Friday 30 March 2012


বান
------

দলং ভৰি নৈৰ পিয়াহ,
অভিমানৰ দৰে বাঢ়িছে থাউনিহীন সোত
মাটিয়ে মাটিয়ে যেন শিপাইছে পানীৰ আক্ৰোশ;

পাৰবোৰৰো হেপাহ বহুত,
মুঠিত পুহি থয় সাগৰীয়া ভ্ৰুণ;
জলকুৱঁৰীৰ নাভিয়েদি বাগৰি যায়
স্বপ্নভংগৰ এটা বছৰেকীয়া বিলাপ;
মত্‍স্যকন্যাৰ শৰীৰ নিমখীয়া কৰি
সাতুৰিব নজনা চকুপানীবোৰ ডুবি মৰে
থোকাথুকি দুখত....
ঘৰ হেৰুওৱা পানীয়ে চলাথ কৰে
ঘৰবোৰ, বাটবোৰ আৰু বুকুবোৰ !

আকাংক্ষাৰ দাম যে বহুত,
সাগৰ হব খোজা নৈৰ আকাংক্ষাও যে বহুত.....!!

**************
                    ৩০-০৩-১২

Wednesday 28 March 2012


প্ৰেম ইত্যাদি
------------

ৰোজগাৰৰ জোকে শুহি উদং কৰা
পৃথিৱীৰ জৰায়ুত আমিবোৰ জীয়াই থাকো
অনিশ্চয়তাৰ ভ্ৰূণ হৈ;
আঠুকাঢ়ি দিনবোৰ চাপৰ হয়
দ’তৰ চুলিৰ দৰে দীঘল হয় ৰাতিবোৰ;
বিৱৰ্তনবাদৰ সুত্ৰৰ পৰা উঠি আহি
ডাৰ‍উইনৰ বান্দৰটোৱে খিকখিকাই;
এনেদৰেই জীৱন, যৌৱন আৰু বহুতো....
এচকুৱা ফেঁচা হৈ
আমাৰ প্ৰেমে পৰ দিয়ে,
এটা জলগুইৰ খোৰোং   ;
উভালি পৰা ৰমণৰ শিপাত   পাখি মেলি জিৰাইহি
সুখৰ জটায়ু-যি কেতিয়াও ৰুধিব নোৱাৰিলে সীতাহৰণৰ সত্যক  l
তথাপি আমি সুখী হও-মৃত্যুৰ দৰে
আমি হাঁহো -কন্ধৰ দৰে;
প্ৰেম আমাৰ স্থিতিবৃত্তৰ নিৰ্বোধ কেন্দ্ৰ,
সুখৰ অশিক্ষিত জ্যামিতি,
এটা উত্তৰ  যেন  বহু প্ৰশ্নহীনতাৰ..... !
স্বৰ্গৰ সোণৰ জখলাৰে আমি বগাব খোজো নিৰন্তৰ
কিবা এটা নোপোৱাৰ দুখত,
কিবা এটা নোহোৱাৰ শোকত;
কেৱল ভালপোৱা এডাল সমান চিন হৈ
আমাক বান্ধি ৰাখে-
এটা অবয়বহীন সম্ভাৱনাৰ সতে;
ছিঙি পৰা জেঠীৰ নেজ হৈ ধৰফৰায়
প্ৰাচীন বুকুবোৰ  l
আমি সুখী হঁও ;
পৃথিৱীয়ে হাঁহে-ঈশ্বৰেও,
কিন্তু আমি সুখী হঁওনে সচাকৈ...???

**************
                   ২৮-০৩-12

Sunday 25 March 2012


এপ্ৰিল
-----

হত্যাকাৰীৰ উন্মাদ চকুৰ দৰে এটা ৰঙা বেলি
টোপনিয়াই আছে এপ্ৰিলৰ পাছবাৰান্দাত,
অলপ আগেয়ে
সেই পিনেদিয়েই চেঁকুৰি গ’ল
ধুলি উৰুৱাই ফাগুনৰ বলিয়া ঘোৰা;
এতিয়া ঘৰবোৰৰ আগে আগে ব’হাগ (নে বিষাদৰ ?) পৰ্দ্দা,
নাৰীৰ বুকুৱে বুকুৱে ৰোমাঞ্চৰ গোপন যো-জা !

ভালপোৱাতো ব’হাগৰ পুৰণি বেমাৰ;
অসুখীয়া গাৰেই ব’হাগে পহৰা দিয়ে বেদনাৰ তোৰণ,
অথচ চোৰৰ খোজেৰে এপ্ৰিলে তাতো
আৰি যায় বাসনাৰ ফৰমান;
জুৱাৰী বাসনাৰ দৰেই এপ্ৰিলৰো যে আছে এটা তীব্ৰ নিচা
কামনা যাৰ আদৰুৱা নাম ,
বিহ্বল চুমাবোৰ আৰু এন্ধাৰবৰণীয়া আবেগবোৰ
এপ্ৰিলৰ পানীতোলা ঘাটত ৰৈ থাকে
প্ৰিয়জনৰ বাবে, বদনামৰ দৰে ;
এই কথাবোৰতো সকলোৱেই জানে
অথচ যেন কোনেও নাজানে;
আচলতে নাৰীৰ দৰেই হয়তো এপ্ৰিলেও বহুকথাই লুকুৱাব জানে !!


