Thursday 27 April 2017


ডেটিঙ
======

দোঁ খাই থকা অনিদ্ৰাৰ তলেৰে তেঁও আহিছে,
ঘঁড়ীৰ কাটা দুডালে খেদি খেদি চুব নোৱাৰা বৰ্তমানত
মই তেঁওলৈ ৰৈ আছো
মৰি অহা গধূলি এটাৰ গেটত,
আৰু মাথো এই এটা গধূলিৰ বাবে তেঁও পিন্ধি আহিছে তেঁওৰ প্ৰিয়তম শূন্যতা
যি ঢাকি থব পৰা নাই মোৰ শোকৰ উদং গা ;

সকলো গছৰে সিদিনা পাতিবলগীয়া অলেখ কথা আছিল
যাৰ গুণগুণণিৰ তলত অধিৰ বেঞ্চবোৰে লুকুৱাই থৈছিল আলিঙ্গনৰ আখাৰা
আৰু চুমাৰ সুদীৰ্ঘ ক্লান্তি ,
প্ৰেমৰ গভীৰতাৰ পৰা আহি নিয়ৰবোৰ তিতিছিল প্ৰতিষাৰ
কথাৰ খিৰিকিৰ পৰ্দাত
পাত জপাই যাৰ বাবে জোপোহাবোৰে ঠাই এৰি দিছিল
অন্ধ আন্ধাৰক ;

ধূলিয়ে সাৱটি ধৰা জোতাত ক্ৰমশ
কোনো কেচুৱাৰ দৰে শুই পৰিছিল আমাৰ খোজ
আৰু সেয়ে সৰাপাতবোৰৰ হেলনীয়া দুখৰ কোনোবাখিনিত
আমি বহিছিলো ,
যি বিষন্নতাৰে তিতি আছিল ঘাঁহবোৰৰ সেউজীয়া চুলি
সেয়া মই তুলি দিছো তেঁওৰ হাতত
তেঁওৰ কাতৰ আঙুলিৰ পাৰতে ৰৈ আছিল মোৰ আত্মা
যিয়ে সেমেকাই তুলিছিল বিনম্ৰ শিলবোৰক ,
আৰু সেই প্ৰাচীন শব্দ এটাৰ কেঁকুৰিত
লগালগি হৈছিল আমাৰ ওঁঠৰ বৰফ
এটা নীৰৱতাৰ দোলক চকুমুদি দুলি আছিল য'ত
স্বপ্নমগ্ন সন্ধিয়াবোৰৰ ইচ্ছাত ,

দীঘল হৈ অহা গুণগুণণিৰ ঘাঁহবোৰৰ মাজত
আমি যেতিয়া নেদেখা হৈ আহিছিলো ইজনে সিজনৰ মুখ,
আমি কাক দেখিছিলো ?
সেই কথাবোৰটো কোনেও নাজানে
ওলাই যোৱাৰ চুক্তি কৰি
আমি যে সোমাই আছো নিজৰেই অভ্যন্তৰত,
মই তেঁওক জুমি চাও
তেঁও মোক জুমি চায়
কলাক্ষেত্ৰত কোনে বাই যায় শীত ?

তেঁওৰ কফিৰ কাপটোত অথবা
মিনাৰেল ৱাটাৰৰ বটলটোৰ ওঁঠত
সাৰে থকা স্পৰ্শৰ ইমান ৰূপালী কাইট
কোন বসন্তই মোৰ বুকুৰ পৰা ছিঙি নিব পাৰিব
কফিৰ গোন্ধবোৰে জানিছিল নেকি সিদিনা সেই কথা ??

ঘূৰণীয়া টেবুল চকীযোৰ য'ত
আমি উদযাপন কৰিছিলো নৈশব্দৰ উৎসৱ ,
আৰু হাঁহিৰ চাবুকবোৰ
যাৰ সিপাৰে সাৰে থাকে মোৰ আহত নিদ্ৰা
এই সকলোবোৰৰ বাবে সন্ধিয়াটো সিদিনাৰে পৰা
মোচৰ খাই থাকে মোৰ বুকু ভিতৰত !!

