Wednesday 1 August 2012


তেজা আৰু তেজা
===============

বিবশ প্ৰণয়ৰ এটা হাবিয়াস হৈ
তেওঁ নামি আহিছিল
বুকুলে পোণাই বাট;
হৃদয় ভৰি তেওঁৰ শূন্যতা
আৰু শূন্যতা ভৰি তেওঁ;
কাৰ চকুলে চাই এতিয়া চেকুৰি যায়
দুঃসময়ৰ ৰঙাঘোৰা ?
শোকৰ পাতত নিয়ৰ গোটাই
এজাৰো যে নিজাৰ পৰিল অ’ তেজা,
কাৰেঙৰ দেৱালৰ এলাগী ফাটত
কেতিয়া বা গজে এতিয়া উলাহৰ ল’ৰাজবা;
প্ৰতিশ্ৰুতিৰ পিছল বাটৰ
কুমাৰী পানীৰ ডোং,
পাৰ হৈ তোৰ বুকুলে তেজা
আহেনো কোন আহেনো কোন ?

সেই বাটে নাযাবি
অ' মোৰ লাহৰী তেজা
মিনাকৰা সেঁন্দুৰীয়াত নিদিবি খোজ,
শাঁখিনী দুৱাৰগৰীয়াই মেলি দিব
অমঙ্গলৰ মজিয়া,
সতিনী কলপুলিয়ে
থপিয়াই চাব তোৰ বেথাৰ গহনা,
বহনা হিয়াত লৈ বিষাদ-শালিকী
চাউলধোৱা ঘাটে নুঠিবি তেজা
চাউলধোৱা ঘাটে নুঠিবি;

ববচা হিয়াৰ ডাল জোকাৰি
যিয়ে পাৰি লৈ যায়
তোৰ চকুপানীৰ ডালিম,
সেই বুকুতে সপি থ তোৰ
বেজাৰৰ জোঁনবিৰি,
সেই চকুতে গুজি থ তোৰ
পদুমপতীয়া সপোন;

সোণৰ সজাঁৰ ত‍ই
তেনেই নুমলীয়া বিষাদ,
জলঙাইদি উচুপনিৰ তোৰ
কেতিয়া যে সোমাব পাটমাদৈ জোনাক,
জেতুকাপাতত নুৰিয়াই উৰুলিৰ মেজাংকৰি
কি ৰঙেৰে বা বোলাইহি
সুবৰ্ণ পুৰুষে
তোৰ আকুলতাৰ কিংখাপ ?

ডালিম পককেই বা নপকক,
ৰূপৰ পাল্‌কীৰ মাতত ঘুমতিৰ বগৰী
সৰকেই বা নসৰক;
ম‍ই থাকিম তেজা
বৰকাঁছ হৈ সদায়েই তোৰ পুখুৰীপাৰত,
ম‍ইনাৰ মাত হৈ গুণগুণাম
তোৰ দুখৰ ওঠত
এজাৰ হৈ ফুলি ৰম আজন্ম
দৰদী তোৰ বিষাদবনত !!

***********
১-০৮-১২





No comments:

Post a Comment