মুক্তি সংগীত
-------------
বুটলি আনিছো মই সেই নদীৰ খোজ,
আদ্ৰ ভৰিত পিন্ধি খাজকটা প্ৰবাল
যি তিয়াই যায় মোৰ দুপাৰ;
পোহৰৰ সুৰংগটোৰ সিটো মুৰত
তেওঁ ৰৈ আছিল
শূণ্যতাৰ ব্ৰহ্মত্ত্বত আওঁজাই থৈ তেওঁৰ স্পৃহা;
এটা ঘন্টাধ্বনিৰ উচ্চাৰণত মই খুন্দা খাইছিলো
আৰু প্ৰতিধ্বনিত হৈছিলো,
আকাশবাণী এটাৰ শব্দহীন কন্ঠইদি
শব্দৰ বৈদেহী টোপালবোৰ চৌপাশে সৰিছিল
নৈখন এতিয়াও বুৰ যোৱা নাছিল !
তিলফুলৰ ৰেণুৰে উজাই অহা
মোৰ চৈতন্য (নে অচৈতন্যৰ) সৰ্বোচ্চ আনন্দ
ভাহি ৰৈছিল ম্ৰিয়মান এজন মইৰ ওপৰত
যি দাপোনত মই জিলিকিম
মোৰ প্ৰতিবিম্বৰ অতীত হৈ ;
তাতে থমকিব আত্মাৰ সকলো কাচোন,
মোহৰ সকলো অভিজ্ঞান
সেই পৰম সংগীতত লীন হৈ !
**********
১১-০৫-১২
No comments:
Post a Comment