Friday 21 September 2012


আবেলিটো কবিতাৰ দৰে আছিল
======================

আবেলিটো কবিতাৰ দৰে আছিল;
কবিতাত কেতিয়াবা কিছু দুখে
পাঠকৰ চকুৰে বুকুলে সোমোৱাৰ
বাট বিচাৰি থকাৰ দৰে,
আবেলিটোতো কিছু উদাসীন শূন্যতা
উচ্‌পিচাই ৰৈ আছিল
কোনোবা একাকী কবিৰ কবিতাৰ
বোকোচাত উঠিবলৈ;

আবেলিটো কিন্তু নিসংগ নাছিল
নিঠৰুৱা হৈ আবেলিটোৰ আশে পাশে
উৰি ফুৰিছিল বেলিৰ ডুবু ডুবু গোন্ধ;
যেন আবেলিটো আকাশ
আৰু গোন্ধবোৰ দোলকটা চিলা
বতাহ আহিলেই
আবেলিটোৰ পিছফালে লুকাই
কান্ধৰ ওপৰেৰে গোন্ধবোৰে জুমি জুমি চায়
বদমাছ বতাহজাক গ’লনে নাই;

আবেলিতো তৰুণ প্ৰেমিকৰ দৰে
অহংকাৰী অথচ উত্‍সাহী আছিল;
নৈখনৰ এটা পাৰত বহু সময়
সি কিবা ভাবি বহি আছিল,
কহুৱাৰ ফুলবোৰ অস্থিৰ হাতেৰে
লিৰিকি বিদাৰি চাইছিল,
নৈখনত ঢৌপোৱালিবোৰৰ
ৰঙিয়াল দুষ্টালিবোৰ
আবেলিটোৱে যথেষ্ট আগ্ৰহেৰে প্ৰত্যক্ষ কৰিছিল;

আবেলিটোৰ কিজানি যাবৰ মন নাছিল
কিন্তু বেলি ডুবাৰ আগেয়ে
কিবা ভাবি সি গুচি গৈছিল,
যেন সি কাৰোবাৰ আপেক্ষাতহে আছিল
সময়মতে নহা দেখি
খঙাল অভিমানতে ততাতৈয়াকে গুচি গৈছিল;

আবেলিটো যোৱৰ পিছত
কিছু সময়ৰ বাবে কহুৱাবোৰ
আবেগিক হৈ পৰিছিল,
দুষ্ট ঢৌ পোৱালিবোৰে ভাবিছিল
আবেলিটো সিহতৰ বাবেই খঙত গুচি গৈছিল
সেয়ে সিহতো সুৰসুৰকৈ ঘৰ সোমাইছিল;
আবেলিটো আচলতেই এটা কবিতাৰ দৰে আছিল !!

*********
১৮-০৭-০৩


বৰষুণৰ ৰাতিত এজন কবি
=================

ওৰে ৰাতি বৰষুণ দিয়াৰ পিছত
ৰাতিপুৱালৈ আকাশখনে শোৱাৰ যো-জা কৰিছিল;
কিন্তু কবিৰ দুচকু আছিল আমেজহীন, আবেগহীন
আৰু বৰষুণে ধুওৱা সেউজীয়াবোৰ
অনুবাদ কাৰিবলৈ অনুভুতিবিহীন ;
ওৰেটো ৰাতি মমৰ বিষাদময় পোহৰত
বেষ্টিত হৈ ৰৈছিল কবিৰ ভাগৰ,
বৰষুণৰ অস্থিৰ ভুণভুণণিৰ মাজতো
যোৱাৰাতি সি শুনিছিল
এটা নৈপৰীয়া নিচুকণি গীত
বৰষুণৰ ফাকে ফাকে গা বচাই
শব্দকেইটা যেন তাৰ কাণলৈকে আগুৱাই আহিছিল,
সোঁৱৰণিত যাৰ শুই আছিল তাৰ অতীত;

