Friday 1 February 2013


শেষত সকলো
==============

শেষত সকলো মানুহেই নিজান নাবিক,
ডিঙিত ওলোমাই বৰফৰ কম্পাছ
কামিহাড়ৰ পোতাশ্ৰয়ত পৰি ৰোৱা
জাহাজৰ জঁকা;

এখন পানীৰ চহৰত পুতি থৈছো মোৰ উজাগৰ শ্মশান,
পুতলা জোন এটা নামি জুখি চায়
কিমান দ
ভৰিৰ আঙুলি তিয়াই গুচি যোৱা অজেয় বন্দৰ,
ব্ৰোণ্জৰ তাৰত বাজি ৰোৱা সেই দুধাৰ সমুদ্ৰ;

শেষত সকলো মানুহেই শূন্যতাৰ বৰ্ণনা
শৰীৰৰ দুৱাৰ জপাই গুচি অহা এটা শংখনাদ,
এটা সন্ধ্যাৰ বিষন্নতা মেৰিয়াই
সাৰে ৰোৱা এখন নিদ্ৰাৰ পতাকা;

সোঁৱৰণি অথবা বিষাদ,
বুকুৰ ভিতৰতো খোলা থাকে অলেখ চিঠি
প্ৰেৰকৰ নাম নোহোৱা !!

************
২৬-০১-১৩

No comments:

Post a Comment