ঈদিপাস ঈদিপাস
=============
সেয়া নিশ্চয়কৈ এটা পদধ্বনিৰ গোন্ধ নাছিল,
উভতি চাই যাক দেখা নাপালো
তেঁও এটা ভুল নাছিল
কিম্বা ভ্ৰান্তিৰ প্ৰক্ষেপ;
এটা সৰিসৃপ শীতলতাৰ পিছল প্ৰশ্বাসত
মাথো লাহে লাহে পাক খুলিছিল
এটা শাওলগা গাঠি;
কোনোবাখিনিত এটা চিঞৰ হালি পৰে
শূন্যতাৰ বিয়লি পাৰত এখন মুখহীন দাপোনত
থৰ লাগে এটা ছাঁ,
এটা ৰাতিৰ বাউসীত
এটা যাত্ৰাৰ বাবে প্ৰথম প্ৰস্থানৰ যি শূন্যতা
তাত গজে এটা বিশ্বাস,
অভিশপ্ত নাৰীৰ স্তনত ওঠ থৈ
এটা সোনালী মাছ;
দহজন দেৱদূতৰ সমস্বৰ বগাই যায়
ঘোঁৰা হৈ সপোনৰ নাভিত,
মই এখোজ কাষ চাপো মোৰ
পলাতক সমুদ্ৰৰ খোজৰ নুপুৰ বাজি উঠে
সেই এটা নিদ্ৰাৰ নগ্ন ভৰিত
যি মৃত্যুতকৈ কোনোগুণে উষ্ণ নাছিল;
সকলো পাপৰ বাবে মই নাড়ীত ৰুই থও
এটা জুইৰ কোমল গোলাপ,
আৰু শান্ত নিৰ্জু
কোনো নাৰীৰ দেহৰ দৰে
জ্বলি ৰয় মোৰ নিৰ্ভয় নিমাত শ্মশান;
প্ৰতিটো উশাহৰ কিনাৰত মই ৰুই গলো
এটা কান্দোনৰ পুলি,
চুই চালো মোৰ আত্মীয় নাৰীৰ নিজান নগ্নতা
উচুপনিৰ নিমাত দলঙেদি পাৰ হলো
বিচ্ছেদৰ তপত উত্স
তথাপিও শেষত মই মোক হেৰুৱালো;
এটা শব্দৰ বাবে
মই তেঁওৰ হাতত বাকি দিম এটা আকাংক্ষাৰ মোহৰ,
তেঁওৰ-
যাৰ শৰীৰ এটা পাপৰ নিৰ্বাণ
যাৰ হাহি এটা নৈবেদ্যৰ ফুলআৰু যাৰ বাবে আত্মাৰ অব্যৰ্থতাত বিন্ধি থাকে
মোৰ এদাল সপোনৰ হুল !!
***********
০৮-০৯-১২
No comments:
Post a Comment