Monday 25 August 2014

যি কথা তেজাই নাজানিলে
=================

যি কথা তেজাই নাজানিলে
তাৰ বাবেই দো খাই পৰে আক্ষেপৰ ওঁঠ,
যি কথা তেজাই নাজানিলে
সেই কথাই এতিয়া বাৰীকোঁৱৰৰ প্ৰতিটো সাধুত;

চুলি মেলি তেজাৰ হাঁহি
উজাৰ খাই পৰে আইতাৰ বহল চোতালত,
মাটিত আকি ভাটিবেলাৰ নেঁওতা
তেতিয়া কুঁহিপাতৰ কোমল খিনি তাইৰ হাতত
কুটকুট কুটকুট এঠেঙীয়া এটা যেন শালিকা
আৰু দলিয়াই দিয়া ঘিলাটো
বাগৰি বাগৰি চিধাই মোৰ বুকুট,
কোনোবাদিনা হুদু-মুদুৰ টেকেলি ভাঙে
তেজাৰ হাত দুখন সিদিনা চিলনীয়ে নিয়ে,
ইফালে বেলি আৰু বতাহৰ কাজিয়া
তৰ্জনী আঙুলিৰে তৰ্জনী আঙুলিৰ কাট্টি
আৰু দুদিনৰ নামাতা নামাতি,
তথাপি সৰা দাতটো মোৰ নিগনিক দি
তেজাৰ হাত দুখন ময়েই মোকলাই আনিলো
তাতেই কি যে হাঁহি.....

কোনোবা এদিন পুৱাই এজাৰ ফুলিল
ক’ৰ জানো ডালিম এটা পকি মাটিতে সৰিল,
জৰাকাজিৰ গোন্ধ এটা লৈ সিদিনাৰ পৰা
শালিকা জনী বব নোৱাৰা নদী হ’ল,
চাব নোৱাৰা আৰ্চি হ’ল;
সপোনে সপোনে তেতিয়া
ইমান ইমান পানী,
মাটিৰে যামনে ?
পানীৰে যামনে?
ইখন হাতৰো অলৌগুটি
সিখন হাতৰো তলৌগুটি
কচুপাতৰ লাই হালে জালে,
দুবৰি এহালে উৰুলি এটাত জোবোৰা মাৰি
তাইৰ কপাল চোৱে;

এদিন বগৰী পাৰি থাকোতে
তেজাক বেলিটোৱে দেখিলে
আৰু তলৰ পৰা দেখিলো মই,
সাৰ নোপোৱা ঘুমতিবোৰ ভাঙি
তেজা ডাঙৰ হ’ল
আৰু ৰজাৰ হুকুম লৈ এদিম ছেদিম বাই
পাৰ চৰাইটোৱে ঢুকি নোপোৱা নদীখন পাৰ হ’ল,
সিদিনা আকৌ
ডালিমৰ ডালত ম‍ইনাজনীৰ ঠেহ,
মাতো নামাতো মাত থোকাথুকি হিয়াত
দৌৰি গৈ ময়েই মাতিলো ফুলকোৱৰক,
ঢাৰি পাৰি বহা চোতালৰ তৰাবোৰে সুধিলে
সোণালী পোক সেঁওতাত ধৰি ৰাণী সজাবা কাক ??

সপোনে সপোনে সিদিনাও
বগাই আছিল ইমান ইমান পানী,
চম্পাৱতী, চম্পাৱতী
ঢৌ ফালি এদাল হালধীয়া অজগৰ
ক্ৰমশঃ মেৰিয়াইছে মোক,
ধানো খাই চাউলো খাই
ক’ৰেনো হুতা চৰাই

এতিয়াতো এজাৰো নিজাৰ পৰিল
ঘনচিৰিকাই কটা তামোল লৈ
শিয়ালি পালেগৈ ৰতনপুৰ
আৰু ম‍ই...
ম‍ই হলোহি আঙঠাই পোৰা,
নিগনিয়ে কুটি টুকুৰা টুকুৰি কৰা
তেজীমলাৰ সেই পাটকাপোৰ জোৰা

কোনেও নোকোৱা সাধু এটা কবলৈ
সিদিনাৰ পৰাই ম‍ই
বিছাৰি ফুৰিছো বুঢ়ী আইক,
এই কথা তেজাই নাজানে !!

