Sunday 1 March 2015

নদী
====

নদীৰ বুকুত বাজি থাকে মানুহৰ আজন্ম নিসংগতা,
কোনো সোঁৱৰণিৰ ৰিণিকি পাৰত
নদীৰ সতে মানুহৰ প্ৰথম দেখাদেখি
প্ৰথম সাক্ষাত্‍ ,

সোঁতত ওঁঠ থৈ তেতিয়াৰ পৰাই কিমান যে কথা
কিমান যে আচ্ছন্ন আলাপ !

কোনো বিশ্বাসী বন্ধুৰ দৰে নদীৰ পাৰবোৰে বুটলি লয়
মানুহৰ কৰুণতম অৰ্থ, বিষন্ন আগন্তুক, দগ্ধ প্ৰেমিক
অথবা
ঘুৰি নহা কোনোবা সৈনিকৰ প্ৰতীক্ষাত
নিমাওমাও নাৰীৰ মৌনতা;

যি সংগীতৰ নাম শূন্যতা
নদী তাৰ ওজৰহীন শ্ৰোতা,

নদী পৃথিৱীৰ প্ৰথম প্ৰেমিক
সময়ৰ ধ্যানস্থ প্ৰণয়,
নদী বৈ অহা গভীৰ আপেক্ষা
অৰণ্যৰ আদিমতম স্ত্ৰোত্ৰপাঠক;

নদী মানে বেদুইন মাটিৰ তপস্যা
নদী মানে নাৰীৰ গভীৰতা;

বৈ থকাৰ নামত
নদীওতো ৰৈ থাকে
সোঁতৰ সতে সলাই লোৱা ঠিকনাত,

যিদৰে,
জীয়াই থকাৰ নামত
সকলো মানুহেই আচলতে  যাপন কৰে
কেৱল কিছু স্মৃতি, কিছু সম্ভাৱনা !!

**********************
০১-০৩-১৫

Friday 13 February 2015

এটা দিন ভালপোৱাৰ নামত
===================

আহক আজি অলপ প্ৰেমিক হৈ পৰো
অলপ নষ্টালজিক,
ব্যস্ততাৰ কঠিন কামিজ সোলোকাই থও
আৰু লিখি দিও এটা দিন
ভালপোৱাৰ নামত ;

এদিনৰ বাবে আজি পুনৰ ৰৈ থাকোগৈ
হাইস্কুলৰ বাটৰ মোৰত,
ৰঙা কিলিপ মাৰি
যি পিনেদি ভালপোৱা আহে
চাও নাচাও চকুৰ চপৰা ভাঙি,
বুকুৰ বুটাম খুলি ফাগুন হওগে চাইকেল ষ্টেণ্ডত,
আৰু তিনিশৰীয়া চনেট লিখি
বহাগে চকুত গুজি দি যাওক
চোৰাং চাৱনি আৰু
লাজৰ সজল ৰুবায়ত্‍;

অনুৰাগৰ সেউজীয়া আপেল
কিদৰে যে সৰি পৰিল
শোক আৰু শূন্যতাৰ সমন্তৰাল বাটেদি
বেচেৰা নিউটন,
ষোল্ল নম্বৰ পৃষ্ঠাতেই তিনিদিন টোপনি খতি !
হাত কাটি লিখা সেই চিঠিবোৰৰ নামত
সাৰে থাকক দূপৰ বুকুবোৰত
আজি আৰু এটা বেইমান মাজৰাতি;

আহক মুগাৰঙৰ জিলৰ ভিতৰত
আকৌ এবাৰ লুকুৱাই ৰাখো বেঙুনীয়া লেফাফা,
নীলাতকৈও নীলা যি হাতৰ আখৰ
তাৰ পাৰত ৰ’ লাগি ৰওক
উইংচাঙৰ নিলিখা চিঞাহীবোৰ,
সপোনৰ সমকোণত যদি
কোনোবাই গুজি দি যায় ফুলবছা হাতৰ ৰুমাল
কওকচোন কোন ইউক্লিডেনো জুখিব পাৰিব
সেই চাইন থিটা বাই কচ থিটাৰ
মান হব কিমান ??

