Friday 7 June 2013

আজাৰ
========

শব্দৰ অতীত আছিল সেই অৰ্থ,
নগ্নতাৰ দৰেই সহজ আৰু পৱিত্ৰ
য’ত শিৰ থৈ শুইছিল আমাৰ প্ৰতিবিম্বত দেহ ;
দাপোনৰ আত্মবিস্মৃতিৰ দৰে,
দেহান্তৰিত কোনো প্ৰাৰ্থনাৰ দৰে
এতিয়া আত্মাৰ অৰণ্যত হিম নে বসন্ত
আমিও হয়তো নাজানো;

কাৰ বাবে এই জয়ধ্বনি, পোহৰৰ আঙুঠিৰ ছায়ামনি ?
মণিবন্ধত বিৰাগ বান্ধি সময় কিয় বাৰে বাৰে অনুতাপৰ নিৰ্বাক বৈষ্ণৱ;
এই মথাউৰি ভাঙি যেন হ’ম চৈতন্যৰ উজাই বোৱা সোঁত
এই শূন্যতাৰ নাড়ী চিগি হ’ম যেন নিবৃত্তিৰ জাৰজ প্ৰসৱ;

এই স্থবিৰতাৰ সকলো বুনিয়াদ ভাঙি
নিদ্ৰাৰ সিৰাই সিৰাই
তাণ্ডৱ নাচক নটৰাজ কথক ,
এই মাটিৰ ঈশ্বৰ বন্দিত হওক এজাক বৰষুণৰ শিপাত;
দেহ ফালি ওলাই আহো আমি উত্‍কণ্ঠ আলাপ হৈ,
আত্মাৰ বাকলি খুলি গজি আহো একান্তত
কোনো বোধিদ্ৰুমৰ বিটপ হৈ,
তেজৰ তন্দ্ৰা গচকি
খোজৰ মূলত জাগি উঠক পুনৰ
পূৰ্ণতাৰ শৰীৰী পৌৰুষ, মুগ্ধতাৰ বিমূৰ্ত্ত নাৰী;

এই স্বাধীনতা কামিহাড়ত লিখি থোৱা
মোৰ চেতনাৰ উৰ্দ্ধবাহু দিন, প্ৰাৰ্থনাৰ শুভ্ৰ-অশ্ব;
যাৰ দৃষ্টিয়েদি ম‍ই উঠি যাও দুৰাৰোগ্য শব্দলৈ
যাৰ নিশ্বাসেদি ম‍ই নামি আহো মোৰ অনুৰূপ অৰ্থলৈ;
সত্য য’ত কেৱল ভালপোৱাৰ শব্দ-অভ্যাস,
সত্য য’ত কেৱল উশাহ নামৰ এই ক্লীৱতাৰ মুক বিলাপ;

খোজবোৰ যদি কেৱল খোজেই হ’ল হৈ....
ইচ্ছামতি নদীৰ দৰে সময়ৰ এই অনুশোচনা
বাৰে বাৰে ঘুৰি আহো নিজৰ কাষলৈ,
পাৰত তিতে বেনাম কোনো নাবিকৰ কবৰ
খোজবোৰ যদি কেৱল খোজেই হ’লহৈ;
এথোপা ফুলৰ আয়োজন জাহাজঘাটত ডুবি
সান্ধ্য প্ৰতিশ্ৰুতিবোৰক সোঁৱৰাই,
ঢৌৰ আজাৰত দুলি
অক্ষমতাৰ আগন্তুকক শেষ অভিবাদন জনাই যায়
জয়াল সমুদ্ৰৰ হাতৰ এটা বিদায় মুদ্ৰাই,

নিজকে ক্ষমা কৰিব নোৱাৰাৰ অপৰাধত সকলো নাবিকেই
হয়তো এদিন অপৰাধী;

কোনোবাদিনা আমি নিজকে পুনৰ বিছাৰি পামগৈ
হয়তো কোনো ফকিৰৰ দোৱাত,
ক্ষমাৰ সৰল আত্মীয়তাত
আমিও হয়তো এদিন ৰোমন্থিত হ’ম
শোকৰ দৰে নিস্পাপ কোনো এটা পাপত,
শব্দৰ অতীত হব যাৰ মৌন পশ্চাতাপ !!

***************
০৮-০৬-১৩

No comments:

Post a Comment