Saturday, 13 July 2013

আলাপ
==========

কাৰো বাবেতো কোনো ৰৈ নাথাকে,
আশ্ৰিতা নাৰীৰ দৰে শোকৰ এই সহজ সমৰ্পন
সাৰে থাকে কেৱল প্ৰাৰ্থনাৰ ইপাৰে সিপাৰে ;

শব্দৰ সেঁতু বগাই নামি অহা অষ্টাদশী অৰ্থ
যাৰ বুকুত কবৰৰ দুপৰ বাট হৈছিল,
দুৱাৰ খুলি ৰৈ থাকে তেঁওলৈ
শোকৰ আগন্তুক,
আমন্ত্ৰিত আলিংগনৰ প্ৰান্তৰে প্ৰান্তৰে;

নিজৰ বাহিৰে আমি কাকনো হেৰুৱাব পাৰো ?
ভালপোৱাৰ এটা বিলক্ষণ অজুহাতত
কেতিয়াবা তুলি দি থৈ আহো নিজক তেওঁৰ দুহাতত
এটা দুখৰ ভাস্কৰ্য্যৰ দৰে;

কাৰো বাবেতো কোনো ৰৈ নাথাকে,
সোৱঁৰণিৰ অবধাৰিত বাটেই
গুচি যোৱাৰ বাট, উভতি নহাৰ বাট !
গহীন সন্ধ্যাৰ অনাবৃতা এটা শংখধ্বনিৰ দৰে
সকলো অবাটৰ মুখতে ৰৈ আছিল তেঁও
নিৰ্যাতনৰ সমস্ত লিপি লিখি লৈ নিখুত আত্মাত ;

কাৰুণ্যৰ ওঠে ওঠে নিনাদিত হৈ আছিল সিদিনা
দুখৰ দেঁওলগা মাত !

******************
১৩-০৭-১৩

Friday, 7 June 2013

আজাৰ
========

শব্দৰ অতীত আছিল সেই অৰ্থ,
নগ্নতাৰ দৰেই সহজ আৰু পৱিত্ৰ
য’ত শিৰ থৈ শুইছিল আমাৰ প্ৰতিবিম্বত দেহ ;
দাপোনৰ আত্মবিস্মৃতিৰ দৰে,
দেহান্তৰিত কোনো প্ৰাৰ্থনাৰ দৰে
এতিয়া আত্মাৰ অৰণ্যত হিম নে বসন্ত
আমিও হয়তো নাজানো;

কাৰ বাবে এই জয়ধ্বনি, পোহৰৰ আঙুঠিৰ ছায়ামনি ?
মণিবন্ধত বিৰাগ বান্ধি সময় কিয় বাৰে বাৰে অনুতাপৰ নিৰ্বাক বৈষ্ণৱ;
এই মথাউৰি ভাঙি যেন হ’ম চৈতন্যৰ উজাই বোৱা সোঁত
এই শূন্যতাৰ নাড়ী চিগি হ’ম যেন নিবৃত্তিৰ জাৰজ প্ৰসৱ;

এই স্থবিৰতাৰ সকলো বুনিয়াদ ভাঙি
নিদ্ৰাৰ সিৰাই সিৰাই
তাণ্ডৱ নাচক নটৰাজ কথক ,
এই মাটিৰ ঈশ্বৰ বন্দিত হওক এজাক বৰষুণৰ শিপাত;
দেহ ফালি ওলাই আহো আমি উত্‍কণ্ঠ আলাপ হৈ,
আত্মাৰ বাকলি খুলি গজি আহো একান্তত
কোনো বোধিদ্ৰুমৰ বিটপ হৈ,
তেজৰ তন্দ্ৰা গচকি
খোজৰ মূলত জাগি উঠক পুনৰ
পূৰ্ণতাৰ শৰীৰী পৌৰুষ, মুগ্ধতাৰ বিমূৰ্ত্ত নাৰী;

এই স্বাধীনতা কামিহাড়ত লিখি থোৱা
মোৰ চেতনাৰ উৰ্দ্ধবাহু দিন, প্ৰাৰ্থনাৰ শুভ্ৰ-অশ্ব;
যাৰ দৃষ্টিয়েদি ম‍ই উঠি যাও দুৰাৰোগ্য শব্দলৈ
যাৰ নিশ্বাসেদি ম‍ই নামি আহো মোৰ অনুৰূপ অৰ্থলৈ;
সত্য য’ত কেৱল ভালপোৱাৰ শব্দ-অভ্যাস,
সত্য য’ত কেৱল উশাহ নামৰ এই ক্লীৱতাৰ মুক বিলাপ;

