Saturday, 30 March 2013


শিয়াল পুৰাণ
===========

দিনবোৰে এতিয়া উপাধি সলাইছে
ঢেকীয়াপতীয়া ৰ’দবোৰ আচলতে বাহনিৰ কুকুৰনেচীয়া,
চোতালত হাইব্ৰিদ শ্লোগান, হাইব্ৰিদ যোদ্ধা ;  
হেৰা লাল ফৌজৰ আৱাজ,
বিপ্লৱ কি ভেলেণ্টাইন দে’ত প্ৰেয়সীয়ে দিয়া ৰঙা গোলাপ ?
যে আইনাৰ গ্লাছত পানী দি দুদিন ৰাখি থম
আৰু ক’লা পৰিলেই দলিয়াই দি ক’ম
ফুল চিগাতো ভাল কথা নহয়,
ভাল কথা নহয় বুকুত তুলি লোৱাতো তেজৰ সন্তাপ !

আপুনি হয়তো ভাবে
"বিপ্লৱ ইজ এ কন্ড’ম
জব তক হে দম য়ুজ কৰৌ
অউৰ দম নিকল জায়ে ত’ জাকে ফ্লাছ মে ফেকৌ"
হা হা
এনেই মৰে গুলী খাই বেচেৰা গুৱেভেৰা ,
কফিনৰ মাৰফতত যৌৱন প’ষ্ট কৰি
এনেই বুঢ়া হয় ফিডেল কাষ্ট্ৰ’ l
বুৰ্বক সময়,
মুকুততকৈ মহঙা জানো শিৰ কেতিয়াবা হয় ?
তাতকৈ ঘাম মচি দিয়া হুজুৰৰ ভৰিতলুৱাৰ ,
স্বাধীনতাৰ নাঙল টানি টানি
পুজিপতিৰ পথাৰ চহোৱা,
আৰু চিঞৰা জয় ৰাষ্ট্ৰদেৱীৰ জয়
জয় নীলা শিয়ালৰ জয় !

তেজত ডুবাই থৈ আহি মোৰ লুকাভাকুৰ ববচা চোতালক
জুইত জাপি থৈ আহি ঢোপ খেলা
মোৰ সেই লৰিয়লি পথাৰক,
এতিয়া নাম দিছা তাক
বয়ঃসন্ধিৰ উন্মাদনা, এদ্ৰিনেলিন ৰাছ;
আৰু টেটুফালিছা
জ্বলাই থৈ আহি সহস্ৰ সহোদৰক আমিয়েই পালো অৱশেষত
শান্তিৰ দুৰ্লভ মন্ত্ৰ,
আৰু বাকী চব বকৱাছ ;

হা হা সংগ্ৰাম সংগ্ৰাম
মাফ কৰি দিবি ভাই আৰু নোৱাৰো তোৰ বোজা বাব
দিন ডাঙৰ হ’ল, ৰাতি গাভৰু
বাৰীৰ বগৰী কোনে বুটলি খাব....?
গোহালি পুৰি
লৈ আহিছো এইবাৰ নিৰ্ঘাত শান্তিৰ ফেহু ,
চিনিছো শেষত নদীৰ মুল
মৰাসুতিৰ নাও চপাই আনিছো
আকালত মাৰি খোৱা পহুৰ শিং,
চিন্তা নকৰিবি আই
চাবিছোন এইবাৰ শান্তি আনিমেই আনিম;
এন্দ ড’ন্ট ৱৰী
মোজাইক দেৱালত, মাৰ্বলৰ ফ্ল’ৰত আকি থম বাৰু
সংগ্ৰাম তোৰ
অৰ্ধ উদিত পুৱাৰ কথা,
ময়ুৰপাখীৰ ৰথত বহি কবি হৈ লিখি থম নহয়
কবিতাত তোৰ ভেলেঙী যন্ত্ৰণা;
চিন্তানো কিয় কৰিছা.....?

