মৃত্যু
-----
হিৰণ্ময় পোহৰৰ উদ্যানত ৰুই আহি
এটা মইহীনতাৰ আয়োজন,
সম্প্ৰতি মই এটা নিৰ্বিবাদ মৃত্যুৰ স্বীকাৰোক্তি ;
নিজৰ পৰা পলাই যাও যদিওনো ক’ত ?
আকাংক্ষাৰ বাস্প হৈ এদিন যিটো শাওনক তিয়াইছিলো,
এতিয়া তাতো আৰিব নোৱাৰো মোৰ মৃত্যুৰ ইস্তাহাৰ;
শূণ্যতাৰ প্ৰহৰীয়ে অহৰ্নিশ ঘেৰাও কৰে
মোৰ দয়িতা অহংকাৰক
-প্ৰাপ্তি যাৰ পোছাকী নাম !
মৃত্যুৰো হাবিয়াস বহুত......!
প্ৰহেলিকাৰ আহ্নিক চহৰত
শব্দ নিখোজ হয় প্ৰতিটো কিশোৰ দিনত;
বাট হেৰুওৱা সন্তাপে আত্মাৰ গভীৰত
মেলি ধৰে সূৰ্যাস্তৰ বেহানি;
চেতনাৰ বিস্তৃতিত উদযাপিত হৈ ৰয়
কবিতাৰ লঘোণীয়া দিনৰ মাঘ ,
সৃষ্টিসম্ভ্ৱা শব্দৰ কাৰুণিক ঐশ্বৰ্য্য !!
******
(২৫-০১-১২)
No comments:
Post a Comment