**********
               ২৬-০৩-১২

Thursday 22 March 2012


যীঁশু
-----

জীৱনৰ বাবে যি ধৰুৱা নাছিল
উশাহৰ ওচৰত,
তেঁওৰ বাবেই এদিন মূক হোৱাৰ বাঞ্চা কৰিছিল
মৃত্যুৰো বৈদেহী কথক

এদিন এটা তৰা নামি আহি চিকুণাই থৈছিল
সেই পুত্ৰৰ আগমনি বাট,
যি পিতৃ আছিল সকলো পীড়িতৰ;
আঙুলিত পিন্ধি এটা উজুটিৰ ঋতু
এদিন  তেওঁ  খোজ দিছিল  এটা শিলাময় অবতৰত,
নিঃস্ব দুয়োহাতত গুজি মাথো কৰুণাৰ বৈভৱ !
সকলো ঘৃণাৰ দলি গোটাই
তেঁও মহীয়ান কৰিছিল প্ৰেমৰ দেউল;

সিদিনা আছিল পৃথিৱীৰ অসুখ;
মঙহ আজুৰি নিয়া প্ৰতিডাল
খঙাল চাবুকৰ বাবে
তেঁও মেলি দিছিল মুৰ্মূৰ্ষু হাতৰ প্ৰেম, ,
নিৰ্যাতিত ওঁঠত তেঁওৰ
উচ্চাৰিত হৈছিল সিদিনা
পৃথিৱীৰ শ্ৰেষ্ঠতম কবিতাটো ;
সিদিনা আছিল পৃথিৱীৰ ভীষণ অসুখ l

ক্ষমাৰ ৰ’দেৰে এদিন যি শুকুৱাই লৈছিল
যন্ত্ৰণাৰ প্ৰতিটো টোপাল,
তেঁৱো আচলতে মানুহেই আছিল;
পৃথিৱীয়ে মাত্ৰ তেঁওক ঈশ্বৰ সজাই
নিজে তেঁওৰ দৰে হব নোৱাৰাৰ
এটা যুক্তি বিচাৰি লৈছিল !!

**********
              ২২-০৩-১২


কেনেকৈ কও কুশলে আছোনে নাই
---------------------------------

কেনেকৈনো কও কুশলে আছোনে নাই  ?
দিনবোৰ ঘাতক,
ৰাতিবোৰ চোপ লৈ কুকুৰনেচীয়া,
তিনিদিনিয়া লঘোণীয়া ভোক
ভাগৰৰ হাতত ধৰি শুই আছে,
কমৰেড,
ৰাইফলটো কান্ধতে থাকক !
উমেৰে জিৰাই লওক
নিৰাপদ ৰাতিটো আৰু কিছু সময়;
জীৰ্ণ ভৰিৰেইতো পাৰ হৈ আহিছো
শোষণৰ জোঙাল শিলনি,
লাঞ্চিত হাতত আকি লৈ কেৱল মোৰ আইৰ মুখ,
কমৰেড,
ৰাইফলটো কান্ধতে থাকক !

কটোঁৱাল দিনৰ দুঃস্বপ্ন সামৰি
বেয়নেটৰ জোঙৰ দৰে তীক্ষ্ণ হৈ পৰিছে
আমাৰ ওঁঠৰ মুক্তিৰ সুহুৰি;
ফাগুন আৰু ব’হাগৰ ৰুমালতো
কেতিয়াবাই জাপি ললো আইৰ চকুলো মচিবলৈ,
আমাৰ কামিহাঁড়তেই খোপনি পুতি
কোনোবাদিনা নামি আহিব এটা ৰঙীন বেলি
সেন্দুৰীয়া দিনৰ প্ৰস্তাৱ লৈ

কেনেকৈনো কও কুশলে আছোনে নাই ?
বিপ্লৱতো কোনো জীৱিকাৰ ৰোমাঞ্চ নহয়,
কোটৰগত লঘোণীয়া চকুৰ
ই যে অনিবাৰ্য স্বপ্ন বিলাস,
নিঃকিন দিন আৰু বঞ্চনাৰ শেষহীন ৰাতিৰ
ইতো দধীচি ইতিহাস...
নিৰুত্তাপ ব’হাগ এটাই খোচাবিন্ধা কৰিছে আহি বুকুত
আধানাঙঠ শিশুৰ উদং কামিহাঁড়বোৰ,
স্বপ্নহাৰা নাৰীৰ সেমেকা হাঁতবোৰ
ব’হাগেনো কি ফুলৰ গামোচাৰে ঢাকিব ??
হতাশাৰ চিৰালফাটে কোঙা কৰা
কৃষকৰ খৰাং বুকুবোৰত,
ব’হাগনো বিহুৱা হ’ব কি সুখত..??

