Wednesday 15 February 2012


বীক্ষণ
------

এটা মুহুৰ্ত্তৰ কাৰচাজিত কেতিয়াবা
আমি অচিনাকি হৈ পৰো পৰস্পৰৰ,
আৰু খেপিয়াই ফুৰো সম্পৰ্কৰ অণুবীক্ষণত
চিনাকি অচিনাকিৰ জীৱাণু

ভালপোৱাৰ আফিঙ হুপি জানো পৰি থাকিব আজন্ম
নিজৰ পৰা দূৰত ??
দেহাতীত এটা লহমাৰ কৌশলত কেতিয়াবা
আমি বেয়াকৈ ধৰা পৰি যাও নিজৰ ওচৰত !!
আচলতে
পাপৰো আছে এক নিস্পাপ সৌন্দৰ্য্য;
নিৰাকাৰ এক প্ৰহেলিকাৰ হাতত ধৰি
সময়ৰ এটোপাল শিল্পত
দেহৰ দেৱাল ভাঙি যাব খোজে মোৰ অস্থিৰতা
আত্মাৰ পৰা অৰ্থলৈ,
ভালপোৱাৰ পৰা কৰুণালৈ....!!

প্ৰত্যাখিত আত্মাৰ নাভিত চিৰকাল বাজি থাকে
এটা নাৰাজ উচপিচনি;
হাতত ধৰি ওলাই আহ
অ অচিনাকি শূন্যতা
বুকুত লাগি ৰওক অপূৰ্ণতাৰ খোজ
আৰু এক পৰমাৰ্থিক স্পৰ্শ....;

No comments:

Post a Comment