Friday 17 May 2013

উচ্চাৰণ
=======

কোনোবাদিনা আমি সঁচাকে কথা পাতিম,
উচ্চাৰণৰ কণ্ঠহাড় খুলি থৈ
শব্দ হ’ব জিহ্বাৰ চিৰায়ু তিলক,
ধ্বনি আমাৰ পৰিচয় প্ৰত্যাশী যাত্ৰা
আৰু আমি মুক পৰ্য্যটক;
প্ৰতিটো খোজতেই এৰি থৈ আহো
একোটা অনুতাপ,
প্ৰতিটো খোজতেই জ্বলাই থৈ আহো
উচুপনিৰ এটা অবিচল জতুগৃহ ;

ওঠত আমাৰ পিয়াহৰ দুৰ্লভ নিয়তি, প্ৰাণত প্ৰিয়তম বিষাদ ;
কপালত জ্বলি ৰয় অনিশ্চয়তাৰ
বিস্মিত বিশ্বাস;
স্পৰ্শত তেঁওৰ ক্ষমাৰ কীৰ্তি, তেজত সমৰ্পনৰ সুবাদ,
ধোঁৱাৰ সিপাৰে যেন এটা ছাঁই আওৰাই ৰয়
বৰষুণৰ কোৱাৰিত জুঁইৰ শেষ শব্দহীনতা,
কেতিয়াবা পাপৰ দৰে সহজ
আৰু কেতিয়াবা স্বীকাৰোক্তিৰ দৰে দুৰ্বিসহ
তেওঁ মোক চুই যায়,
আৰু ম‍ই তেওঁ বুলি চুই চাও বাৰে বাৰে
স্পৰ্শৰ সিপাৰৰ সমস্বৰ শুভ্ৰতা;

অৱশেষত সেই পাৰ্থিৱ পুৱা
উজাগৰ আঙুলিত আমাৰ চিকমিকাই উঠিছিল
নেপথ্যৰ এটা নুশুনা উচ্চাৰণ,

এতিয়া নাভিত সুদূৰ বিষাদ
শোকৰ মুঠিত তিতি উঠে নিমাত এটা জয়ধ্বনি,
প্ৰতিধ্বনিৰ শংকু্ৱেদি সৰকি
আমি যেন বাজি ৰ’লো ইটোৱে সিটোৰ মৌনতাত,
আৰু বিনিময় কৰিলো
উদ্ধৃতিৰ আঙুলি, প্ৰাৰ্থনাৰ দুহাত;

যিবোৰ কোৱা নহল,
কোৱাৰ পিছতো যিবোৰ উচ্চাৰিত নহল,
আচলতে সেয়াই নাছিল জানো আমাৰ কবলগীয়া ?

************
১৮-০৫-১৩

No comments:

Post a Comment