰ পিছলি পোৰা
মৰ্মন্তুন্দ অনুৰাগ;

আমাৰ হাঁড়ৰ সন্ধ্যাত শোকৰ গুহা,
পাহৰণিৰ পাথৰত কটা
তেজ আৰু মৃত্যুৰ অমোঘ মৈথুন,
কি কঠিন নিৰ্জনতাত ডুবিছে
ৰাতিৰ শস্য !

মাটিৰ মাদল বজাই উলংগ হোৱা
সেঁওতাৰ নতুন জোন
প্ৰাচীন পূৰ্ণিমাবোৰে ঢাকি থব,
তেজৰ গধূলি পোহৰাই
ৰাতি জুৰি বাজি আছে এতিয়া
ঋতুমতী নাৰীৰ নৃত্যৰত নগ্নতা ;

বাঁহ গছ হৈ গজিব যি তেঁওলোকৰ নাভিত
মোহাচ্ছন্ন জুইৰ মুখ নে সেয়া গান,
স্তনত দোঁ খায় তেঁওলোকৰ
নৈশব্দৰ শংখ,
খোজত ডুবি উঠি আহে
শিলত খোদিত গান্ধাৰ শিৱ !!

**********
১৫-১২-১৪