তোমালৈ কেতিয়াবা বৰকৈ মনত পৰে ....
ব’হাগৰ সকলো অভিমান সামৰি
এটা নিৰ্যাতিত ৰাতিৰ অজুহাতত
তুমি গুচি যোৱা বহু দিনেই হ’ল;
বলাত্‍কাৰী বুটজোতা আৰু বন্দুকৰ আগত
সেই  হাতজোৰ কাতৰ মিনতিবোৰ,
হিয়াভঙা চিঞৰবোৰ.......
মুল্যতো কোনোদিনেই নাছিল !!
এটা কৰুণ উচুপনি হৈ ব’হাগৰ কোনোবাতো ডালত
তুমি ওলমি ৰোৱাতো বহুদিনেই হ’ল....
এই ঠিকনাহীনতাত তথাপি
তোমাৰ ৰিণি ৰিণি আবদাৰবোৰে
আতুৰ কৰিছে মোৰ স্বপ্নহীন ব’হাগক;

শুই থাক অ’ ব’হাগ
মোৰ সীহ লগা বুকুতে;
তেজপিয়া হাতবোৰৰ কুঠাৰ কাঢ়ি আনি
এদিন থাপন কৰিম তোক
মোৰ দেশৰ প্ৰতিইঞ্চি মাটিত, প্ৰ্তিজোপা বৃক্ষত !
ম’হৰ শিঙৰ পেঁপাৰে এদিন সলাই ল’ম
হাতৰ ৰাইফল ;
তেতিয়ালে শুই থাক অ’ ব’হাগ
মোৰ আইৰ শিতানতে
শোষণৰ ভৰত আইৰ দেহ
আজি যে তেনেই দূৰ্বল......

*********
                        ২২-০৩-১২

Tuesday 20 March 2012


নিমাতী ঘৰ
-----------

দীঘলী পুখুৰী পাৰৰ
ৰাধাচুঁড়া নে কৃষ্ণচুঁড়াৰ তলৰ
অ’ নিমাতী ঘৰ;
তোৰ হেনো চুলিত জিৰাইহি
অবুজন মেঘৰ কথা নুশুনা ভাগৰ,
প্ৰতিদ্বন্দ্বী যি এখন প্ৰেমিক আকাশৰ;

পাণ বজাৰৰ মস্তান দূপৰীয়া
তহল দি যায় সদায় তোৰ চাৱনিৰ কেঁচা বাটেদি,
ডিঙি মেলি ভুমুকিয়াই চায়,
আবেলিৰ নিলাজ ছাঁই, তোৰেইতো দীঘল বাৰাণ্ডা;
ক’চোন  ক’, এবাৰ
কাৰ ওঁঠৰ বেজাৰ সামৰি থমথমকৈ বহি থাকে
তোৰ খিড়িকিৰ আমন-জিমন পৰ্দা ??
গোটেই উজানবজাৰখনেইটো
এখন উতনুৱা চিঠি,
আৰু ত‍ই অভিমানৰ লেফাফা ;
কেতিয়াবাতো খুলি দে
বুকুৰ অহংকাৰী ডাকঘৰ;
চাবিচোন
বেদনাৰ ঠিকনা লিখি কপালত,
হামখুৰি খাই পৰিবগৈ
তোৰ হিয়াৰ ডাকবাকচত,
কিমান যে আপেক্ষাৰ কৰুণ আখৰ...!!

তোৰ নঙলাৰ P.C.O-ত বিলবোৰ,
কিয় দীঘল হৈ যায় নিদ্ৰাহীনতাৰ দৰে
ত‍ইতো নাজান’ ??
দ’ বুকুৰ বেঙুনীয়া ট’প পিন্ধি
ভুলতো হালি নিদিবিদেই,
মুঠিৰ পৰা সৰি পৰা স্বপ্নৰ মুদ্ৰা বুটলিবলৈ;
আজিকালিৰ মহানগৰৰ যিহে ব’দনাম.....
চকু ঘুৰাই দিয়ক চাৰি
তোৰ বুকুত পিছলি, ৰৈহে যাব চাবি
গুৱাহাটি ক্লাবৰ এহেজাৰটা ট্ৰাফিক জাম !

তোলৈ কেৰাঁহিকৈ চাই
আলিবাটৰ শিলগুটিবোৰে উজুটিয়ালে
জান’নে,
উদণ্দ চিটিবাছবোৰো গহীন হৈ পৰে-
বৃদ্ধ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ দৰে;
দুটকাৰ কেঁচা চানা গলিয়াই গলিয়াই
তোৰ হাহিৰ পাকঘুঁৰণীত সদায়
দীঘলী পুখুৰীৰ পাৰ যে মাতাল হয় সন্ধিয়াই
ত‍ই জান’, ক’ ?
আনকি, ৰাতিৰ পিছত ৰাতি
এটাও চকুৰ টিপ নমৰাকে,
থিয় হৈ থাকে আদহীয়া স্ট্ৰীটলাইটবোৰো,
মাত্ৰ তোকেই হেপাহ পলুৱাই চাবলে.....
(প্ৰেমৰতো আৰু কোনো বয়স নাথাকে !! )

দীঘল হৈ যোৱা ঘাইল বুকুৰ হুমুনিয়াহবোৰ
আৰু দীঘল কৰি,
আৰুনো কিমান আচুৰি নিবি
প্ৰেমিকৰ কাঙাল হৃদয়;
কেতিয়াবাতো খুলি চা দুৱাৰ-মৌন ওঁঠৰ
চাবি, পলকতে উটি যাব
সমস্ত এলান্ধু- তোৰ বিষাদৰ ;
ত‍ই কি নাজান’
ভালপোৱাৰ এই শেহতীয়া খবৰ-
দুহাতত মুখ গুজি তোলৈয়ে চাই
ৰ’ লাগি ৰয় যে এখন স্বপ্নাতুৰ মহানগৰ....