ওৰেটো ৰাতি বৰষুণ দিছিল,
নিহালী তলৰ উমবোৰো
কবিৰ আপেক্ষাত এসময়ত ভাগৰি পৰিছিল,
কিন্তু কবি শুব পৰা নাছিল;
নৰীয়াগাৰে কপি কপি তাৰ মেজত
মমৰ পোহৰৰ উম লৈ পৰি আছিল এটা কবিতা,
এমুৰে দোৱাতৰ ভিতৰৰ শূন্যতাত
আন্ধাৰৰ আৰ লৈ বেচ আমেজেৰে
আওজি আছিল এটুকুৰা ক্লান্ত নীৰৱতা;

শেষ প্ৰহৰ ৰাতি
জোনাকী পৰুৱা কেইটামানে
ভুমুকিয়াই চাইছিলহি কবিৰ কোঠা,
কিন্তু কবি শোৱা নাছিল
ছাদত তেতিয়াও বৰষুণৰ ব্যস্ততাৰ অহা যোৱা ;

ওৰে ৰাতি বৰষুণ দিয়াৰ পিছত
চিনাকি কবিৰ কোঠাত
ৰাতিপুৱাটোৱে অচিনাকি গাভৰুৰ দৰে
লাজ লাজকৈ সোমাই দেখিছিল
কবি তেতিয়াও শোৱা নাছিল,
মেজতে মুৰ থৈ নিস্পন্দ বুকুৰে
কবিয়ে জানো কি ভাবি আছিল
মমদালো দেখোন তেতিয়ালে নুমাই আছিল ;

************
১০-০৫-০৩

অনুভৱত শৰত্‍
=========

ছেপ্তেম্বৰৰ বেৰা বগাই
মোৰ কেলেণ্ডাৰৰ পাতত
টিকটিকাইছেহি শৰত্‍ৰ জেঠী;
ফিৰফিৰিয়া শীতৰ চোলা পিন্ধি
বতাহো হ’লহি নতুন আলহী;

চালনীত এনেকৈ
কোনে জানো চালিছিল নিজান জোনক,
ৰাতিৰ গালে মুখে দেখোন এতিয়া
জোনাকৰ ধূলি;
সুদীৰ্ঘ শূন্যতাৰ পৰা যেন
বিয়োগ কৰি থও নিজক,
উদাসীনতাৰ সাথৰ ভাঙি পাৰ হৈ যাও মোৰ
একান্ত অতীত, বিশ্বস্ত বৰ্তমান,
পালন কৰো বিষাদৰ মুকলিত
ভালপোৱাৰ হীৰক জয়ন্তী
সুললিত, সকল্যাণ;

নিয়ৰৰ ফেচকুৰি মোহাৰি
আজি পুৱাই,
শেৱালিৰ গোন্ধটোৱে নদীখনক জোকাইছিল;
বাৰাণ্ডাত আহিনৰ চাদৰ শুকুৱাই
হঠাতে উচপ খাই উঠিছিল
বিধৱা কঁহুৱাই,
ৰ’দৰ শিতানত যেন গধুলিগোপালৰ গোন্ধ,
যোৱা ৰাতি তেওঁ আহিছিল হবপায় !!

**********
১৫-০৯-১২

Saturday 8 September 2012


ঈদিপাস ঈদিপাস
=============

সেয়া নিশ্চয়কৈ এটা পদধ্বনিৰ গোন্ধ নাছিল,
উভতি চাই যাক দেখা নাপালো
তেঁও এটা ভুল নাছিল
কিম্বা ভ্ৰান্তিৰ প্ৰক্ষেপ;
এটা সৰিসৃপ শীতলতাৰ পিছল প্ৰশ্বাসত
মাথো লাহে লাহে পাক খুলিছিল
এটা শাওলগা গাঠি;

কোনোবাখিনিত এটা চিঞৰ হালি পৰে
শূন্যতাৰ বিয়লি পাৰত এখন মুখহীন দাপোনত
থৰ লাগে এটা ছাঁ,
এটা ৰাতিৰ বাউসীত
এটা যাত্ৰাৰ বাবে প্ৰথম প্ৰস্থানৰ যি শূন্যতা
তাত গজে এটা বিশ্বাস,
অভিশপ্ত নাৰীৰ স্তনত ওঠ থৈ
এটা সোনালী মাছ;

