Wednesday 22 February 2012


 তেজীমলা
-----------------

নদীখন এটা ওভতনি গান,
তেজীমলা
তোৰ বুকুত আপেক্ষাৰ শামুক !
কিমান শতিকাৰ লেফাফা খুলি
ৰৈ আছ তই শোকৰ ইস্তাহাৰত ?
জলচৰ ঈৰ্ষাৰ নাৱেদি বগাই আহিছে
বেদনাৰ মিচিচিপি
আৰু এজাক সামুদ্ৰিক নিদ্ৰা
তেজীমলা !
জৰাকাজিৰ এটা কুমাৰী গোন্ধ
উৰি আহিছে উছুপনিৰ চিঠি লৈ,
উশাহৰ ভুকভুকনিত  গোট মাৰা
তোৰ বুকুৰ গান্ধাৰ অমৃত চেলেকি চেলেকি
মৃত্যু এটা নোদোকা ভেকূলী,
নিৰক্ষৰ সময় আৰু স্থিতিহীনতাৰ শিলালিপি !
তয়োতো জান-
য্ন্ত্ৰণাৰ কুমজেলেকুৱা কিমান এলেহুৱা.... !!

এটা কান্দোনৰ সিপাৰে
শালিকাৰ ঠোটত গুজি নিঃকিন দূপৰীয়া,
তেজীমলা তোৰ চুলিত ওলমিছে
এটা গৰখীয়া সুহুৰি l
কিমাননো লেখিবি আৰু বনিজৰ নৌকা ?
এৱা সুতাৰ গধূলিত এতিয়া
বগাব ধৰিছে বেদনাৰ সৰিসৃপ ;
দে দে মেলি দে
আহত সময়ৰ বেজাৰমুৱা নক্সা,
অতীত হওক আৰ্তনাদৰ গাও
আৰু সম্বন্ধৰ সকলো দোমোজা !!

(পুনশ্চঃ
নিৰুদ্দেশ চহৰৰ সম্ৰাট হৈ এদিন
ঈশ্বৰে মেলি দিছিল দুহাতৰ হুমুনিয়াহ
তেজীমলা, তেজীমলা, আৰু তেজীমলা....)

No comments:

Post a Comment