Tuesday, 15 October 2013

সেউজী পাতৰ কাহিনী
==================

চাইৰেনৰ মাতে পুৱাটোক হেচুকি জগায়;
কপালৰ পৰা ৰ’দলে এটা জুনুকা বাট
আঙুলিৰ পৰা বুকুলে এটা নুফুটা মাত
দো খাই আহে নীৰৱতাৰ জুৰি,
মুকলি ঝুমুৰ এটা হৈ তাই
ছা-পোহৰৰ গাঠি ভাঙে এককাল সেউজীয়াত ;

লাল চাৰি পিন্ধি ৰ’দৰ
দিনটো যেতিয়া তাইৰ বুকুৰ দ’ খিনিত ঘামে
বেলিটো অলপ জোৱান হয়,
দিৱানা হয় নাহৰৰ ছাঁবোৰ অলপ
এটা দুটা কলি তাইৰ হাহিৰ
এটা দুটা পাক তাইৰ লাহী আঙুলিৰ,
আৰু পিঠিৰ টুকৰীটোত আওজি
ভঙনীয়া সুখবোৰে আবেলিৰ ভাগৰ পলুৱায় অলপ ;

কথা নাছিল যদিও
গধুলিতে দোভাগ হয় ৰাতিটো,
কেৰাচিন তেলৰ চাকিত হাড়িয়াৰ গোন্ধ এটা
জ্বলি জ্বলি নুমায়,
কৰবাত নিমখীয়া জোন এটা
নুমাই নুমাই জ্বলে,
থুনুক-থানাক দুখন হাতৰ মৰম
তাইৰ শোকতে
দুৰৰ কোনো মাদলৰ মাত হৈ বাজে;

কান্দোনৰ কোলাত সাঁচি থোৱা ঘুমতি এটা
ধৰফৰায় ধৰফৰায় বাউলী হয়,
তিনিদিনৰ জ্বৰতে তাইৰ কেচুৱাটো সিদিনা
যদি থৰ নালাগিলহৈ... !!

*******************
১৫-০৯-১৩

No comments:

Post a Comment