হেৰা কেঁচুমতাৰ বাহ বান্ধি
সুৰংগৰ সধুকোৱা মহান কথক,
পোৰা বাৰুদৰ গোন্ধতে হাঁচিয়াই কাহিল হোৱা
আপোনাৰ নতজানু কলিজা,
বুলেটৰ দাগ মচি বুকুত এতিয়া পিন্ধি ফুৰিছা পয়ালগা চেল্যুট,
আৰু শ্লোগান দিছা -
বিপ্লৱ মানে আচলতে আস্তাবলৰ হেৰোৱা ঘোঁৰা
বিপ্লৱ মানে আচলতে চাৰ্কাচ,
বিপ্লৱ মানে কাউবয় হেট, অলগদ্ধৰ চৰাইখানা !

পাৰিলে এবাৰ লুটিয়াই চাবাচোন
তোমাৰ বন্দুকৰ আঙুলি ছাপত
সেই কবিতা আধা লিখা
হেজাৰ বুকু আজিও শুদা,
হেজাৰ সেঁওতা যে আজিও উকা !!

*******************
২৯-০৩-১৩

Friday, 22 March 2013


কালি
====

তালপাতত চুলি মেলি নিতাল ৰাতি
তেজত দো খায় পিয়াহ,
বুকুত টোপাল হৈ শিলৰ নিৰাহাৰ অৰণ্য;

তেওঁক য’ত এৰি থৈ আহিছিলো
তাৰ পৰাই এই তামবৰণীয়া সেওঁতা,
এতিয়া ওঁঠত সুহুৰিয়াই ফুৰো তৰংগায়িত গধূলি এটা
অথৰ্ব শব্দহীনতাই ডিঙিত পিন্ধাই দিছিল
দীঘল বুকুত কাটি থোৱা জিভাৰ আৱাজ,
অলেখ অনুচ্চাৰণ ৰক্তাভ নীলা

তাৰ পিছতেই ম‍ই ওভতি আহো
খোজত ভাঙি দুপৰ কণ্ঠৰ চিঞঁৰ,
ৰাতিৰ নিদ্ৰিত হাড়ত আওজি
সেয়া যেন আজন্মা কালি;
কাৰ বুকুত তেজ হৈ ডুবি
কাৰ চকুৰ আধামুদা প্ৰহৰ !

তালপাতত চুলি মেলি নিতাল ৰাতি
অশ্ৰু হৈ দো খায় তেওঁ কোন ৰুদ্ৰাক্ষৰ ?

**************
২১-০৩-১৩

Tuesday, 19 March 2013


ইনচ’মেনিয়া
==========

অহাকালি টোপনি
গাৰুভৰি তোমাৰ ভাগৰৰ তুলা,
অবিন্যস্ত চুলিৰ ভায়লিনত
মুদ খাই অহা নিতাল নিশাৰ স্বৰগম
আৰু ৰাতি জুৰি বাজি থকা মোৰ নিদ্ৰাহীনতা
কি বিষাদ কি সপোন
সকলো আন্ধাৰত তিতি চপচপীয়া;

ৰাতি হেনো কবি,
ডিঙিলৈকে পি আন্ধাৰ হুইস্কি
জ্বলি থাকে কবিৰ দুখৰ দেৱালয়,
তোমাৰ পৰাতো কেনেবাকে লুকুৱাইয়ে থয় নিজক !
পিছে দাপোনত বিস্মৃতিৰ চকু দুটা খুলি থৈ
কি জানো দুখত
তাৰ সুহৃদ হয়হি টোপনিগধুৰ সময়;

নিদ্ৰাহীনতা
তোৰ চকুৰ সিপাৰৰ টাবটোত
ৰুই থম মোক,
পাতৰ দৰে গজালি মেলিব
সপোনৰ সেউজীয়া !

