নাৰ্চিচাছ
=======
দাপোনৰ সিপাৰৰ মুখবোৰে সিঁঞাৰে
ইপাৰৰ অসহায়তাবোৰক,
নিজক খুলি থৈ মই পিন্ধি লও মোৰ বিষন্ন পোছাক !
মোৰ পৰা যিমান দূৰত মই থাকো
ঠিক সিমান দূৰতেই থমকি ৰওক
শান্তিৰ এই ওষ্ঠলগ্ন বিষাদ;
ৰূপালী ফটিক এটুকুৰাৰ দৰে
ক্ৰমাত্ যেন মই পিছলি যাও মোৰেই ভিতৰলৈ,
জিভাৰ পৰা নাভিলৈ চুমাৰ দীঘল সেতু
ওভতনিৰ আকাংক্ষা মোৰ নাই;
স্বপ্নজ দেহত জ্বলি ৰয় মাথো
দুখবোধৰ উজ্জ্বল প্ৰণয়;
চকুত চকু থৈ
যাৰ চকুত থৰ লাগিল নদীৰ মুগ্ধ মুখ,
তাৰ বাবেই মই এবাৰ সাৰ পাব খোজো;
ৰাগীয়াল এই স্বপ্নৰ পৰা
সাৰ পাই উঠিম যেন মোৰ শূন্যতাৰ সৌন্দৰ্য্যত !
কিন্তু এই স্বপ্নৰ পৰা যদি সাৰ পাই উঠো
মই আন এটা স্বপ্নৰ প্ৰতিবিম্বত,
ক’ত বিছাৰিম মোৰ জাগৃতিৰ চকু ??
কোনেনো জানে কিজানি জীয়াই আছো মইও
প্ৰতিবিম্ব হৈ আন কাৰোবাৰ, এখন এমুখীয়া দৰ্পনত !!
**********
১১-১০-১২
No comments:
Post a Comment