***********************************
jan 30 16

নিবেদন
======

মোক ওভতাই দিয়া মোক
মোৰ মৰ্মাহত দিন আৰু ৰাতিবোৰৰ বাবে,
জোনাক আৰু ডাৱৰৰ বাবে
আৰু আহত আলিঙ্গনবোৰৰ বাবে ,

তোমাৰ ৰাতিবোৰৰ পৰাই এই ধ্বনি,
আঙুলিবোৰত তিতি আছে
তোমাৰ কৰুণা
মোৰ হাতত তোমাৰ স্তনৰ নিয়ৰ;

মই তোমাক কি দিম
ওভতি অহাৰ এই উজ্বল পথ,
কোনো নাৰীৰ নাভিত উন্মোচিত হোৱা
নিৰ্জনতাৰ প্ৰথমটো অৰ্থ,

সকলো বাটৰ শেষত তোমাৰ আৰম্ভণি
তোমাক পাৰ হৈ কি পাম
চৰাইবোৰৰ কোৰ্হাল,
পোহ নমনা ৰাতিবোৰৰ বিষাদ
নে স্পৰ্শৰ অন্ধত্ব ?

নাঙঠ শব্দবোৰৰ শৰীৰ কপি আছে এতিয়াও
তোমাৰ ওঁঠৰ শীতত ,

মই তোমাৰ অলৌকিক অনুবাদ
উচ্চাৰণৰ স্বৰহীন প্ৰণয়ন !