***************
১৯-০৩-১৩

Monday, 18 March 2013




বগলীৰ সাধু
==========

মৰা বিলৰ পাৰত এজাক বগলীয়ে এদিন গীত জোৰে
এংকৰি বেংকৰি হায় হায় পানীজোকে খেদি অহা
এটা কৌতুহলৰ দীঘল ভৰি
জলপৰীৰ স্বপ্নত দোবালপিটা নুপুৰ হৈ নাচে;
মহাশয়,
সোণ চেলেকি নিৰ্বাণ পোৱা আপুনি হেনো ৰূপান্তৰৰ জঁটাধাৰী,
চুলিৰ পাকত হেনো ছিন্নমস্তা জাহ্নৱী !
সাঁতখন বৃন্দাবন
আৰু মাতাল সুৰুযৰ পাতাল ভৈৰৱী
সেঁতু বান্ধি হয়হি আপোনাৰ চাবুকৰ শান,
পোখৰাজ মণি পিন্ধি পিতলচকুৱা নাবিক
আপোনাৰ সমুদ্ৰমন্থনৰ বঙহী;
পিছে সাতামপুৰুষীয়া মোৰোতো শিলৰ বাগান ,
বাৰিষাৰ জেদতে আত্মজাহৰ ক্লান্ত দিন
জাৰে জহে সমান,
আৰু আপুনি কয়
অষ্টধাতুৰ শিপা গাঠি লিখি থ দীৰ্ঘশ্বাসৰ বুৰন্জী ?
মহাশয়,
সিৰাই সিৰাই এতিয়াও বৰষুণৰ নিৰন্ন দিনলিপি,
শুকাও বুলিও নুশুকোৱা ৰ’দৰ নীলকণ্ঠ ঘা;  
অৰণ্যৰ আয়োজন নাই বুলিলেওতো
বুকু ফুটি ওলাব‍ই শতাব্দীসুপ্তিৰ দোকমোকালি,
নিজৰ চিতাৰ পৰাই এদিন হলেওতো জ্বলিব‍ই
ধনগুলৈৰ অশান্ত আত্মা,
সেই দিনটোলৈ কেৱল মহাযুদ্ধৰ আখাৰা,
সেই নিনাদলৈ
শব্দৰ স্নায়ু চুই কেৱল কবিতাৰ বিদ্যুত্‍-জিহ্বা;

কেঁকোৰা গাতৰ বাৰিষাত আপুনিওতো নাৰ্ছিচাছ,
এঠেঙীয়া বগলীৰ জখলা বগাই
হুমুনিয়াহৰ আৰ্চিত লিখি থোৱা নাই জানো
চিলনীৰ জীয়েকৰ চুলিৰ মাপ তিনিযোজন দহহাত !
হয় পৰুৱাই পোৱা মোৰ ব’হাগৰ বাটত
এতিয়াও জিৰায় আঁহতপাতৰ প্ৰজাপতি,
ভোটোৰাৰ আঠাত এৰি থৈ আহিছো যি
নগদ সাঁতকুৰি নদীৰ লৰালি,
ঘামৰ চিলা উৰুৱাই
সাতুৰি পাৰ হয় এতিয়াও তাত শূন্যতাৰ ভোগালী দিন,
দেওশালৰ ৰাতি বাগানভিলিয়াৰ গোন্ধ খেদি
নিখোজ হয় প্ৰজ্ঞাৰ সোণালী ঈগল,
দুৱাৰমুখতে জাল পাতি ধৰে আহুতিৰ মকৰাই
উচুপনিৰ শ‍ইচ, কেয়ামতৰ আহিন ;
আৰু আপুনি সোধে পোঁতাশালৰ নুপুওৱা ৰাতিৰ
আহুজ কেইমাহ কেইদিন ?