সেয়ে আহক এদিনৰ বাবে পাহৰি যাও
পোৱা নোপোৱাৰ সকলো হৰণ পূৰণ,
শূন্যতাৰ সকলো এলজেব্ৰা ;
আৰু চকুমুদি চুই চাও
নীলা পাৰি দিয়া সেই ত্ৰিকোণমিতি,
হাঁহিৰ দালমুট আৰু
বৰফৰ বগা দূপৰীয়া
যাৰ ওঁঠত তিতি তিতি নাভাগৰিছিল
বসন্তৰ এহেজাৰ এটা পানীখোৱা ছুটি;

আহক কবি হৈ পৰো আকৌ এবাৰ
হৃদয়ত আৰি লৈ ভালপোৱাৰ ইস্তাহাৰ
হৈ পৰো অলপ বদনাম,

পুনৰ ৰঙা হৈ গোন্ধাওক
ডায়েৰীৰ মাজত শুই থকা গোলাপ,
তেজৰ হেপাহত লিখি লও ৰ’দৰ শ্বায়েৰী,
নিজকে বিছাৰি বিছাৰি
পুনৰ হওক আজি
কাৰোবাৰ খৰাং বুকু খানাতালাচ !

কলেজ কেণ্টিণত কথাৰ ধূলি উৰুৱাই
চেঁচা পৰিব দিয়ক আজি আকৌ একাপ ফাগুন,
ডায়েল কৰি চাওক শূন্যতাৰ নাপাহৰা ঠিকনা
টু ফ’ৰ ফাইভ..দট দট.. থ্ৰি থ্ৰি
আৰু বৈ আহক সিপাৰৰ পৰা
সেই মৰ্মান্তিক মৌনতা
"কেনে আছা সোণ তুমি ?"

অথবা স্মৃতিৰ তেল পুৰি
বলক ফুৰি আহোগে বুকুৰ গোপন চহৰ,
ৰাধাচূড়াৰ তলত আন্ধাৰ হব মন নোযোৱা
আবেলিৰ দীঘল চুলি,
সোঁৱৰণিৰ দোপাট্টাত আস সেই দুখৰ এম্ব্ৰ‍ইদাৰি
আৰু থোকাথুকি ওঁঠৰ ঠেহ নভঙা উপত্যকা;
............
চকুত চকু থৈ নিদ্ৰাহীনতাৰ
আন্ধাৰৰ আঙুলিৰে চুই চাও যেন
সেই আজন্ম আকুলতা- প্ৰথম চুমাৰ !!
বিদায়ৰ মাতাল বৰষুণজাকত
আকৌ জুৰুলি জুপুৰি হৈ তিতো
আৰু লুকুৱাই থও
হৃদয় নামৰ এই অসহায় কাতৰতা;

আহক,
হেপাহ পলুৱাই তিতো দুখৰ গলধন তিয়াই,
আৰু চিৰদুখী মানুহৰ
সমস্ত চকুপানী মচি দিয়ক
আজি পুনৰ ভালপোৱাই !!

**************
১২-২-১৫

Friday 16 January 2015

সাক্ষাত্‍
======

তোমাৰ তলুৱাত জ্বলা ৰাতিবোৰৰ বাবে দুফোটা শীত,
নকন্দা সকলোবোৰ কান্দোনৰ বাবে দুটোপাল মিনিট
তোমাৰ চুলিত উজুটি খাই পৰা প্ৰতিটো অন্ধ দুপৰীযা
ম‍ই মোক খামুচি ধৰিছিলো
সন্ধ্যাৰ জিভা বগাই গুচি গৈছিল
ওঁঠৰ বোবা গজল;

তোমাৰ বুকুত এটা গধূলিৰ দোতাৰা,
লাইটপষ্টৰ তলত ম্ৰিয়মান মগ্নতাৰ বুদ্ধ
কেইটা শতিকাৰ বা শাপিত আপেক্ষা ?
আন্ধাৰৰ ইচ্ছাই মোৰ হাতত গুজি দিছিল
বিষন্নতাৰ কঠিন মাৰফত্‍
আৰু পৃথিৱীৰ চকুত আয়ত ৰাতিৰ নিদ্ৰাহীনতা ;

