Friday 24 August 2012


শংকৰদেৱ পাৰ্কত নিশিগন্ধাৰ সতে
এটা দেওবৰীয়া আবেলি
=======================

শংকৰদেৱ পাৰ্কৰ এটা নিৰ্দোষ আবেলি
নিশিগন্ধা,
তোমাৰ কথাৰ লয়লাসত
সাৰ পাব খুজিছিল
পৃথিৱীৰ সমস্ত সেউজীয়া !
ভৰলুমুখৰ হালধীয়া ৰ’দৰ মাছ,
জপিয়াই পৰিছিল
তোমাৰ গলধনৰ তিনিটোপাল ঘামৰ নৈত;

এটা !
মাথো এটা
দুঘন্টীয়া সুখৰ আলাপ,
ভালপোৱাৰ এটা সহজ সমতুল সমীকৰণ,
তোমাৰ ওঠত চুমাৰ ব্যাকৰণ আৰু
খং আৰু অভিমানৰ
নিয়মমাফিক পূৰণ-হৰণ;
অথচ
কিমান প্ৰস্তুতি কিমান আয়োজন !!
নিশিগন্ধা তুমিতো গুছি গলাগৈ,
দোপাট্টাত সামৰি লৈ গুলপীয়া লাজ
আদহীয়া চিটিবাছৰ হাতত ধৰি....
বিমৰ্ষ বাছষ্টপেজটোৰ দৰে
মোৰো বুকুৰ নামনিত এতিয়া
এটা কণমানি বিষৰ বালিমাহী,
যাৰ খোজত ভাঙি পৰে
হৃদয়ৰ পৰা হৃদয়লৈ বৈ নাহিবৰ কাৰণে দিয়া
দুখৰ পাগলাদিয়াৰ মথাউৰি !
আস !
আৰু যদি বাগৰি থাকিব দিলাহেতেন
কিছুসময় তোমাৰ কান্ধত
মোৰ বেইমান নিদ্ৰাহীনতা
আৰু যদি....

নিশিগন্ধা তুমি নাজানা,
তুমি সচাকৈ নাজানা
তোমাৰ বুকুত এটা নাৰাজ প্ৰেমৰ কবিতা
তাৰ প্ৰতিটো বৰ্ণক, প্ৰতিটো আখৰক
ওলাই আহিবলৈ অকণমান বাট এৰি দিয়া,
অকণমান বাট এৰি দিয়া
এটা সুঠাম উচ্‌পিচনিক বাহ বান্ধিবলৈ
এবুকু শূন্যতাৰ বিজ্ঞাপন
আৰি লোৱা চকুত
সাতপাহ তেজৰ গোলাপ ৰুবলৈ !
তোমাৰ ওঠৰ আদ্ৰতাত
জীপ পাই উঠে মোৰ
একৈশটা বসন্তৰ মাত নুফুটা দুখ
এবুকু সুখৰ অজুহাতত মাতাল হৈ
ম‍ই পাঠ কৰো প্ৰতিনিয়ত
ৰাতিৰ নেওঁতা,

এটা শূন্য অনুভৱৰ দৰে অনুভৱ কৰো
আন এটা অনুভৱৰ হ্ৰস্বতা;

নিশিগন্ধা এতিয়াতো তোমাৰ পৰা মোলৈ
এটা উশাহৰ দূৰত্ব,
বতাহজাক এটা দহিকতৰা চৰাই হৈ
ঠোটত গুজি আনিছে মোলৈ
প্ৰতীক্ষাৰ সমৃদ্ধ বৰ্ণ
মোক আবৰি মোৰ বেহিচাপি কোঠাত
এতিয়া আবতৰীয়া বসন্ত !!


সাজি কাচি মোৰ দুৱাৰমুখত
পুনৰ এটা দেওবাৰ,
চকুত লাজৰ কেক্‌টাছ
আৰু ওঠত ভালপোৱাৰ চাবুক লৈ
এবাৰ নহলে ৰুমলৈকে আহিবা;
তোমাৰ বাবে
খিড়িকিত আৰি দিম মেঘৰ পৰ্দ্দা,
মিউজিক চিষ্টেমত বজাই থম
তোমাৰ প্ৰিয় গান-নিসংগতা
দুচকুত লৈ দুটা কৰুণ বেলি
এবাৰ নহলে
মোৰ দুচকুলৈকে আহিবা.....!!

*********

১৬-০৫-০৪





No comments:

Post a Comment