নিবেদন
--------
ক’তনো লুকুৱাই থও এতিয়া নিজক
সন্মুখীন হব নোৱাৰাকে নিজৰ;
উপলব্ধিৰ বৰ্ণিল তুলাপাতত
ক’ত লিখি থও মোৰ স্বীকাৰোক্তিৰ শীৰ্ণ আখৰ ?
যি সময়্ত মই মোৰ মাজত নাথাকো
অথবা তুমি তোমাৰ,
মুগ্ধ মোৰ ওঁঠৰ সমৰ্পনে
কেনেকৈ চুম্বন কৰে তোমাৰ প্ৰীতিৰ কৰুণা,
ঐশ্বৰ্য্যৰ নিৰ্জু নিৰ্মাণ তোমাৰ অতনু শৰীৰ,
প্ৰশ্বাসৰ দৰে সৰল তোমাৰ স্বপ্ন নক্ষত্ৰ
মোৰ অপৱিত্ৰতাত ৰোপন কৰি তোমাৰ প্ৰেম
মই পাত মেলিম তোমাৰ পলসত
শিপা হব এখন ঘনিষ্ঠ আকাশ ;
নিজলৈ ওভতি অহাৰ পৰত
তোমালৈ মেলি দিম মোৰ ইচ্ছামৃত্যুৰ প্ৰস্তাৱনা;
উত্তাপৰ আকুলতাৰে তুমি স্পৰ্শ কৰিবা
মোৰ চেঁচা হাতৰ অন্তিম আলিঙ্গন;
চন্দ্ৰকলাৰ দৰে শেষ হৈ আহিব জীৱন
-বিষাদৰ প্ৰিয়তম বাণিজ্য,
স্মৃতিবিদ্ধ সময়ৰ যি এক সহজ সোৱৰণ !
ক’তনো লুকুৱাই থও এতিয়া নিজক
সন্মুখীন হব নোৱাৰাকে নিজৰ,
যি বাটেদিয়েই যাও সকলোতে দেখোন
তোমাৰ হাতৰ উজ্জ্বল স্বাক্ষৰ !!
*************
১২-০৪-১২
No comments:
Post a Comment