Saturday 11 August 2012

অৰ্ধাঙ্গিনী
=======

সাতটা আমৰ পাত
আৰু এটা মাটিৰ চাকিৰ পোহৰত
তেওঁ এটা জলদগম্ভীৰ আৰাধনাৰ শ্লোক,
মোৰ আকাংক্ষাৰ কোমল ৰুদ্ৰাক্ষ ;

তেজত তেজ হৈ শিপায় মোৰ
তেওঁৰ সুখ কিম্বা অশ্ৰুশান্ত বিষাদ;

কোনো দেৱদূতৰ পৱিত্ৰ ডেউকাত ভৰ দি
থিয় হোৱা
তেওঁৰ প্ৰথমটো চাৱনিৰ সেন্দুৰীয়াত,
সম্পূৰ্ণতাৰ প্ৰথমটো অপলক স্পৰ্শত
ম‍ই ম‍ই হৈ জী উঠিম
আৰু তেওঁ তেওঁ;

তেওঁৰ অভ্যন্তৰৰ এজোপা শিৰীষৰ ছাঁত
স্থাপন কৰি মোৰ আৰাধ্য বিষাদক
তেওঁ হব মোৰ উপাসনাৰ সুনীল প্ৰজ্ঞা,
আৰু ম‍ই
তেওঁৰ দেহান্তৰিত স্পৃহাৰ কমণ্ডুল  ;

কিন্তু তৰংগমুখৰ যি নৈশনদীৰ সোঁত
বৈ থাকিব সেইজোপা শিৰীষৰ শিপাত,
তাৰ প্ৰতিধ্বনি জানো ম‍ই কেতিয়াবা
স্পৰ্শ কৰিব পাৰিম ?
পৰিচয়ৰ সকলো সুত্ৰৰে চিনাকি হৈও
আমি হয়তো অচিনাকি হৈ ৰ’ম
স্পৰ্শাতীত কোনোবাখন দাপোনৰ আগত,
অজ্ঞ হৈ ৰ’ম হয়তো ইজনে সিজনৰ
আত্মীয়তাৰ সকলো পোছাকৰ তলত;

আৰু এই সনাতন অজ্ঞতাই হ’ব আমাৰ
প্ৰশান্তিৰ আশ্ৰয়ভূমি, সমৰ্পনৰ উৰ্বৰতা
আৰু জীৱনৰ শ্ৰেষ্ঠতম আশীৰ্বাদ !!

**************
১০-০৮-১২

No comments:

Post a Comment