**********************
june 22 16
নবেল বটা পোৱা কবিৰ কবিতা-১
======================
১৯৮৪ চনত Jaroslav Seifert সাহিত্যৰ নবেল বটা পোৱা প্ৰথমজন চেক নাগৰিক হিচাপে পৰিগণিত হয় । নবেল কমিটিয়ে তেওৰ কবিতা সম্পৰ্ক কৈছিল --"Endowed with freshness, sensuality and rich inventiveness .'' কবি Jaroslav প্ৰথমাৱস্থাত কমিউনিষ্ট আদৰ্শত বিশ্বাসী আছিল যদিও পিছলৈ তেঁও চেকশ্লভিয়াৰ কমিউনিষ্ট চৰকাৰৰ জনবিদ্বেষী কাৰ্যসমূহৰ বিপক্ষে কবিতাৰেই একপ্ৰকাৰৰ বিদ্ৰোহ ঘোষণা কৰি চৰকাৰৰ ৰোষত পৰে আৰু চৰকাৰে তেঁওৰ কবিতাসমূহৰ প্ৰকাশ আৰু প্ৰচাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে । এই নিষেধাজ্ঞাই তেঁওৰ জনপ্ৰিয়তা অনেকগুণে বঢ়াইহে তোলে আৰু Jaroslav Seifert চেক'শ্লভিয়াৰ জাতীয় কবি হিচাপে পৰিগণিত হৈ পৰে । এইজন স্বনামধন্য কবিৰ ''Sometimes we are tied down'' কবিতাৰ অনুবাদৰ এক প্ৰয়াস-
কোনো কোনো সময়ত...
================
কোনো কোনো সময়ত স্মৃতিয়ে আমাক
কেনেকৈযে জপটিয়াই ধৰে,
আৰু স্মৃতিৰ সেই জঁট খুলি নিজকে উলিয়াই অনাৰ
আমাৰ ওচৰত একো উপায় নাথাকে !
শিল্পীসকলৰ ঘৰৰ কাষৰ সেই দলংখন দেখিছানে ?
মোৰ সমুখেৰে খোজ কাঢ়ি গৈ থকা শ্ৰমিক এজনক
সেই দলঙখনৰ পৰা মাত্ৰ কেইখোজমান আগত
চিপাহীবোৰে গুলীয়াই হত্যা কৰিছিল ,
তেতিয়া মই কুৰি বছৰীয়া মাথো,
অথচ এতিয়াও যেতিয়াই সেইপিনেদি পাৰ হৈ যাও
সেই কথাটো মনত পৰে ।
মোৰ হাতত ধৰি কথাটোৱে মোক লৈ যায়
ইহুদী শ্মশানখনৰ সেই সৰু গে'টখনৰ মুখলৈ ,
যাৰ মাজেৰে মই পলাই আহিছিলো
তেঁওলোকৰ বন্দুকবোৰৰ আগৰ পৰা ।
ভগ্নপ্ৰায় খোজবোৰত ভৰ দি
এক তুমুল অনিশ্চয়তাৰ মাজেৰে
বছৰবোৰ পাৰ হৈ গৈছিল ,
আৰু সিহতৰ লগে লগে মই
জঠৰ হৈ ৰৈ থকা ক্ষণটোলৈকে
বছৰবোৰ বৈ গৈ আছে ।
********************
SOMETIMES WE ARE TIED DOWN. . .
Sometimes we are tied down by memories
and there are no scissors that could cut
through those tough threads.
Or ropes!
You see the bridge there by the House of Artists?
A few steps before that bridge
gendarmes shot a worker dead
who was walking in front of me.
I was only twenty at the time,
but whenever I pass the spot
the memory comes back to me.
It takes me by the hand and together we walk
to the little gate of the Jewish cemetery,
through which I had been running
from their rifles.
The years moved with unsure, tottering step
and I with them.
Years flying
till time stood still.
JAROSLAV SEIFERT
tr. from the Czech by
EWALD OSERS
**************************
 feb 13 2016
মেডুচাৰ নাও
=========
আৰু তাৰপিছত আমি ওভতি আহিছিলো
হাতে হাতে নিৰাভৰণ নৈশব্দ,
নিমখীয়া জোনাকৰ তলেৰে উটি আহিছিল
কৰুণ কাঠৰ নাওবোৰ,
অকলশৰীয়া যাতনাৰ পাৰত য'ত
আমাৰ নিৰন্ন আঙুলিয়ে তুলি লৈছিল
তেঁওলোকৰ কান্দোনৰ খোলাবোৰ ।
গোট মাৰি অহা কোনো নিৰ্জনতাৰ
দৰে আছিল ঢৌবোৰ । স্বপ্নহীন মাছবোৰৰ
চকুত ঠেকা খাই যি তিতি আছিল বালিৰ
হালধীয়া নিদ্ৰাত ।
আৰু ৰ'দৰ বাবে সেই প্ৰতিটো
দিনৰ নাভিত আমি যে ৰুই থৈছিলো
আমাৰ শবোৰ
আৰু হাতবোৰ অনিদ্ৰাৰ বালিচৰত ,
শাওলগা বুকুৰ মাটিত য'ত গজিছিল
ঘন শূন্যতাৰ অৰণ্য;
ওখ আন্ধাৰবোৰৰ অনিচ্ছাৰ গভীৰত
সোঁতবোৰ যিদিনা তিতিছিল
ডিঙিলৈকে তিয়াই আমাৰ জিভাৰ দুপাৰ,
আমি বগাই গৈছিলো এটা দূঃস্বপ্নৰ পৰা
আন এটা দূঃস্বপ্নৰ শেষহীন কাৰুণ্যলৈ ।
শীতে বিন্ধি যোৱা শামুকবোৰৰ দৰে আছিল
জয়াল নাঁওবোৰৰ আৰ্তি
জঙ্ঘাত যাৰ লাগি আছিল সমুদ্ৰৰ নখ ।
সেই ঢুকি নোপোৱা পাৰবোৰ
যি হয়তো মৰি গৈছিল
আমাৰ পিয়াহৰ আদিম পাৰত,
যি হয়তো ৰিণি ৰিণি জ্বলি আছিল
আমাৰ জঠৰ হাঁড়বোৰৰ ভগ্নস্তুপত ,
তাৰ কান্দোনৰ ঠিক তলতে আমি পুতি থৈছিলো
তেওঁলোকৰ নিদ্ৰাৰ পৰা ঘুৰি অহা সকলো চকুলো ।
ঢৌবোৰৰ ক্লান্তিয়ে তুলি লৈছিল
আমাৰ ওঁঠৰ অন্ধ জোন
লুণীয়া চকুবোৰত যি ডুব গৈ আছিল
এটা প্ৰাচীন কুঁৱাৰ অতল পুৰ্ণিমাত ।
আৰু বঠাৰ শেতা যন্ত্ৰণা
কোচ খাই পৰি আছিল সিদিনা
নিকৰুণ কোনো ৰাতিৰ নাঁওত,