দহজন দেৱদূতৰ সমস্বৰ বগাই যায়
ঘোঁৰা হৈ সপোনৰ নাভিত,
ম‍ই এখোজ কাষ চাপো মোৰ
পলাতক সমুদ্ৰৰ খোজৰ নুপুৰ বাজি উঠে
সেই এটা নিদ্ৰাৰ নগ্ন ভৰিত
যি মৃত্যুতকৈ কোনোগুণে উষ্ণ নাছিল;

সকলো পাপৰ বাবে ম‍ই নাড়ীত ৰুই থও
এটা জুইৰ কোমল গোলাপ,
আৰু শান্ত নিৰ্জু
কোনো নাৰীৰ দেহৰ দৰে
জ্বলি ৰয় মোৰ নিৰ্ভয় নিমাত শ্মশান;
প্ৰতিটো উশাহৰ কিনাৰত ম‍ই ৰুই গলো
এটা কান্দোনৰ পুলি,
চুই চালো মোৰ আত্মীয় নাৰীৰ নিজান নগ্নতা
উচুপনিৰ নিমাত দলঙেদি পাৰ হলো
বিচ্ছেদৰ তপত উত্‍স
তথাপিও শেষত  ম‍ই মোক হেৰুৱালো;

ঠিক মৃত্যুৰ আগত উচ্চাৰণ কৰিবলৈ
এটা শব্দৰ বাবে
ম‍ই তেঁওৰ হাতত বাকি দিম এটা আকাংক্ষাৰ মোহৰ,
তেঁওৰ-
যাৰ শৰীৰ এটা পাপৰ নিৰ্বাণ
যাৰ হাহি এটা নৈবেদ্যৰ ফুল
আৰু যাৰ বাবে আত্মাৰ অব্যৰ্থতাত বিন্ধি থাকে
মোৰ এদাল সপোনৰ হুল !!

***********
০৮-০৯-১২

Friday 7 September 2012


সূৰ্যাস্তৰ প্ৰাৰ্থনা
==========

সূৰ্য স্মৃতিৰ ছায়া
নিহত ৰ’দৰ তাপিত চিতা;
বিদ্ৰোহী এটা স্বপ্নৰ সীমান্তত
এটা  প্ৰেমিক ৰাতিৰ মৃত্যুৰ
নিৰ্মোহ হুকুমনামা;

শংকা আৰু সন্দেহৰ বহুত সুৰ্যাস্ত
এৰি থৈ আহি
জ্বলি ৰয় আন এটা বেলি
তেঁওৰ সেঁওতাৰ ৰ লগা ৰাতিপুৱা;
শূন্যতাৰ খ্যাতিময় বৃত্তত মুখ গুজি
যেন কপিহে ৰয়
এচিকুট অনিবাৰ্য বিষাদৰ সেন্দুৰীয়া;

বুকুৰ পুতলত মেলি দি
ৰাতিৰ নিতাল চাদৰ
আন্ধাৰ হোৱা হ’লেই ভাল আছিল অলপ,
স্বপ্নজ স্পৰ্শৰ সুবাদত
কিংবদন্তি এটাৰ হাতত ধৰি
গুচি যাব পাৰিলোহেতেন
নিজান হাতৰ তলুৱাত লিখি লৈ
শূন্যতাৰ উত্তাল প্ৰাৰ্থনা !

**********
০৭-০৯-১২

কথক
=====

কিছুমান শূন্যতাৰ কোনো প্ৰতিশ্ৰুতি নাথাকে,
বেচিজিল এই বিষন্নতাৰ
কৈফয়ত্‍ দিব পৰাকৈ
আয়োজন নাথাকে সকলো উদং বৰ্তমানৰ;
তেঁও কয়
ৰীতি আৰু অৰ্থৰ সকলোবোৰ দায় পাৰ হৈ
আমি হেনো এদিন সম্পুৰ্ণ হ’মগৈ;
তথাপি
আশ্বস্ত ৰাতিৰ বয়স বুটলি
আজি অলপ হৃদয় মোৰ জ্বলিছে
অলপ নিশ্চয় তেঁওৰ

সকলো উন্মাদনাৰেইতো এটা যুক্তি থাকে
যুক্তি থাকে সকলো পাপৰ !!

***********
০৫-০৯-১২