Saturday 13 July 2013

আলাপ
==========

কাৰো বাবেতো কোনো ৰৈ নাথাকে,
আশ্ৰিতা নাৰীৰ দৰে শোকৰ এই সহজ সমৰ্পন
সাৰে থাকে কেৱল প্ৰাৰ্থনাৰ ইপাৰে সিপাৰে ;

শব্দৰ সেঁতু বগাই নামি অহা অষ্টাদশী অৰ্থ
যাৰ বুকুত কবৰৰ দুপৰ বাট হৈছিল,
দুৱাৰ খুলি ৰৈ থাকে তেঁওলৈ
শোকৰ আগন্তুক,
আমন্ত্ৰিত আলিংগনৰ প্ৰান্তৰে প্ৰান্তৰে;

নিজৰ বাহিৰে আমি কাকনো হেৰুৱাব পাৰো ?
ভালপোৱাৰ এটা বিলক্ষণ অজুহাতত
কেতিয়াবা তুলি দি থৈ আহো নিজক তেওঁৰ দুহাতত
এটা দুখৰ ভাস্কৰ্য্যৰ দৰে;

কাৰো বাবেতো কোনো ৰৈ নাথাকে,
সোৱঁৰণিৰ অবধাৰিত বাটেই
গুচি যোৱাৰ বাট, উভতি নহাৰ বাট !
গহীন সন্ধ্যাৰ অনাবৃতা এটা শংখধ্বনিৰ দৰে
সকলো অবাটৰ মুখতে ৰৈ আছিল তেঁও
নিৰ্যাতনৰ সমস্ত লিপি লিখি লৈ নিখুত আত্মাত ;

কাৰুণ্যৰ ওঠে ওঠে নিনাদিত হৈ আছিল সিদিনা
দুখৰ দেঁওলগা মাত !

******************
১৩-০৭-১৩

No comments:

Post a Comment