*******************
১২-০৮-১৪

সুহুৰি
========

পাহৰণিৰ পৰা এটা দিন ধাৰে লৈ
এদিন উভতি যাম তোমাৰ কাষলৈ;

মোৰ নাভিত দো খাই পৰে
প্ৰাচিন কোনো উছৱৰ ৰাতি,
তুমি কোন অনন্তৰ বিভোল বৈভৱ ?
বাউল হাতেৰেই বিচাৰি ফুৰিছো যাক
আন্ধাৰৰ সত্যৰ পৰা
পোহৰৰ প্ৰথম ঘোষনালৈ;

সেই যে আহি এবাৰ চুই দিলা
দেহ জুৰি বাজি ৰ’ল তোমাৰ খোজৰ প্ৰতিধ্বনি,
মুৰ দোৱাই ম‍ই শিলৰ বন্দনা হ’ম;
আৰু কোনো কাৰুণ্যৰ এৰাতি
বুকুত তুলি ল’ম
ভালপোৱাই মাতাল কৰা মাটি;

মোক তুলি ধৰা মোৰ অনুতাপৰ উচ্চতালৈ
তোমাৰ স্তনেৰে বৈ আহক
ভালপোৱাৰ সকলো পাৰ্থিৱতা,
মুৰ দোৱাই ম‍ই ভীক্ষুক হম
অনুচ্চাৰিত অনুভাৰ,
নিৰ্যাতিত আঙুলিত ধাৰণ কৰি
তোমাৰ নতজানু নগ্নতা !!

*****************
( ২৫ এপ্ৰিলৰ হাতত )

গ্লুমি চানডে’
=========

বৰষুণৰ জৰীত ওলমি ৰয়
উশাহৰ কানিমুণি বতৰ,
মাটি চো চো ৰ’দৰ বুঢ়া আঙুলি
এহাত ওপৰতে দুলি ৰ’ল;

গ্লূমি চানডে’, গ্লূমি চানডে’
খবৰটো থৰ হৈ আছিল সিদিনা
দূপৰীয়াৰ গোমা জেপত....

বুকুতে এটা মোচৰ,
উচুপনিৰ এঢোক শূন্যতাত আওজি
নুফুটা এটা চিঞৰৰ আখৰ,
ঢেলা পৰা এটা এতোলা চাৱনি
জানো কাক বিছাৰি বিছাৰি ??

সেই বিৰহ বুকুতেই মুৰ থৈ শুইছিল,
শোকৰ ডিঙিত উজাগৰ হ্ৰদ হৈ ডুব গৈছিল
জয়াল ৰাতিৰ বিষন্ন খবৰ,
যেন কোনো অনুতাপৰ আতুৰ আবেলি
যেন কোনো বিদায়ৰ শেষ বিয়লি,
গৈ থাকে গ্লূমি চানডে
ৰৈ থাকে গ্লূমি চানডে

বুকুতে জানো কোনে উভালি থৈ গ’ল প্ৰাণৰ
এনে এটা প্ৰাচীন কান্দোন !!

================

(( "গ্লূমি চানডে" ১৯৩৩ চনৰ এটা বিখ্যাত ( কুখ্যাত ?) গান.....এই গানটো হাংগেৰিয়ান চুইচাইদ চং
বুলিহে বেছিকৈ জনা যায়......কথিত আছে যে প্ৰায় ১০০ জন মানুহে এই গানটো শুনাৰ পিছত এতিয়ালে
আত্মহত্যা কৰিছে....আনকি গানটোৰ লিখক  Rezső Seress য়েও শেষত আত্মহত্যা কৰে.....))
কথাবোৰ
=======

এটা কথা আছিল
যাৰ দৰে আৰু কোনো কথা নাছিল,

পানী তুলিব যোৱা ওঁঠৰ নাওবোৰ
মুখ গুজি শুই পৰা ঊটৰ নাকবোৰ
ধূমুহাৰ এটা প্ৰশ্নবোধক
আপোনালৈ মোলৈ ;

এই নিশাৰ জৰ্জৰ দুহাত
যাৰ বাবে থিয় হয়
সদ্যমৃত সকলোবোৰ হাড়,
যাৰ বাবে উদ্বিগ্ন আলিঙ্গন হয়
নাবিকৰ হেৰোৱা দিশবোৰ
সকলো ঘুৰি আহিব
নিনাদৰ নিৰাভৰণ নাভিলৈ,

ঢৌৰ সতে সলাই পানীৰ কবৰ
আমি ওপঙি ফুৰিম মুখবন্ধ বটল হৈ
বিষন্নতাৰ বন্দৰে বন্দৰে,
নুডুবা দিনৰ সূৰ্যোদয়ত
বিচাৰি ফুৰিম আমাৰ
হাতবোৰ,
ওঠবোৰ,
অনুন্নাসিক নিশাৰ কন্দৰে কন্দৰে;

আৰ্ত আঙুলিবোৰৰ অনুচ্চ প্ৰাত্যহিকতা
য’ত আমি কেতিয়াও নাছিলো
আদ্ৰ দাপোন হৈ তাত
আমি জুমি চাও আমাক
আমাৰ কোলাহলৰ নিৰ্জনতাত,

আঠুকাঢ়ি তুলি ধৰিবলৈ
প্ৰাৰ্থনাৰ অগাধ আন্ধাৰ
এই নিসৰ্গত ঈশ্বৰ
পৃথিৱীৰ প্ৰিয়তম পাপ ;

মোৰ পৰা মোলৈ আহোতে
আমাৰ হাতে হাতে লাগি আহিল
যি দূঃসহ দিনৰ বৰ্তমান ,
তাৰ বাবে আমি চিৰদিন দায়ী হৈ থাকিম !!

***************
২৩-০৮-১৪