ৰাধাচুঁড়া নে কৃষ্ণচুঁড়াৰ তলৰ
অ মোৰ নিমাতী ঘৰ,
তয়েইতো সেই অনিবাৰ্য্য ঋতু
মোৰ বিষাদ উদ্‌যাপনৰ......!!

*********

(দীঘলী পুখুৰী পাৰৰ কটন কলেজৰ গাৰ্লছ হোষ্টেল দুটাৰ হাতত)
                                                                    - ২০-০৩-১২

Saturday 17 March 2012


শব্দ‍ই ওঁঠ খুলি
-------------

শব্দ‍ই ওঁঠ খুলি যি কথা কৈ নগ’ল মোক,
আঙুলিত ডেউকা মেলি পৰিছিল আহি
সেই আহত সাৰেঙ;

শ্ৰান্ত আহুতিৰ ছাঁ হৈ
কোন কথকৰ জিভাত হাওলি ৰয়
উচ্চাৰণৰ গহনা পিন্ধা শৰীৰ..??

নদীৰ কপালত সেওঁতা মেলি বহা
এটা শিলালিপিৰ জোন
যি বাটেদি উজাই আহিছিল,
তাতেই হেৰায়
কম্পিত হাতৰ অশ্ৰু মোহৰ;

কথাৰ আঁৰৰ কথাবোৰ,
মৌনতাৰ সিপাৰৰ প্ৰাৰ্থনাবোৰ
অহা বাটতে থমকি ৰ’ল, অশ্ৰুত হৈ ;
দুৰ্লঙ্ঘ্য যাৰ লিপি, দুৰূহ যাৰ সাম্য অৰ্থ !
মাথো প্ৰাচীন সেই পাঠকৰ লূণীয়া জিভাত
শিয়াৰ মেলি ৰৈ গ’ল
ক্ষমাহীন শোকৰ আয়ত নিসৰ্গ;

কাঁচোনৰ অলেখ মুখ পোহৰ কৰি যোৱা
একুৰা পৱিত্ৰ আন্ধাৰতো,
অনুচ্চাৰিত হৈ ৰয় সেই সকলোবোৰ
শব্দ‍ই ওঁঠ খুলি যিবোৰ কৈ নগ’ল তেওঁকো  !!

*******************
                          ১৭-০৩-১২

Tuesday 13 March 2012


এজন সেউজীয়া কবি
-------------------

বিষাদৰ বৰ্ণমালাৰ
অস্থিৰ দুই এটি বৰ্ণ তুলি
তেও যেতিয়া কবিতা লিখে,
দুখৰ ভাগৰবোৰে
স্মৃতিৰ বাটতো পাৰ হৈ আহি
আপেগোপে তেঁওৰ কবিতাতে জিৰাইহি;

তেঁওৰ কবিতাৰ অনুভৱী দুহাতত
বিষাদৰ সেউজীয়া পাণ্ডুলিপি
দুখৰ পোকে কুটি শেষ কৰা তাৰ প্ৰতিটো পৃষ্ঠা;
আলফুলে লুটিয়াব খুজিলেও
যেন নিশাহৰ ভৰতে সুলকি পৰে
নিহীত ভালপোৱাৰ বিনম্ৰ আস্থা;
কেৱ্ল আঙুলিৰ আগৰ ৰুক্ষতাত লাগি ৰয়
সেউজীয়া কবিৰ
আন এটা অনুভৱৰ কবিতা !
কবিতো নহয় তেঁও
মাথো নষ্ট হাতেৰ
কাগজৰ শুভ্ৰতাত সানি যায়
কবিতাময় কলংক;
বিৰামহীন হৈ স্তব্ধতাৰ মুগ্ধতাত
মনে মনে তেওক দেও দি যায়
তেঁওৰেই অস্থিৰ সংগ
.....কবিতো নহয় তেঁও ...!
তথাপি পৰি ৰ’ল কবিতাৰ যুৱঁলিত
নষ্ট কবিতাৰ প্ৰহৰী হবলৈ;
কবিতাৰ বহীত কবি এতিয়া মৃত
কিন্তু কবিতা এতিয়াও জীৱন্ত.....

************
                 ১২-০৬-০৩

ৰাতিৰ প্ৰেমিকা
-----------

চুই চাব খোজোতেই
ঘৰচিৰিকা চৰাইৰ দৰে জপিয়াই গুচি গ’ল
ৰাতিৰ অজলা সপোনটো;
অলপীয়া দুখত আবেগৰ প্ৰলেপ লৈ
অধোমুখে থিয় দি ৰ’ল
সহজ সৰল অমায়িক ৰাতিটো !

