Thursday 26 July 2012


শংখধ্বনি
========

পাৰ দুটাৰ বাবে নৈখনৰ
একো প্ৰস্তুতি নাছিল,
পানীৰ দৰে শোহ গৈ আছিল
আত্মাবোৰ মাটিৰ শংখত;
ঋণগ্ৰস্ত হাড়বোৰে
পিতৃলোকলৈ ডিঙি মেলি চাইছিল,
মজ্জাত ধোৱা হৈ জ্বলিছিল
বিষাদবোধৰ গধুৰ পৌৰুষ l

যি খোজ মেলি আত্মাবোৰ ওভতি গ’ল
তাৰেই চিনে চিনে এতিয়া নৈখন;
উত্‍সমুখৰ কোৰ্হালে হেচি ধৰিছেহি
হাতৰ তলুৱাৰ দুবৰি
জিভাত তেওঁলোকৰ পিণ্ডজলৰ তিনিটোপাল পিয়াহ,
খোজত পোহৰৰ স্তোত্ৰ;

অভিশপ্ত কি যে এক যাত্ৰা
এক নিৰ্বাসনৰ পৰা আন এক দেহান্তৰলৈ,
এক আৰম্ভণিহীনতাৰ পৰা
অন্য এক অন্তহীনতালৈ !!

***********
২৬-০৭-১২

Monday 23 July 2012


মেডুচা
========

চকুলে তেওঁৰ এখন ওলোমা দলং ,
এমুঠি সোণালী বালি মুঠিত লৈ
বাট বুলিছো ম‍ই
খোজবোৰ একো একোটা শিল;

দুবাহুৰ সৰিসৃপে ক্ৰমাত্‍ মেৰিয়াই আনিছে
জীৱনৰ শান্তশীল অভিশাপ,
কাৰ বা মণিবন্ধত দুলিছে সেই খাৰু
পোহৰে জিলিকাইছে যাৰ
মোৰ সিৰাৰ ঈষত্‍ নীলা?
এডিঙি তেজৰ শূন্যতাৰ অন্তত
উশাহৰ দুফাল জিভাত দুখ হৈ তিতিছে এতিয়া
মোৰ শান্তিৰ খঙাল স্বাদ;

ভালপোৱা ! কি এক অনাবিল শুভ্ৰতা
শিল হৈ শিপাইছিল
তেওঁৰ চকুৰ অগাধ সেমেকাত ;

কি দাপোনত ভাঙি দেওঁলগা চুলিৰ জোঁট
শুই ৰয় মৃত্যুৰ বিস্ময় মুখ,
কোনো নতুন প্ৰেমিকাৰ দৰে
অসহজ অপ্ৰস্তুত !!

***************
৯-০৭-১২

Sunday 15 July 2012


কবিলৈ
=======

এদোৱাত চিঞাহীৰ নিৰ্জু নীলাত
তিতি আছিল তেওঁৰ আয়ুস,
এতিয়া শ‍ইচৰ শোকাকুল পথাৰ
আৰু স্বপ্নময় চকুৰ দুৱাৰদলিবোৰ ভিজিছে,
কলমৰ সেমেকা পতাত বিৰ দি ৰৈছেহি
তেওঁৰ প্ৰিয়তম শব্দবোৰৰ ম্ৰিয়মান মুখ;

অথচ,
কবিতাৰ বাবে বৰ বিশেষ আয়োজন তেওঁৰ নাছিল;
এটোপাল শুভকামনাৰ লোতক,
চিকুটি তুলি অনা অলপ
বুকুৰ তলৰ ধূলিয়ৰি মাটি;
বচ সেয়াই !
তথাপি তেওঁৰ কবিতাত
কামিজ খুলি উদং বুকুৰে ৰ’দ লৈছিল ভালপোৱাই,
বিষাদৰ অটব্য স্তৱকে
তেওঁৰ কবিতাৰ আখৰক বাট এৰি দিছিল
মুৰ দোৱাই;

লেটা ভাঙি শব্দবোৰ যেতিয়া
পখিলা হৈ উৰি ফুৰিছিল
বুকুৰ সুগন্ধি অৰণ্যত
বিষাদৰ স্নায়ুৰে জুখি চাইছিল তেওঁ
প্ৰণয়মধুৰ স্বপ্নৰ ওজন,
চেতনাৰ উন্মিলিত দুৱাৰ খুলি
ৰুই লৈছিল মৃত্যুৰ আবেগত
চিৰআত্মীয় মাটি আৰু
স্মৃতিশুৱনি শস্যক্ষেত্ৰৰ অভিনন্দন ;

কবিতা মানেইতো-
সোৱঁৰণি আৰু শান্তিৰ বিনীত শ্লোগান, জীৱনৰ প্ৰতিবাদ বাক্য;
কবিতা মানেইতো-
দুখৰ বনছাই, শিল্পকাৰ শব্দৰ মহত্তম শিল্প;
কবিতা মানেইতো-
শোকৰ শেষ আশ্ৰয়, আৰু ভালপোৱাৰ সুশোভিত গন্তব্য;


********
১৩-০৭-১২

(হীৰুদাৰ সোৱঁৰণত.........)

Monday 9 July 2012


সাজোন
---------

অৰ্থ অনৰ্থৰ গহনাবোৰ খুলি থৈ
সকলোবোৰ এদিন উলংগ হব,
সস্নেহ উশাহৰ পহৰা পাৰ হৈ
নিখোজ হব
শিল চেঁচা এটা উত্তাপত গা থৈ;

শিল আৰু পাহাৰৰ পালেঙত
শুই পৰিব
নদীৰ গৰ্বী কংকালবোৰ,
দিনবোৰে পাতত মেৰিয়াই ৰ’দৰ বয়স
সৰি পৰিব বালিঘড়ীৰ ডালৰ পৰা

শব্দবোৰ যেতিয়া তিলফুল হৈ ধোৱাব
উচ্চাৰণৰ সীমান্তত,
মাটিৰ ছাঁই অচিনাকি সুহৃদ হৈ যেতিয়া
তুলি ধৰিব নিচুক কণ্ঠ,
ম‍ই তেওঁলৈ থৈ যাম মোৰ
শেষটো অক্ষয় অৰ্থ

*******
৩-০৭-১২