এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি
====================
এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি,
চোতালত পৰি থকা
দুপৰীয়াৰ ক্লান্ত ছাঁৰ দৰে
বিদায় নোলোৱাকৈ,
মনে মনে মাত নলগোৱাকৈ ?
নৈ খনৰ সিপাৰে
আবেলিটোৱে এতিয়াও মন মাৰি আছে
তোমাৰ সুহুৰিৰ মাত শুনিবলৈ;
নৈ খনত পানী একাঠুও নাই
কিন্তু আহিব পৰা নাই সি
ইপাৰে যে গছৰ তলে তলে,
আলিৰ কাণে কাণে
ৰ’দৰ মৃতদেহ !
শুকাই কৰকৰীয়া লাগিছে
পুৱাবোৰ, গধুলিবোৰ আৰু....
আৰু দিনবোৰ
এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি
সজল স্মৃতি আৰু গৌৰৱৰ নামান্তৰ হৈ
সুখৰ মোনাত সকলোবোৰ দুখ সামৰি;
জুহালৰ গৰম ভাত আয়ে এতিয়াও ৰখি আছে
তুমি যে ওলাবহি পাৰা
যিকোনো মুহুৰ্ত্ততে ভাগৰি জুগৰি !
উত্কণ্ঠাৰ শেষ পৰিসীমাত
দৃষ্টিৰ আঁৰৰ দুটি দৃষ্টিয়ে
ঘনে ঘনে বিবস্ত্ৰ কৰিছে
বাটচৰাৰ প্ৰতিটো শব্দময় উত্স,
বুজনি দিছে নিজকে বাৰে বাৰে
তুমি আহিবা কিজানি
পুৱাৰ পিছত গধুলি, গধুলিৰ পিছত ৰাতি ;
সিহতেতো নাজানে
তুমি যোৱাৰ বাটেৰে
আগুৱাই আহিছে মৃত্যুৰ নৈখন
বাটে বাটে জীৱন বুটলি;
এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি.....?
***********
( সন্ত্ৰাস দমনৰ নামত সেনাৰ হাতত মৃত্যু হোৱা প্ৰতিজন নিৰপৰাধ অসমীয়া ডেকাৰ স্মৃতিত )
২৭-০৪-০৩
No comments:
Post a Comment