কেনে নিজান নিজান অথচ উদাস
ৰাতিৰ পলৰীয়া বাটবোৰ,
দুখৰ সংজ্ঞা দি
বিস্মৃতিৰ কেকুৰিতে নেদেখা হৈ পৰে !
কেনে সন্দেহী এই গাভৰু আন্ধাৰবোৰ
হেলাৰঙে নেওচা দি যাব পাৰে
সুঠাম আবেগবোৰ;

প্ৰেমিকবোৰ সাগৰৰ দৰে হব লাগে
তেতিয়া দুখবোৰ
মুকুতাৰ দৰে আলৌলৌৱা হৈ পৰে !
সাগৰৰ বহু নদী থকাৰ দৰে
ৰাতিৰো বহুবোৰ জীয়া সুতি থাকে,
যিবোৰেৰে দুখবোৰ ৰাতিৰ ঘৰলৈ
চিনাকি আলহীৰ দৰে আহি থাকে;
সেয়ে ৰাতিয়ে প্ৰেমিকৰ দৰে কান্দিব নোৱাৰে !
কান্দিব খুজিলেই যে
দুখবোৰে কাথিত বহি ঠেহ পাতে;
কবিৰ দৰে
ৰাতিয়েতো আৰু কবিতা লিখি
দুখক ফুচুলাব নাজানে...!!
এইকাৰণেই ৰাতিয়ে
কবিবোৰক ঈৰ্ষা কৰে;

ৰাতিবোৰ কিন্তু তথাপি অসুখী নহয়,
দুখৰ কাৰণে
সিহতেই চ’ৰাঘৰবোৰত
শীতল পানী আৰু ফুলৰ ডাল সজাই থয়;
সেয়ে কিছুমান কবিয়ে ভাবে
ৰাতি নাথাকিলে
দুখবোৰো কিজানি নাথাকিলহৈ...

কিন্তু কবিবোৰে নাজানে
ৰাতিৰ এজনী প্ৰেমিকা আছে,
যাৰ বাবে ৰাতিয়ে
কৃপণৰ দৰে দুখবোৰ
সাৱতি লৈ ফুৰে...
কবিবোৰৰ উপৰিও আন বহুতেও
এই কথা নাজানে !!

********
            ১৭-০৭-০৩

Monday 12 March 2012


হে পিতৃ !
-------

এবাৰ চুই দিয়াহি মোক; এবাৰ,
সাৰ পাই উঠো এই অকাম্য নিদ্ৰাৰ পৰা
জাগি চাও এবাৰৰ বাবে
এই সনাতন আবেশৰ পৰা,

কৰুণাময় আত্মাৰ প্ৰান্তৰত
মোট সলাব খুজিছে
চিৰন্তন এটা ভ্ৰান্তিৰ পিপাসাই;
কুণ্ডলীকৃত নাভিৰ এটা নৈঋত গোন্ধে
হাতবাউল দিছে আত্মমগ্ন চেতনাক;

হে মোহাতীত অমৃত পিতৃ;
এই মুগ্ধতাৰ পৰম অসত্যৰ পৰা
বোৱাই নিয়া মোৰ আত্মজ সত্তা,
এটোপাল পোহৰৰ পদ্ম হৈ লীন হৈ ৰও
এটা শূন্যৰ অপাৰ বিস্তৃতিত

সময়ৰ এক অপাপ জঁটাত
জীৱন এক দুৰাৰোগ্য অসুখ
সংক্ৰমিত কৰি মৃত্যুৰ শৰীৰ;
কাৰোবাৰ মেলা চকুৰ  নিথৰতাইদি চেকুৰি যায়
স্পৰ্শাতীত পৃথিৱীৰ গোলাম ঘোৰা;
কাৰোবাৰ চকুৰ লুণীয়া কোণত
এটা চিঞৰ, হুমুনিয়াহ বা বাৰ্তা হৈ শুই পৰে
সুখ, প্ৰাপ্তি, অহংকাৰ আৰু বেদনাৰ সকলো আদ্ৰতা;
এটা আৰম্ভণিৰ শেষ অথবা
এটা শেষৰ আৰম্ভণি....!!!

হে নিৰ্গুণ পিতৃ
এবাৰ চুই দিয়াহি মোক,
এটা তুতিৰ নিস্কাম অজুহাতত !

