ফুলশয্যা
---------
এতিয়া কি দিও তোমাক !
অধোমুখ এই স্পৰ্শাতীত লহমাত
স্পৰ্শৰ কোন হাতেৰে চুই চাও
তোমাৰ বাখৰুৱা দেহৰ সংশয়;
নীলা ফুল হৈ এপাহ
তুমি অৰ্পিতা হৈছা এই নৈবেদ্য ৰাতিত,
কম্পিত কোনটো প্ৰাৰ্থনা হৈ অনুৰণিত হও মই
তোমাৰ শব্দহীনতাৰ ধ্বনিত ;
নিৰ্জন কোনো মন্দিৰৰ আগত জ্বলা
এটা একাকী মাটিৰ চাকি
ৰৈ ৰৈ কপিছে
তোমাৰ দেহৰ ভিতৰত;
পোহৰে উদ্ভাসিত কৰিছে আহি মোৰ মুখ,
ওভতি খোজ লও মই সেই উপাসনাৰ বাটেৰে
তোমাৰ মাজলেই;
মোৰ নষ্ট দুহাতত তুলি দিয়া তোমাৰ অপাপ মুখ
দহো আঙুলিৰে বাগৰি যাওক পৰিপূৰ্ণতাৰ কন্ঠহাৰ;
বিনীত এই উপাস্য লগ্নত
অব্যৰ্থ এটি ৰক্তপ্ৰবাল হৈ
মই সম্পূৰ্ণ কৰো তোমাৰ তত্ত্বমসি শৃংগাৰ !!
****************
("তত্ত্বমসি"-অৰ্থাত তুমিয়েই মই, উপনিষদৰ এটা মূল দৰ্শন)
০৩-০৪-১২
No comments:
Post a Comment