খোজবোৰ যদি কেৱল খোজেই হ’ল হৈ....
ইচ্ছামতি নদীৰ দৰে সময়ৰ এই অনুশোচনা
বাৰে বাৰে ঘুৰি আহো নিজৰ কাষলৈ,
পাৰত তিতে বেনাম কোনো নাবিকৰ কবৰ
খোজবোৰ যদি কেৱল খোজেই হ’লহৈ;
এথোপা ফুলৰ আয়োজন জাহাজঘাটত ডুবি
সান্ধ্য প্ৰতিশ্ৰুতিবোৰক সোঁৱৰাই,
ঢৌৰ আজাৰত দুলি
অক্ষমতাৰ আগন্তুকক শেষ অভিবাদন জনাই যায়
জয়াল সমুদ্ৰৰ হাতৰ এটা বিদায় মুদ্ৰাই,

নিজকে ক্ষমা কৰিব নোৱাৰাৰ অপৰাধত সকলো নাবিকেই
হয়তো এদিন অপৰাধী;

কোনোবাদিনা আমি নিজকে পুনৰ বিছাৰি পামগৈ
হয়তো কোনো ফকিৰৰ দোৱাত,
ক্ষমাৰ সৰল আত্মীয়তাত
আমিও হয়তো এদিন ৰোমন্থিত হ’ম
শোকৰ দৰে নিস্পাপ কোনো এটা পাপত,
শব্দৰ অতীত হব যাৰ মৌন পশ্চাতাপ !!

***************
০৮-০৬-১৩

ষ্টেশ্যন
=======

যিসকল আৰু ঘুৰি নাহিল
তেওঁলোকৰ বাবেই ৰৈ থাকে ষ্টেশ্যনবোৰ,
ধোঁৱাৰ ৰেলেগাড়ীবোৰ;
সমান্তৰাল ক্লান্তিৰে ৰাতিয়ে টানি নিয়ে স্বপ্নৰ লোহা ;
অৱচেতন আদ্ৰতাৰ কিছু মামৰ আঙুলিৰ জোৰাই জোৰাই
শোকৰ দৰে এটা নিশাচৰ অসুখ হাঁড়ৰ চকাই চকাই,
ঠিক নিদ্ৰা নহয়
ষ্টেশ্যনত ৰেলগাড়ীবোৰে সলাই লয় এটা শূন্যতাৰ দোমোজা ;

প্ৰতিখন চহৰেইতো আপেক্ষাৰ জয়াল জঁকা,
প্ৰতিটো যাত্ৰাইতো পলায়নৰ নতুন আখাৰা;
ঠোঁট শুকুৱাই বহি ৰয় কেৱল ৰোমন্থনৰ জংচন
সহযাত্ৰি য’ত কোনো ফুলশয্যাৰ আততায়ী,
সেই একে অনিদ্ৰাৰ দেৱাল লিখন পঢ়ি
ৰাতিবোৰ কাৰ্শলা সাপ হৈ বগাই যায়
প্লেটফৰ্মৰ উজাগৰ কান্ধ;
হেজাৰ আয়োজনৰ শেষতো সেই একে অনুতাপৰ কয়লা পুৰি
সাৰে ৰয় ষ্টেশ্যনবোৰ,
উকিৰ কৰতেৰে দুফাল কৰি শেষ ৰাতিৰ অৱসাদ !!

**************
০৭-০৬-১৩

Sunday, 2 June 2013

ইৰম
=====

চিত পখিলা চিত পখিলা
কোন পৰীৰ পাখিত অনুৰাগ থৈ
ভালপোৱাই পিন্ধে তেজৰ মুকুতা,
তুমি জানো জানা ?

সেই যে পাহাৰত ফুলিছিল সাঁতটা কবৰ,
সীহৰ অৰণ্যই শিপাত তুলি লৈছিল
আলতীয়া দেহৰ খনিজ
তাতেই তেওঁ বুকু পাৰি বহে;
সপোনৰ দিহিঙ সপোনৰ দিপাঙ
বন্ধকত থৈ
সতীৰ্থ নদীৰ বিষন্ন বুৰঞ্জী,
নিৰন্ন হাতেৰে তেৱেইতো লিখে;

জখমৰ জোন হাকুটিয়াই নামি আহে কলিজাত
লেলিহান ৰাতি,
উচুপনিৰ বাগিচাই বাগিচাই এপিটাফৰ বনফুল;
আউসীৰ অজুহাতত উলংগ কৰা জোনবোৰক
সেয়া তেওঁ
শুশ্ৰূষাৰ মখমল হৈ সাৱতি,
নিঃকিন হুমুনিয়াহবোৰৰ ফেৰেঙনিত
প্ৰতীক্ষাৰ অৰ্কিড হৈ সেয়া তেওঁ,
যেন কোনো সন্ধিয়াৰ অম্লান আৰতি;

হৃদয়ত হেলাম দি থিয় হব খোজা
ৰ’দৰ প্ৰতিবাদ,
তেওঁ লিখি লৈছিল হাড়ৰ দিনপঞ্জিত ;
বুকুত আজিও নিতিতা এটা বালিচৰ,
কিমানটা যে শাওণ, আৰ্তনাদৰ
কেইজাক যে বৰষুণ, লোতকৰ
কলিজা পুৰি নামি গ’ল ;
নিৰাহাৰ প্ৰাৰ্থনা এটা হৈ তেওঁ এতিয়াও সেই শৃংগত
শিলত পোখা মেলি
বৈ আছে মাটিয়ে পানীয়ে য’ত
তেওঁৰ তেজ, তেজৰ কোবাল খবৰ !