************
                  ১২-০৩-১২

Tuesday 6 March 2012


ঈশ্বৰৰ ডায়েৰী
--------------

সোমবাৰবোৰ তেজাল আৰু ৰঙা
ৰবাব টেঙাৰ দৰে;
সেইকাৰণে ৰাতিপুৱাই
ঈশ্বৰ ওলাইছিল চহৰৰ ফালে
চিগাৰেট হুপিবলৈ,
কলা গগলচযোৰৰ কাৰণে
ৰ’দে চিনিপোৱা নাছিল ঈশ্বৰক;
লেঙেৰাই লেঙেৰাই ঈশ্বৰ
পৰি আছিল ঘামৰ ছাঁত

মংগলবাৰে হেনো ঈশ্বৰে
জন্ম লোৱাৰ কথা আছিল,
সেয়ে ঈশ্বৰে
সেইদিনা ম’দ নাখায়,
ৰাতিলৈকে মাখিৰ দৰে ঘুৰি
ঈশ্বৰ শুই থাকে
চহৰৰ ফুটপাথত  কেৰেলুৱা হৈ;

বুধবাৰে ঈশ্বৰ প্ৰেমত পৰিছিল,
কোৱাৰিয়েদি ঈশ্বৰৰ সিদিনা বৈ আছিল
প্ৰেমৰ লেলাৱতি;
আৰু ৰাতিটো এচকুৱা ফেচা হৈ
উৰি যোৱাৰ পিছ্ত
ঈশ্বৰে পাত লুটিয়াই বৃহস্পতিবাৰৰ;
শেষৰটো পৃষ্ঠাৰ শেষত
ঈশ্বৰ বগাই ফুৰে শুক্ৰবাৰৰ দেহত
কুমজেলেকুৱা হৈ
গোটেই ৰাতি সাৰে ৰয় কেৱল শনিবাৰ
ঈশ্বৰৰ দুৱাৰমুখত !!

ৰবিবাৰ ঈশ্বৰৰ খুব প্ৰিয়
হুইস্কিৰ দৰে !
ৰাতিপুৱাই হস্তমৈথুন কৰি
ঈশ্বৰ ওলাই যায়
শূন্যতাৰ খৰিকটীয়া বজাৰখনৰ পিনে
শুকান মাছৰ দৰে পচিব খোজে
সিদিনা দূপৰীয়াটো অযত্নত
ঈশ্বৰৰ ঘৰত;
গধুলিলৈকে মাতাল হৈ ঈশ্বৰ
পৰি থাকে বেশ্যাৰ গলিত
বতিয়াই বতিয়াই
আৰু হালধীয়া হৈ ৰাতিটো
গোন্ধাই থাকে ঈশ্বৰৰ বীৰ্যৰ দৰে
ওৰে ৰাতি.....


(নীতসে-ৰ হাতত)

*********

অৰ্থ
----

সকলো কথাৰে জানো অৰ্থ থাকে,
অথবা সকলো শব্দৰ ?
নিৰ্যাতিত শব্দবোৰ শুই পৰাৰ পিছত
ম‍ই তেঁওক বিছাৰি ফুৰিছিলো
এখন অবিশ্বাসৰ চহৰত !

প্ৰাৰ্থনাৰ এটা আখৰ হৈ তেঁও
বাগৰ সলাইছিল মোৰ চেতনাৰ সংজ্ঞাত

প্ৰস্তাৱিত আত্মাৰ সকলো অৰ্থ
শেষ হৈ অহাৰ পিছত;
পৰিচয়ৰ নিৰ্বিকাৰ গজালটোত ওলমি ৰৈছে
মোৰ অচিনাকি ম‍ই এজন

অ নিৰন্ন সময়,
সংকীৰ্ণতাৰ সকলো কফিনৰ পৰা
তুলি ধৰ মোৰ পাপৰ পূৰ্ণিমা !
উদযাপিত হওক আকৌ
সেই পৰম অৰ্থহীনতাত
মোৰ বিষাদৰ আহুজ
আৰু সমৰ্পনৰ কৰুণতা !!

**********

(নীলমণি ফুকনৰ কবিতা এটা পঢ়ি...)

ৰ’দ
-----

মোৰ পিৰালিৰ আগত পৰি আছে
এচোতাল ৰ’দ  !
হয়তো সুখৰ
........নহলেও দুখৰ;
দুৱাৰ মুখত বহি আছো মই
সময়্হীনতাৰ সময়ৰে পৰা
অনুভৱত কিছু তোমাৰ অস্থিৰ প্ৰহৰ !

 ৰ’দজাক গছকি
কেতিয়াবাই পাৰ হৈ গলা তুমি,
উদাসীন বুকুত উপায়হীন হৈ ৰৈ গ’ল
উথপথপ কলপতীয়া ভাগৰ...
মোৰতো নহয়, তোমাৰো নহয়
কষ্ট মাথো ৰ’দজাকৰ !
সুখবোৰ নহলেও
দুখবোৰ যে সদায় একান্তই নিজৰ;

ৰ’দজাক ছাঁ হোৱাহেতেন ,
ময়ো গুচি যাব পাৰিলোহেতেন
তাৰ ছাঁ গছকি,
এই আৰুঢ় অনুভুতিৰ আমেজ ভাঙি !
কিন্তু এতিয়াও যে বহি আছে তাই
মোৰ চোতালতে
পুৰঠ দুখৰ চুলি মেলি ;
সোণালী চাদৰৰ আহে আহে লাগি আছে
তোমাৰ বিনম্ৰ উপস্থিতি !!
***********
                 ৬-০৬-০৩