যাৰ ইচ্ছাৰ তলেৰে আহোতে
পিয়াহে বিন্ধিছিল আমাৰ আঙুলিৰ জোনাক ।
তাৰপিছত শেলুৱৈবোৰৰ কোনো
উৱলি যোৱা স্বপ্নত আমি ওপঙি উঠিছিলো
প্ৰাচীন কোনো জীৱাস্মৰ দৰে ।
অনুতাপৰ দৰে যলৈ বৈ আহিছিল
দগ্ধ ঋতুৰ চৰাইবোৰ ,
আৰু সিহতৰ ডেউকাৰ ছাইৰঙী যন্ত্ৰণাত
সেই শোকৰ নিৰ্মমতা-
শিলত খুন্দিয়াই ঘুৰি অহা আমি বা
কোন ভীক্ষুকৰ বিফল প্ৰাৰ্থনা ??
***********************
( 1816 চনৰ ঘটনা, ফ্ৰান্সৰ মেডুচা নামৰ যুদ্ধজাহাজ খনে Mauritania বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে । কিন্তু ৩ দিন পিছতে জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত প্ৰায় ১৪৭ চন যাত্ৰীয়ে কাঠৰ এখন সাধাৰণ ভুৰ সাজি প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা কৰে । ভুৰ খনত থকা বিস্কুটৰ টিন কেইটা প্ৰথম দিনাই শেষ হয় , খোৱাপানীৰ বটল সমূহো টনা আজোৰাত নষ্ট হৈ পৰে । ইয়াৰ পিছতহে আচল বিভীষিকা আৰম্ভ হয় । ভোকে পিয়াহে জৰ্জৰ মানুহখিনি যেন ক্ৰমাৎ পশুলে ৰূপান্তৰিত হব ধৰে । নিজৰ মাজতে কাজিয়া আৰম্ভ হয় আৰু ভোকৰ আতিশায্যত বাচি থকা কেইজনে মৃত্যু হোৱা সমুহৰ মৃতদেহ ভক্ষণ কৰা আৰম্ভ কৰে । অকল সেয়াই নহয় আৰু দুৰ্বল তথা ৰোগী কেইজনকো হত্যা কৰি ভক্ষণ কৰা হয় তথা সমুদ্ৰত নিক্ষেপ কৰা হয়। অৱশেষত ১৩ দিনত দিনা উদ্ধাৰ কৰা সময়ত ভুৰ খনৰ ১৪৭ যাত্ৰীৰ মাত্ৰ ১৫ জনহে বাচি থাকে । এই লোমহৰ্ষক ঘটনাৰ আধাৰত বিখ্যাত ফৰাচী চিত্ৰকৰ Theodore Garicault এ 'Raft of Medusa' নামৰ কালজয়ী পেইন্টিঙ খন সৃষ্টি কৰে ।)
 march 4 16
*****************************
মহানাগৰিক
=========
অঘৰী শিলবোৰে বিছাৰি ফুৰিছে
জৰাজীৰ্ণ কোনো জোতাৰ চুমা,
উৱলি যোৱা চামৰাৰ গোন্ধত দীঘলিয়া
কোনো এক যাত্ৰাৰ ৰোমন্থন ,
স্থিতি আৰু গতিৰ পুৰণি দোমোজাত
উদাস ফুটপাঠ
শূন্যতাৰ মেনহ'ল;
ষ্ট্ৰীট লাইটৰ তলতে এডৰা সৰিয়হ ফুল
আৰু নাঙঠ জোনটো
জোনাকৰ কাটাতাৰৰ সিপাৰে !
তোমাৰ উপমাৰে সাৰে আছে
যাতনাৰ হেল'জেন,
ভালপোৱাৰ কেঁকুৰিত হৃদয়ৰ
অকলশৰীয়া হৰ্ডিং
জ্বলি আছে যি পূৰ্ণিমা হৈ অনিদ্ৰাৰ খিৰিকিমুখত ,
শূন্যতাৰ কংক্ৰিত ভাঙি গজি উঠা
মই ৰ'দৰ বিটপ
বৰষুণ হৈ তুমি
তিয়াই যোৱা এই দেহৰ মাটি
একাঠু নিৰ্জনতাত এতিয়া পোত গৈ আছে ৰাতিৰ দোতাৰা
আহা তুমিয়ে ময়ে গান গাও ভালপোৱাৰ,
তৰাৰ বুটাম মাৰি তেওঁ আহিব
ইটাৰ দমবোৰৰ যন্ত্ৰণা পাৰ হৈ
বৰষুণৰ এটা ঘোষণা লিখা আছে যাৰ সুহুৰিৰ দোৱানত ,
যি গানত ডুব গৈ থাকিব
টোপনিৰ শিল আৰু স্বপ্নৰ আলকাতৰা,
থোৰ মেলা ডাৱৰৰ সেইগান
আহা আমিও
ৰুই লও খৰাঙ ওঁঠৰ বালিত !
******************
may 7 16
মাহেকীয়া
=======
সেই ওঁঠৰ নিশাচৰ মেঘ
আৰু চকুত মুদ খাই থকা
হেলনীয়া ৰাতিবোৰৰ বাবে
হে ঈশ্বৰ তোমাৰ আৰু কিমান প্ৰাৰ্থনাৰ এলান্ধু !
জিঞাৰ পাখিবোৰে য'ত শুকুৱাই
নিয়ৰৰ ৰঙচুৱা পতা
তাৰ পৰাই প্ৰথমখন নদী ,
দীঘল ছাঁৰ অৰণ্যবোৰৰ বাবে
পৃথিৱীয়ে য'ত এদিন ৰুই থৈ আহিছিল
থোৰ মেলা হাড়ৰ গুটি এটা
আৰু ডুব নোযোৱা এখন নাওৰ বাবে
পাচটা ৰাতিৰ তৰা ;
শুকান খেৰবোৰৰ সাঁকো পাৰ হৈ আহিব নোৱাৰা
চপৰা চপৰ নিদ্ৰাৰ ডাৱৰ ,
আৰু নিসংগতাৰ শামুকবোৰৰ সৈতে
কুচিমুচি শুই থাকে
তেঁও দুপৰ বুকুত এটা মাজৰাতি ,
কিংবদন্তীৰ ওখৰ পৰা এঘটি পানীয়ে চাই থাকে
সেই শোকৰ সেমেকা ,
পিয়াহৰ নিজান পাৰত যি এদিন
নিৰ্বাসিত হৈছিল
ভালপোৱাৰ স্পৰ্শৰ পৰা ;
নিৰন্ন সেই ৰাতিবোৰৰ তলুৱাত আৰু একো নাছিল
হে ঈশ্বৰ ,
মোৰ কামিজৰ বুটামত যি হাতে গুজি থয়
বসন্তৰ তিনিটা জোন
বৰষুণে তিয়াই যোৱা এজাক ঘাহনিৰ পাৰত
সাৰে থাকে এতিয়া
সেই ঋতুৰ নিদ্ৰিত চৰাইবোৰ ,
আৰু তেঁওৰ উৰুত বাহ লোৱা
এবাহ সোণালী নিৰ্জনতাই
কুটা কঢ়িয়াই
মোৰ দগ্ধ আত্মাৰ পৰা তেঁওৰ
যাতনাৰ ফেৰেঙনিলৈ ,
মোৰ হৃদয় উদয় হব খোজে য'ত
সেই নিষিদ্ধ আলিঙ্গনৰ প্ৰতিটো টোপালত ;
আকৃতিহীন কোনো দুখৰ একোণত
সাৰে থাকে তেঁওৰ নৈশব্দৰ দোঁতাৰা
মোৰ বাবেই উন্মোচিত হয় যি
গোপন কোনো সৌন্দৰ্য্যৰ একাকীত্বত ,
কাৰণ বৈ অহা উদং ভৰিৰ যাতনাই
তেঁওক লৈ আহিব খোজে
 অস্পৃশ্য সেই শূন্যতাৰ সেমেকাৰ পৰা
মোৰ পূৰ্ণতাৰ উত্তাপলৈ !
*********************
5.8.2016