আবেলিৰ কান্ধত মুৰ থৈ শোৱে অঘৰী উদাসীনতা,
নিঃসঙ্গ সৰিসৃপ হৈ ফোপায়
আলকাতৰাৰ ধোঁৱাত বেঙুনীযা হাইৱে
উশাহত কাৰ বা জ্বলে সন্ধ্যাতৰা ?
প্ৰাৰ্থনাৰ হাত বগাই নামে
হিমঘণ্টাৰ জৰী,
তেজত পুৱায় আমাৰ
ঈশ্বৰ নামৰ এটা নুপুওৱা যন্ত্ৰণা I

***************
১৬-০১-১৫

Friday 9 January 2015

নৱবৰ্ষ
*******


==
দিনবোৰ আৰু দিন নহয় মৌ
পুৱাবোৰ নহয় পুৱা,
গানৰ দোৱান ঠোঁটত লৈ
ফেঁহুজালিতে আৰু ওলাই নাহে ৰ’দৰ দহিকতৰা ;

চৰাইবোৰে এতিয়া বুকুত উচুপি ফুৰে
এখন মৰিশালি,
ডেউকাত ভৰ দি আমালৈ জুমি চায়
বাঁহভঙা কান্দোনৰ বতাহে;

ৰ’দৰ আতচী কাঁচত এতিয়া তিৰবিৰাই জ্বলে
নিৰাহাৰ চকুৰ চুবুৰী,
শতিকাৰ উৱলা পাত লুটিয়াই
কামিহাড়ে হাড়ে উদযাপিত হৈ ৰয়
বুভুক্ষু দিন আৰু লঘোণৰ উৰুকা,

অথচ ইটোৱে সিটোক দিবলৈ আমি
জেপত কঢ়িয়াই লৈ ফুৰিছো
শুভেচ্ছাৰ মুদ্ৰা,
জিভাত পিন্ধি লৈছো বোবা প্ৰশ্নহীনতাৰ শিল;

সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈ
ৰ’দ মানে এতিয়া দূঃস্বপ্নৰ ডাকোৱাল
হতাশাৰ ফেৰিৱালা,
প্ৰাৰ্থনাৰ খটখটিৰ পৰা মিলেনিয়ামৰ দুৱাৰমুখলৈ
ৰ’দ মানে এতিয়া
এনিমিক শিশুবোৰৰ চকুত তিতি থকা
প্ৰত্যাশাৰ ঢেলাপৰা হালধীয়া !


==
শীত মানে এতিয়া আৰু শীত নহয় মৌ,
নহয় চুৱেটাৰ গুঠি ৰৈ থকা কোনোবা প্ৰিয়তমা,
শীত মানে দুখৰ দিছাঙত ডুবি থকা
অসহায় দলং,
মাজৰাতিৰ বৃদ্ধ অভাৰব্ৰীজ,

বাছষ্টেণ্ডৰ ফেৰেঙনিয়ে ফেৰেঙনিয়ে গজি উঠা
কুহুৰ-কুহুৰ সেই অঘৰী অৰ্কিড
টাইফয়েড অথবা নিউম’নিয়া,

নোযোৱা-নুপুওৱা ৰাতিবোৰৰ গেঙনি সী
ফুটপাথত পৰি ৰোৱা
অনিদ্ৰাৰ শলা আৰু যন্ত্ৰণাৰ চেঁচা ঊণ;

ঠেৰেঙা লাগি মৰা শিশুৰ মুখত
পিয়াহ হেচি হেচি বাউলী হোৱা বুকুত
শীত সভ্যতাৰ এক নিখুত ব্ৰাছ-ষ্ট্ৰোক,
পষ্ট’মডাৰ্ণ কোনো ঈশ্বৰৰ
এক এবষ্ট্ৰেক সপোন !!

****************
০৯-০১-১৫