Monday 5 March 2012


নৈ
=====

আগুৱাই আহিছে নৈখন ক্ৰমে
বিস্মৃতিৰ প্ৰফুল্লিত ভগ্নাংশৰ দৰে;
ধৰিব নোৱাৰাকৈ লাহে লাহে
মোৰ ওচৰ চাপি আহিছে
সম্বন্ধৰ প্ৰাক্তন ঢৌবোৰ !
মোৰ চকুত পৰিছে সিহতৰ
কাব্যিক ছন্দময় উঠানমা,
প্ৰমত্ত আবেগৰ আস্ফালন
সিহতৰ ওঠত সনা বণিতাৰ হাঁহি-
অসংখ্য কৃত্ৰিমতাৰে প্লাবিতা

নিত্য যৌৱনা পাৰঘাট এয়া,
পাৰত বহি ম‍ই আপেক্ষাৰত
তেজীমলাৰ অনঘ সপোনৰ;
কেতিয়া আহিব ৰ’দালিৰ পানচৈ...?
শুকুলামেঘত নীলাৰ প্ৰস্তাৱনা,
মোহনামুখত এজাক বালিমাহি পৰিছে আহি
মুখত কিচিৰমিচিৰ নীৰৱতাৰ বন্দনা;
মোৰ সমুখত মূমূৰ্ষ সূৰ্য
তৰংগত পোহৰৰ শেষ শিৰোনামা.....

************
 ২৪-০৩-০৩

-সীমা হেৰোৱা অসীম-
---------------

কাঞ্চনমতীৰ পাৰৰ সোণফুলা কমল নগৰ
চম্পা, চন্দনৰ দেশ অতি মৰমৰ;
খেলমাটিৰ ম’হযুজত আৰম্ভ হয় দুখন হিয়াৰ কাহিনী
দুটি প্ৰাণ এটি হব খোজে -বকুলপুৰৰ চন্দন, ৰঙাটিলাৰ গৌৰী;
ৰূপালীপামত আৰম্ভ হয় দুয়োৰে অভিমানী যুজ
চেনেহৰ নবৌ উমাই বুজে দুয়োৰে প্ৰেম অবুজ অবুজ;
চম্পাইও ভাল পাইছিল চন্দনক হিয়া উজাৰি
দিয়া নাছিল কিন্তু কোনোদিনে গোপন হিয়াৰ গোপন বাতৰি;
প্ৰেমৰ সুবাস বিয়পাৰ আগেয়ে ঘুৰে কালৰ চকৰী
ধ্বংসৰ শ্লোগান লৈ আহি পায় শত্ৰু সেনানী;
অৱশেষত তিনিদিনৰ যুজত কমলনগৰে হেৰুৱায় সকলো
চৌপাশৰ বিভীষিকা দেখি মাথো মাতৃ পাৰ্বতীয়ে নীৰৱে টোকে চকুলো;
হিয়াৰ বিষাদৰ ওপৰত দি হাঁহিৰ ঢাকনি
যুজৰ শেষত চম্পা যায় সকলোৰে পৰা আতৰি;
যদিও শেষত মিলন হয় গৌৰী চন্দনৰ
নোৱাৰে ৰুধিব সিহতে মৃত্যু কমলনগৰৰ;
আবেগ আৰু চকুপানীৰে টলবল এই গাথা ব্যথাভৰা
অসীমত যাৰ নুবুজাকে হেৰাল সীমা;

কাঞ্চন বৰুৱালৈ-
----------
সীমাৰ মাজত        ৰৈ বিচাৰিছিল
      অসীমৰ সীমা
নিলীম সময়ৰ       অসীম বিস্তৃতিত
   ক’ত আজি তুমি কাঞ্চন বৰুৱা...

অসীমৰ কেনভাচত     হাহি চকুলোৰ ৰং লৈ
    আকিছিলা এদিন সসীমৰ সীমা;
তাৰেই চকু জুৰাই   পাওগৈ আজিও সেই সীমনা
    অসীমত য্ত হেৰায় সীমা
        ******

............মোৰ এখন প্ৰিয় উপন্যাস "অসীমত যাৰ হেৰাল সীমা"লৈ শ্ৰদ্ধাৰে

নিশিগন্ধালৈ পুনৰ..
----------------

নিশিগন্ধা,
তোমাৰ দুচকুৰ আকাশত
শেষ উত্‍সৱৰ ক্লান্তিৰ মেঘ,
শেলুকীয়া ওঠৰ যুৱঁলিত
বিষাদময় অপৰিচিত অৱসাদ !
তুমি দেখিছানে
তোমাৰ নিশাহৰ হেলনীয়তাত
উপেক্ষিত পৰ্বতীয়া বিষাদৰ দীঘল ছায়া...

দোভা পথাৰৰ বৰষুণজাক
এতিয়াও আহি পোৱাহি নাই !
কিন্তু বতাহত বগুৱাবাই আহিছে
বৰষুণৰ কৌতূহলী ভাবৰ গুণগুণণি
লগত কিছু তুমি তুমি লগা তোমাৰ অনুভৱ,
আবেলিৰ শূন্যতাত ভৰি পৰিছে ক্ৰমে
শুকান মাটিৰ ভিজা ভিজা গোন্ধ
তোমাৰ গাৰ দৰে !

