পুৰুষ
------
নিখোজ আঠুৱাৰ চৌহদত
এয়া কাৰ ধোঁৱাৰ শৰীৰ ?
মোৰতো নহয়,
লাওখোলাৰ কব্জা খুলি কোনে
লিৰিকি চাই মোৰ মগজুৰ গোপন তৰল;
হে প্ৰিয়তমা, মোক ভুল নুবুজিবা;
ৰাজহাড়েদি বগাই অহা ফোচঁফোচঁনিৰ মণি
জুনুকা হৈ বাজা দুভৰি
তোমাৰতো নহয়;
প্ৰতিখন দুৱাৰ খুলি উঠাৰ পিছতো
মোৰ আঙুলিত বাজি থাকে এটা টোকৰ;
সকলো ঠিকনা জনাৰ পিছ্তো
মই বাৰে বাৰে যেন হৈ পৰো নিৰুদ্দেশ;
সুখৰ দৰে সুখীতো মই হব নোখোজো
অথবা দুখৰ দৰে দুখী ;
হয়তো সেয়ে
প্ৰাপ্তিৰ চুড়ান্ত অহংকাৰেৰে গ্ৰহণ কৰিও
মই যুগে যুগে পাহৰি যাও শকুন্তলাক,
হয়তো সেয়ে
মৰ্য্যদাৰ সৰ্বোত্তম প্ৰেমৰ প্ৰাপক হৈও
মই অগ্নিপৰীক্ষা লও জানকীৰ, বাৰম্বাৰ;
হে সময়, কি বিচাৰি ফুৰো মই ?
কি পাব খোজো মই-
পৃথিৱী, নৰক, স্বৰ্গ নে আকাশ ?
কি হব খোজো মই -
ঈশ্বৰ নে কিন্নৰ ?
অধীশ্বৰ হৈও স্বৰ্গৰ সিংহাসনৰ
মই যাপন কৰো অহল্যাৰ শৰীৰী নিষিদ্ধতা ;
ক’ত স্থবিৰ হব মোৰ আকাংক্ষাৰ প্ৰগতি ?
কি সোৱাদত আতৰ হব মোৰ জিভাৰ প্ৰাপ্তোত্তৰ বিস্বাদ ?
কাৰ উত্তপত গলি মোৰ প্ৰত্যাশাৰ তপত বৰফ
বৈ যাব কাৰ কাষলৈ ??
পানীৰ ভৰত দো খাই পৰে মোৰ সমুদ্ৰ,
শামুকৰ খোলাত লাগি ধৰে ঢৌৰ স্থানু সাঁতোৰ
ডিঙি মেলি চাই ৰও মই সেই নাৰীৰ হৃদয়ত
মোৰ সত্তাৰ ধ্ৰুপদ বৰ্ণালী,
যাৰ নখত খোদিত থাকে মোৰ মৃত্যুৰ নিৰ্ভুল ৰাশি !
দাপোনত মইতো মোক নেদেখো,
দেখো মোৰ সেই দূৰ্দান্ত প্ৰতিৰূপক;
সৰ্বস্ব জয় কৰি আহি
বাৰে বাৰে পৰাজয় হয় মোৰ যাৰ ওচৰত
সুখৰ ৰঙীন লাটুম ঘুৰাই
মই নিচুকাই থও আত্মাক মোৰ আত্মজ শৰীৰত;
আৰু নিজৰ পৰা লুকুৱাই থও নিজক,
নিজৰ বাবে বিষাদৰ চোৰাং সংগ্ৰহত !!
**************
১৫-০৪-১২
No comments:
Post a Comment