Thursday, 5 December 2013

সেঁওতা
======

কাৰোবাৰ মুখৰ পৰা ওফৰি অহা তেজ এসোঁতা
দলি এটা হৈ দৌৰি যায়,
কপালত তেঁওৰ খলকি উঠা
সাইলাখ এটা গধূলিৰ হ্ৰদ,
পাৰত সময়ৰ আঙুলিৰ অনন্ত মৌনতা ;

হে জননী
বহলাই দিয়া তোমাৰ শিৰৰ বাট,
এই যে এৰি আহিলো তেঁওক এটা দুখৰ সিপাৰে
এই যে ঘুৰি চাও বুলিও চাব নোৱাৰিলো
এতিয়াও মোক ৰিঙিয়াই মাতে
খুলি থয় প্ৰাৰ্থনৰ প্ৰাঙ্গন,
মাটিৰ চাকিৰ পোহৰত এতিয়াও পুঁৱায় তেঁওকলৈ
উচুপনিৰ চুলিত
ৰাতিৰ বিষাদ বিশেষণ;

কি নাম দিও এতিয়া তাক
বুকুজুৰি যাৰ শূন্যতাৰ অজুহাত,
বাট বিচাৰি পিন্ধি ল’লো শেষত
তেঁওৰ নিথৰ ঠিকনা মোৰ দগ্ধ খোজত ,
কি নাম দিও এতিয়া তাক,
উচ্চাৰণ জুৰাই গুছি গ’ল যাৰ
মৌনতাৰ আকণ্ঠ অনুৰাগ !!

************
০৫-১২-১৩

(এমাহ আগত এটা পথ দূৰ্ঘটনাত মোৰ অতি অন্তৰংগ বন্ধু এজনে তাৰ প্ৰিয়তমা পত্নীক হেৰুৱায়, লগতে সি আৰু তাৰ এবছৰীয়া শিশুটো আঘাটপ্ৰাপ্ত হয় l
ভগৱানে তাক এই দূঃসময়ৰ মুখামুখি হব পৰা শক্তি আৰু সাহস দিয়ক l )

No comments:

Post a Comment