নিশিগন্ধা,
প্ৰেমিকৰ উশাহ আৰু
ফাগুনৰ দূপৰীয়াৰ দৰে
অনুভুতিৰ তীব্ৰতাত সাৰ পাইছে
তোমাৰ প্ৰতিবেশী ৰাতি-এটা সপোনৰ কবি !
জানানে ৰাতিৰ সপোননো কি -??
কিছু নিস্তেজ স্মৃতিৰ বৰ্ণময় অথিৰতা
আৰু এটা প্ৰবসুৱা উশাহৰ নতুন ৰিক্ততা;

ব’লা নিশিগন্ধা
পুনৰবাৰ বিচাৰি চাওগৈ
বিস্মৃতিৰ সত্যত ৰাতিৰ আবেগ,
পৰিপুৰ্ণতাত মাৰ যাওক ধোৱাৰ সপোন-
এটা উজাগৰি ৰাতিৰ ভ্ৰান্তিৰ প্ৰলাপ...!
এই জাৰজ পৃথিৱীৰ পৰিচয় বিচাৰি
আহা নিশিগন্ধা হেৰাই যাও দুয়ো
শৈলজ ভাৱৰ ঠিকনা হৈ,
কাঁচিয়লি সপোনৰ ভগ্নাংশ হৈ,
আৰু কিছু তুমি তোমাৰ ম‍ই মোৰ হৈ......

*********
                          ১৪-০৩-০৩

Thursday 1 March 2012

বুঢ়া ডাঙৰীয়া
===========

বগা ঘোৰাত উঠি
পূৰ্ণিমাৰ ৰাতি বুঢ়া ডাঙৰীয়া যেতিয়া গাও ফুৰিব ওলায়
নিঃপালি গাওখনে ওৰণি লয়;
নৈ পৰীয়া বুঢ়া শিলিখাই মিচিকিয়াই,
দাত নোহোৱা সোলা মুখৰ হাহি
আলৰ ওঠৰ পৰা সৰি 
বিয়পি যায় বহু মাইল
শেলুৱৈ ধৰা বতাহত পিছলি....

পথাৰখনৰ কাষত 
বুঢ়া ডাঙৰীয়াই গল হেকাৰি মাৰিলেই
উত্‍পতীয়া ধনগুলৈবোৰ সুৰ সুৰকৈ গাতত সোমায় !
স্বস্তিৰে নৰানিখনে মুৰ দোৱায় ডাঙৰীয়াৰ আগত,
দুটোপাল নিয়ৰে ধুই নিয়ে ডাঙৰীয়াৰ ভৰি !!

সিদিনা বৰহোলাটোৰ পাৰত 
জোনটোৰ হঠাতে থৰকাছুটি হেৰায় !
বুকুত মেঠনি মাৰি পানীত নামোতেই যে
ডাঙৰীয়া সাকোৰে পাৰ হৈ যায়....
মুখত হাত দি 
দুষ্ট কেইটামান দৰিকণাই খিকখিকাই উঠে,
লাজত নে ভয়ত ঘোলা হব খোজে
বৰহোলাৰ পানী ;

ধীৰ কদমত আগুৱায় বুঢ়া ডাঙৰীয়াৰ ঘোৰা
কেচা পাটৰ বৰণৰ গাৱৰ কেচা আলিৰে,
বতাহ কপায় ধোৱা বৰণীয়া এড়ি চাদৰে !

খেতিয়কৰ ওজৰহীন চিকুণ গাও
হাতৰ মুঠিতে ফুলে পথৰুৱা সপোনৰ বনফুল;
ইকৰাৰ বেৰৰ জলঙাৰে সোমাই আহে বুকুলে
শালিধানৰ আলৌলৌৱা গোন্ধ,
মৰণাৰ চোতালত এটা সপোন পুস্পিতা হয়,
থাপনাৰ শলিতাগছি উলাহতে যেন অলপ বেচিকৈ জ্বলে
পোহৰ কৰি বুঢ়া ডাঙৰীয়াৰ মুখ !

গোসাইঘৰৰ পুখুৰীত 
বুঢ়া দেউতাৰ ঘোৰাই পানী খায়,
নাৰিকল পাতৰ আগৰ বতাহে সি যায়
ফাহি যোৱা ঢৌৰ নিৰিবিলি কামিজ !

ভাগৰুৱা তৰাবোৰে খিৰিকি বন্ধ কৰিলে
শেষৰাতি বুঢ়া ডাঙৰীয়াৰ ঘুৰি যাবৰ হয়;
ভোটোৰাৰ পাতৰ তলত বাগৰ সলায় সোণপৰুৱাই,
মেতেকাতলীৰ পৰা উজাই আহে
এটা ফেহুজালিৰ গোন্ধ.......... !
বুঢ়া ডাঙৰীয়াই এবাৰ ঘুৰি চায়
সকলো ঠিকেই আছে.... সকলো  ঠিকেই আছে....
আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে বুঢ়া দেউতা গুচি যায় !

সেমেকা চকু মোহাৰি ,
নৈ পৰীয়া বুঢ়া শিলিখাই আৰু এবাৰ মিচিকিয়াই !!

*********
 ২৯-০২-১২