মহাশয়,
নিৰ্বাণৰ দুবৰি তুলি বুদ্ধ হব খোজে যদি
সময়ৰ দুৰ্ধৰ্ষ আত্মজীৱনী,
তেন্তে কাৰ আপেক্ষাত শিল হ’ব কওকচোন অহল্যাৰ চকুপানী;
পিণ্ডজলৰ সোৱঁৰণি হাত পাতি
এই দৈৱত্ব হয় যদি শব্দভেদী শংখ
বধিৰ পৃথিৱীয়ে হেৰুৱাবনো কি ?
সেয়ে কবৰত এটা পুৰ্ণিমা,
দধীচিৰ হাড়ৰ এটা বিলীন প্ৰাৰ্থনা
নামি আহে তপোবনৰ বেইতা জোনৰ হাতত ধৰি;
সংগ্ৰামৰ মহেন্দ্ৰক্ষণত এদিন
জুই হব সি,
আত্মপ্ৰাপ্তিৰ কঠিন বৰ্ম্ম পিন্ধি
হয় বৃহন্নলা নহয় গান্ডীৱধাৰি;
সেই দিনটোলৈ আপেক্ষা কৰক মহাশয়
গণিকাৰ প্ৰাৰ্থনাৰ ধোৱাই আৰু ঘোলা নকৰে
ঈশ্বৰৰ খিৰিকীমুখ,
দেৱদাসীৰ খোলা চুলিত আলিঙ্গনৰ উপনিষদ পঢ়ি
পুৰুষ হোৱাৰ আখাৰাত
ঈশ্বৰ আৰু কেতিয়াও নহব চিৰকাপুৰুষ !!

**************
১৮-০৩-১৩

Saturday, 16 March 2013


স্বপ্নদোষ
======

নাভিয়েদি এখন বৰফৰ নদী
হাত মেলি ঢুকি পাও নাপাও দুপাৰ,
ইড়ি নে পিঙ্গলা
শোকৰো অদ্ভুদ বাট;
পিয়াহৰ আঙুঠি পিন্ধি উৰি অহা এটা অশান্ত চৰাই
পদুমৰ ছাত জড়তাৰ অৰ্থ ভাঙে
ঠোটত বৰফ ভঙাৰ মাত;

ভটিয়লি সপোনৰ তলত সাৰে থাকে এটা অস্থিৰতাৰ মৃগনাভি
বুকুজুৰি ধোৱায় অলঙ্ঘ্য শব্দহীনতা
শৰীৰৰ দৰে সৰ্বত্ৰ এটা যেন প্ৰাচীন পাপ,
ক্লান্তিৰ এজাক বাৰিষাই আলিঙ্গনৰ অভ্যাস কৰে
সমৰ্পনৰ এটা জোনৰ হাতত ধৰি
উঠি আহে ডুবাৰু বিষাদ,

সেই অস্থিৰতা এটা শংকাৰ নাম আছিল
সেই অক্ষমতা এটা দীক্ষাৰ নাম আছিল
পশ্চাতাপৰ আঙুলিত এটা যেন দুপৰ মাত,
ধূমায়িত বিশ্বাসৰ সন্মোহনত দুলি
এটা যেন গান্ধাৰ অনুৰাগ
চুব নোৱাৰা শূন্যতাৰ নগ্নতাত !

********************
১৩-০৩-১৩

বিষয়: ফাগুন
===========

উধাতু খাই অহা ভালপোৱাৰ বতৰ
তোমাৰ হাততে থলো,
বিষন্ন আত্মীয়ৰ দৰে কিমানটা ঋতু যে পাৰ হৈ যায়
উদাসীনতাৰ প্ৰাচীন সাকোৰে,
কিমানটা ভঙনীয়া কান্দোনে যে ধুই নিয়ে
ইতিহাসৰ মুগাৰঙী যৌবন ?

