Tuesday 21 February 2012


সিহত ভিক্ষাৰী
-------------

মানুহ নামটোৰ সিহত উপলুঙা,
ভাষা চকু, কাণ আৰু দুঠেঙীয়া -
এয়াই যদি মানুহৰ সংজ্ঞা,
জীয়াই থকাতোৱেই যদি জীৱনৰ একমাত্ৰ চিন্তা,
তেন্তে সিহতো মানুহ,
সিহতো সভ্য.....
ফুটপাথৰ কোণত, বাছ নোৰোৱা বাছষ্টেণ্ডৰ চুকত থাকে
সিহতৰ সভ্যতাৰ লাম-লাকটুৰ বেহা,
আধুনিকতাৰ উন্মত্ত ঘোৰাই উৰুৱা ধূলিত
সদায় একাকাৰ হয় সিহতৰ ভোকৰ ধোৱা;

চেঙেলীয়া মহানগৰীৰ গাভৰু কোলাহলত
সহজেই হেৰাই যায়
সিহতৰ মুখৰ বুভুক্ষু কবিতাৰ স্বৰলিপি,
জোনাকত সিহতেও উজাগৰে থাকিব জানে,
জোনৰ বাবে সিহতেও কবিতা লিখাৰ হাবিয়াস কৰে-
"আস; জোনটো যদি ৰুটি হলহেতেন..."

হিন্দু, মুচলমান বা খ্ৰীষ্টান -?
একো নহয় সিহত-কেৱল ভিক্ষাৰী,
ঈশ্বৰৰ প্ৰতিখন দুৱাৰমুখতে আৰম্ভ হয় সদায়
সিহতৰ শেষ হব নজনা শাৰী,
তথাপি
এসাজ পেট ভৰ্তি খানা
সিহতৰ বাবে এক আদিম সাধুকথা ;
মহানগৰৰ প্ৰতিটো অলি-গলি, বাইলেনত,
কলেজ গে’টৰ সমুখত
সিহতে খেপিয়াই ফুৰে কেৱল
জীয়াই থকাৰ কিছু খুচুৰা প্ৰেৰণা

জন্ম সিহতৰ বাবে মাত্ৰ
কামনাৰ লাজহীন প্ৰকাশ ,
ফুটপাথৰ ৰাতিৰ যৌৱনৰ এক গোপন বিশ্বাস !
আৰু মৃত্যু-?
মৃত্যু সিহতৰ কাৰণে কোনো শিল্প নহ্য়
চকুলোৰ শৃংখলিত খোজৰ বিশ্বজনীন শব্দও নহ্য়;
মৃত্যুটো সিহতৰ বাবে এক চূড়ান্ত অশিল্প,
আকৰ্ষণীয় অভিনৱত্বৰ এক প্ৰাত্যহিক মৈথুন মুদ্ৰা
আৰু মিউনিচিপেলটিৰ গাড়ীৰ
অনিচ্ছাকৃত আগ্ৰহৰ বাধ্যবাধকতা !

চেৰেলা কুকুৰৰ লগত একেলগে
টোপনিৰ খেতি কৰি
সিহতেও স্থান পায় কবনোৱাৰাকৈয়ে
কোনোবা বাতৰি কাকতৰ চুকত;
সভ্যতাৰ এৰেহা বুটলি
সিহত জীয়াই থকাৰ বাবে জী থাকে
নিতান্তই মানুহ হোৱাৰ দুখত;

কিন্তু সিহততো মানুহ নহয় !!
বীৰ্যহীন সভ্যতাৰ ডাষ্টবিনত
বিবেক আৰু ঈশ্বৰ বিচাৰি ,
সিহত কেৱল ভিক্ষাৰী
অ সিহত কেৱল ভিক্ষাৰী....!!
   -----
                   ২২-০২-০৩

No comments:

Post a Comment