Wednesday 15 February 2012


ফাগুণ
------

চোৰাং চিকাৰীৰ দৰে ফাগুণ আহে,
শীতৰ সংৰক্ষিত উদ্যান হৈ,
আৰু যন্ত্ৰণাৰ বাহ বান্ধে
বুকুৰ পিছল ফেৰেঙনিত;
হিয়াই হিয়াই ফাগুণে লালন কৰে
বান্দৰৰ ঘাৰ দৰে বহল হৈ গৈ থকা শূণ্যতা
আৰু বৃদ্ধ শিমলুৰ ৰিক্ত নষ্টালজিয়া ;

সকলোকে কব নোৱাৰা
ফাগুণৰো কিছু কথা থাকে l
বাঘ মকৰা হৈ কথাবোৰে
ফাগুণৰ চকুত জাল বান্ধে
য’ত
চকুপানীবোৰ ফাচ লাগি মৰে ;
সেয়ে প্ৰেমত পৰিও ফাগুণে কান্দিব নোৱাৰে !

ফাগুণত ছোৱালীবোৰৰ ওঠৰ বিষাদ
সুহুৰি হৈ শুই থাকে গাৰুৰ তলত,
জোনাক এজন সুঠাম ডেকা হৈ
খোলা খিৰিকিয়েদি সোমাই আহে উদং গাৰে

ফাগুণৰ ৰাতি তেওৰ খিৰিকিমুখত
বাদুলী হৈ ওলমি ৰয় মোৰ ভালপোৱা !!

No comments:

Post a Comment