Sunday 1 March 2015

নদী
====

নদীৰ বুকুত বাজি থাকে মানুহৰ আজন্ম নিসংগতা,
কোনো সোঁৱৰণিৰ ৰিণিকি পাৰত
নদীৰ সতে মানুহৰ প্ৰথম দেখাদেখি
প্ৰথম সাক্ষাত্‍ ,

সোঁতত ওঁঠ থৈ তেতিয়াৰ পৰাই কিমান যে কথা
কিমান যে আচ্ছন্ন আলাপ !

কোনো বিশ্বাসী বন্ধুৰ দৰে নদীৰ পাৰবোৰে বুটলি লয়
মানুহৰ কৰুণতম অৰ্থ, বিষন্ন আগন্তুক, দগ্ধ প্ৰেমিক
অথবা
ঘুৰি নহা কোনোবা সৈনিকৰ প্ৰতীক্ষাত
নিমাওমাও নাৰীৰ মৌনতা;

যি সংগীতৰ নাম শূন্যতা
নদী তাৰ ওজৰহীন শ্ৰোতা,

নদী পৃথিৱীৰ প্ৰথম প্ৰেমিক
সময়ৰ ধ্যানস্থ প্ৰণয়,
নদী বৈ অহা গভীৰ আপেক্ষা
অৰণ্যৰ আদিমতম স্ত্ৰোত্ৰপাঠক;

নদী মানে বেদুইন মাটিৰ তপস্যা
নদী মানে নাৰীৰ গভীৰতা;

বৈ থকাৰ নামত
নদীওতো ৰৈ থাকে
সোঁতৰ সতে সলাই লোৱা ঠিকনাত,

যিদৰে,
জীয়াই থকাৰ নামত
সকলো মানুহেই আচলতে  যাপন কৰে
কেৱল কিছু স্মৃতি, কিছু সম্ভাৱনা !!

**********************
০১-০৩-১৫