শব্দই ওঁঠ খুলি
-------------
শব্দই ওঁঠ খুলি যি কথা কৈ নগ’ল মোক,
আঙুলিত ডেউকা মেলি পৰিছিল আহি
সেই আহত সাৰেঙ;
শ্ৰান্ত আহুতিৰ ছাঁ হৈ
কোন কথকৰ জিভাত হাওলি ৰয়
উচ্চাৰণৰ গহনা পিন্ধা শৰীৰ..??
নদীৰ কপালত সেওঁতা মেলি বহা
এটা শিলালিপিৰ জোন
যি বাটেদি উজাই আহিছিল,
তাতেই হেৰায়
কম্পিত হাতৰ অশ্ৰু মোহৰ;
কথাৰ আঁৰৰ কথাবোৰ,
মৌনতাৰ সিপাৰৰ প্ৰাৰ্থনাবোৰ
অহা বাটতে থমকি ৰ’ল, অশ্ৰুত হৈ ;
দুৰ্লঙ্ঘ্য যাৰ লিপি, দুৰূহ যাৰ সাম্য অৰ্থ !
মাথো প্ৰাচীন সেই পাঠকৰ লূণীয়া জিভাত
শিয়াৰ মেলি ৰৈ গ’ল
ক্ষমাহীন শোকৰ আয়ত নিসৰ্গ;
কাঁচোনৰ অলেখ মুখ পোহৰ কৰি যোৱা
একুৰা পৱিত্ৰ আন্ধাৰতো,
অনুচ্চাৰিত হৈ ৰয় সেই সকলোবোৰ
শব্দই ওঁঠ খুলি যিবোৰ কৈ নগ’ল তেওঁকো !!
*******************
১৭-০৩-১২
No comments:
Post a Comment