Friday 21 September 2012


আবেলিটো কবিতাৰ দৰে আছিল
======================

আবেলিটো কবিতাৰ দৰে আছিল;
কবিতাত কেতিয়াবা কিছু দুখে
পাঠকৰ চকুৰে বুকুলে সোমোৱাৰ
বাট বিচাৰি থকাৰ দৰে,
আবেলিটোতো কিছু উদাসীন শূন্যতা
উচ্‌পিচাই ৰৈ আছিল
কোনোবা একাকী কবিৰ কবিতাৰ
বোকোচাত উঠিবলৈ;

আবেলিটো কিন্তু নিসংগ নাছিল
নিঠৰুৱা হৈ আবেলিটোৰ আশে পাশে
উৰি ফুৰিছিল বেলিৰ ডুবু ডুবু গোন্ধ;
যেন আবেলিটো আকাশ
আৰু গোন্ধবোৰ দোলকটা চিলা
বতাহ আহিলেই
আবেলিটোৰ পিছফালে লুকাই
কান্ধৰ ওপৰেৰে গোন্ধবোৰে জুমি জুমি চায়
বদমাছ বতাহজাক গ’লনে নাই;

আবেলিতো তৰুণ প্ৰেমিকৰ দৰে
অহংকাৰী অথচ উত্‍সাহী আছিল;
নৈখনৰ এটা পাৰত বহু সময়
সি কিবা ভাবি বহি আছিল,
কহুৱাৰ ফুলবোৰ অস্থিৰ হাতেৰে
লিৰিকি বিদাৰি চাইছিল,
নৈখনত ঢৌপোৱালিবোৰৰ
ৰঙিয়াল দুষ্টালিবোৰ
আবেলিটোৱে যথেষ্ট আগ্ৰহেৰে প্ৰত্যক্ষ কৰিছিল;

আবেলিটোৰ কিজানি যাবৰ মন নাছিল
কিন্তু বেলি ডুবাৰ আগেয়ে
কিবা ভাবি সি গুচি গৈছিল,
যেন সি কাৰোবাৰ আপেক্ষাতহে আছিল
সময়মতে নহা দেখি
খঙাল অভিমানতে ততাতৈয়াকে গুচি গৈছিল;

আবেলিটো যোৱৰ পিছত
কিছু সময়ৰ বাবে কহুৱাবোৰ
আবেগিক হৈ পৰিছিল,
দুষ্ট ঢৌ পোৱালিবোৰে ভাবিছিল
আবেলিটো সিহতৰ বাবেই খঙত গুচি গৈছিল
সেয়ে সিহতো সুৰসুৰকৈ ঘৰ সোমাইছিল;
আবেলিটো আচলতেই এটা কবিতাৰ দৰে আছিল !!

*********
১৮-০৭-০৩

No comments:

Post a Comment