শুকান দুপৰীয়াত সিচি ৰ’দৰ অৱসাদ        
তেওঁৰেইতো প্ৰশংসাত
সিদিনা বতাহৰ ওঠত খোনাইছিল ফাগুনৰ মাত,
আধৰুৱা এটা কবিতাৰ পংক্তি হৈ
সপোনৰ এটা ঘোৰাই উৰুৱাই যোৱা
চকুৰ উস্ম ধুলি
পৰি ৰৈছিল দৃষ্টিৰ দুৰ্লভ মৌনতাত ;

তথাপি এটা পূৰ্ণাঙ্গ শূণ্যতাৰ উপমা  
ভাহি আছিল নৈশব্দৰ শালিন সুহুৰিত,
তথাপি হাঁহিৰ দৰে এখামোচ অমায়িক বেদনা
বৈ আছিল অস্বীকাৰৰ গভীৰ আকুতিত ;
হাতৰ ভৰত সময় থৈ
আমি জুখি চাইছিলো অনুৰাগৰ ভৰশূন্যতা,
তেওঁৰ নে মোৰ, কাৰ আছিল জানো
বিষন্ন কোনো চিম্ফনীৰ দৰে বুকুত গধুলিটো
এটা যেন পলম হোৱা সপোনৰ খৰখেদা !

ৰজঃস্বলা দিনবোৰৰ সপোন সিদিনা ফুল হৈ সৰিছিল
মদৰুৱা এটা আক্ষেপৰ তলত,
স্থবিৰতাৰ নদী সাৱতি বৈ আছিল চিৰাচৰিত ফাগুন;
কোনে বা কাক বিচাৰিছিলো
কোনে বা কাক খেপিয়াইছিলো
আপেক্ষাৰ সেই শেষ অনুবাদত !!

**********************
১৬-০৩-১৩

Monday, 4 March 2013


আত্মগাঠা
========

The fingertips nourished
the dernful dreams
And the tortoured soul
cried out
"let the sun decline the shine
and embrace rain."
I stood there holding the hand of soluble loneliness;
Oh torpid night,
crawl into me
or let me crawl into light !!

অহাৰ জানো কথা আছিল,
পৰিভ্ৰমী চৰাইৰ দৰে ঘুৰি নোচোৱাকে
গুচি যোৱা মন্দ্ৰিত সময়ৰ,
শিপাৰ দৰে এটা খামোচ, পাহৰণিৰ কিম্বা দৰ্শনৰ;
দেহতকৈ বিশাল হোৱা কিনো থাকিব পাৰে
সেই ছায়াৰ আত্মগাঠা,
য’ত এটা বিশ্বাস
শিলৰ দৰে, অৰণ্যৰ দৰে
কেতিয়াও নসৰা টোপালবোৰৰ এজাক বৰষুণৰ দৰে
গজি উঠে শূন্যতাই কবৰ খন্দা দেহৰ মাটিত;

হাফলু হৈ পুনৰ থিয় হোৱা আন এটা মৌনতা,
যি জ্বলাই থৈ আহিছিলো মোৰ জন্মৰ পাতনিত
সেই অস্থিৰতাৰ বাহি হোৱা নৈবেদ্য
এতিয়াও কিয় ধোঁৱায়
সোৱঁৰণিৰ নাঙঠ বিগ্ৰহ তিয়াই,
অগ্নিতো কোনোকালে নাছিল সেই তৃষ্ণাৰ নাম
সৰোবৰত নামি যি আওৰাইছিল
পানীৰ ৰাগ, পিয়াহৰ মহাকাব্য;

অবিনাশী সেই স্থবিৰতাৰ বাহিৰে
সময়ৰ আন কোনো গতি নাছিল
নাছিল সলাই লব পৰাকে কোনো বেলেগ ঠিকনা,
দুৰ্বোধ্য এই শূন্যতাৰ সীমাত
নিজক বুজাবলে হয়তো জীৱনৰ
আৰু কোনো অজুহাত নাছিল
নিৰ্যাতিত সুখৰ কিছু খুচুৰা মুদ্ৰাৰ বাহিৰে !!

*****************
০৪-০৩-১৩