পূৰ্ণিমা
=======
আকাশত জোন নহয়
এটা খেয়ালী ৰাগৰ অনুশীলন,
ইয়াত হাত মেলি বুদ্ধ, পৃথিৱীৰ শেষ প্ৰাৰ্থনাত ;
আমি ছাই হৈ জ্বলো এখন চুমাৰ শ্মশানত,
ভ্ৰান্তিৰ প্ৰতিধ্বনি হৈ জিৰাও
উপাসনাৰ সুশীতল ঔৰষত;
মোৰ বাবেই হয়তো তেওঁ ৰৈ আছিল
অথবা তেওঁৰ বাবে মই;
আপেক্ষাৰ দৰ্শন তিয়াই যি নামি আহিছিল
সেয়াতো বিষাদ নাছিল,
শোকৰ ঐতিহ্য ভাঙি
আমাৰ চকুত গজিছিলহি সুঠাম ৰাতিৰ উপনিষদ ;
বুকুত নিখোজ কোনো এটা অৰ্থৰ বাবে
বোধিদ্ৰুমৰ শিপাত পাহ মেলিছিল তৃষ্ণাৰ প্ৰতিভাই ,
শূন্যতাৰ শ্লোক আওৰাই
ভালপোৱাই তিয়াইছিলহি সেই কবৰৰ ধ্যানমগ্ন মাটি
যাক বিচাৰি মই দুহাত মেলিছিলো;
চুব খুজিওতো তেওঁক চুব নোৱাৰিলো,
ওভতাই দিব নোৱাৰিলো অস্বীকাৰ কৰি অহা
সেই সকলোবোৰ সত্যৰ শংখমালা ;
এনেদৰেই সময়ৰ আন এটা পুৰাতন বিশ্বাস;
হে শূন্যতাৰ ৰাতি,
বোধৰ শিপা চুই মই পাতেগজা হও !
=================
১৮-১২-১২
No comments:
Post a Comment