Sunday 2 June 2013

ইৰম
=====

চিত পখিলা চিত পখিলা
কোন পৰীৰ পাখিত অনুৰাগ থৈ
ভালপোৱাই পিন্ধে তেজৰ মুকুতা,
তুমি জানো জানা ?

সেই যে পাহাৰত ফুলিছিল সাঁতটা কবৰ,
সীহৰ অৰণ্যই শিপাত তুলি লৈছিল
আলতীয়া দেহৰ খনিজ
তাতেই তেওঁ বুকু পাৰি বহে;
সপোনৰ দিহিঙ সপোনৰ দিপাঙ
বন্ধকত থৈ
সতীৰ্থ নদীৰ বিষন্ন বুৰঞ্জী,
নিৰন্ন হাতেৰে তেৱেইতো লিখে;

জখমৰ জোন হাকুটিয়াই নামি আহে কলিজাত
লেলিহান ৰাতি,
উচুপনিৰ বাগিচাই বাগিচাই এপিটাফৰ বনফুল;
আউসীৰ অজুহাতত উলংগ কৰা জোনবোৰক
সেয়া তেওঁ
শুশ্ৰূষাৰ মখমল হৈ সাৱতি,
নিঃকিন হুমুনিয়াহবোৰৰ ফেৰেঙনিত
প্ৰতীক্ষাৰ অৰ্কিড হৈ সেয়া তেওঁ,
যেন কোনো সন্ধিয়াৰ অম্লান আৰতি;

হৃদয়ত হেলাম দি থিয় হব খোজা
ৰ’দৰ প্ৰতিবাদ,
তেওঁ লিখি লৈছিল হাড়ৰ দিনপঞ্জিত ;
বুকুত আজিও নিতিতা এটা বালিচৰ,
কিমানটা যে শাওণ, আৰ্তনাদৰ
কেইজাক যে বৰষুণ, লোতকৰ
কলিজা পুৰি নামি গ’ল ;
নিৰাহাৰ প্ৰাৰ্থনা এটা হৈ তেওঁ এতিয়াও সেই শৃংগত
শিলত পোখা মেলি
বৈ আছে মাটিয়ে পানীয়ে য’ত
তেওঁৰ তেজ, তেজৰ কোবাল খবৰ !

****************
(লৌহমানৱী ইৰম শৰ্মিলাৰ হাতত)
২২-০৫-১৩

No comments:

Post a Comment