****************
(লৌহমানৱী ইৰম শৰ্মিলাৰ হাতত)
২২-০৫-১৩

Sunday, 19 May 2013


বাৰিষা
=======

আকাশৰ গালত চকৰা চকৰ বগাচৰম
চালা, ডাৱৰৰ নাম এনেই বদনাম;

ৰ’দো দিয়ে হেনো আৰু বৰষুণো,
চুলিত হেনা কৰা মেঘ বান্ধি
ডেউকা মেলি উমনি দিয়ে নদীয়ে
নষ্ট পৃথিৱীৰ জৰায়ু,

বৰষুণৰ বুৰঞ্জী মেলি
মোৰ চালত সদায় পৰেহি
এটা নাম নজনা ৰাতি,
তামৰঙী বিষাদে বুকুতে তিয়াই যায়
সন্ধিয়াৰ শেষটো চিগাৰেটৰ আমেজ;
ম‍ই যেন আকৌ এবাৰ ঘুৰি আহো চেতনাৰ পৰা
আৰু বিচাৰি ফুৰো তেঁওক
তোলপাৰ কৰি শূন্যতাৰ শেষ ৰেওৱাজ !

*****************
১৬-০৫-১৩

Friday, 17 May 2013

উচ্চাৰণ
=======

কোনোবাদিনা আমি সঁচাকে কথা পাতিম,
উচ্চাৰণৰ কণ্ঠহাড় খুলি থৈ
শব্দ হ’ব জিহ্বাৰ চিৰায়ু তিলক,
ধ্বনি আমাৰ পৰিচয় প্ৰত্যাশী যাত্ৰা
আৰু আমি মুক পৰ্য্যটক;
প্ৰতিটো খোজতেই এৰি থৈ আহো
একোটা অনুতাপ,
প্ৰতিটো খোজতেই জ্বলাই থৈ আহো
উচুপনিৰ এটা অবিচল জতুগৃহ ;

ওঠত আমাৰ পিয়াহৰ দুৰ্লভ নিয়তি, প্ৰাণত প্ৰিয়তম বিষাদ ;
কপালত জ্বলি ৰয় অনিশ্চয়তাৰ
বিস্মিত বিশ্বাস;
স্পৰ্শত তেঁওৰ ক্ষমাৰ কীৰ্তি, তেজত সমৰ্পনৰ সুবাদ,
ধোঁৱাৰ সিপাৰে যেন এটা ছাঁই আওৰাই ৰয়
বৰষুণৰ কোৱাৰিত জুঁইৰ শেষ শব্দহীনতা,
কেতিয়াবা পাপৰ দৰে সহজ
আৰু কেতিয়াবা স্বীকাৰোক্তিৰ দৰে দুৰ্বিসহ
তেওঁ মোক চুই যায়,
আৰু ম‍ই তেওঁ বুলি চুই চাও বাৰে বাৰে
স্পৰ্শৰ সিপাৰৰ সমস্বৰ শুভ্ৰতা;

অৱশেষত সেই পাৰ্থিৱ পুৱা
উজাগৰ আঙুলিত আমাৰ চিকমিকাই উঠিছিল
নেপথ্যৰ এটা নুশুনা উচ্চাৰণ,

এতিয়া নাভিত সুদূৰ বিষাদ
শোকৰ মুঠিত তিতি উঠে নিমাত এটা জয়ধ্বনি,
প্ৰতিধ্বনিৰ শংকু্ৱেদি সৰকি
আমি যেন বাজি ৰ’লো ইটোৱে সিটোৰ মৌনতাত,
আৰু বিনিময় কৰিলো
উদ্ধৃতিৰ আঙুলি, প্ৰাৰ্থনাৰ দুহাত;

যিবোৰ কোৱা নহল,
কোৱাৰ পিছতো যিবোৰ উচ্চাৰিত নহল,
আচলতে সেয়াই নাছিল জানো আমাৰ কবলগীয়া ?

************
১৮-০৫-১৩

কেতিয়াবা
==========

কেতিয়াবা সময় কটোৱাতো
বৰ কষ্টকৰ হৈ নপৰেনে আপোনাৰো ?
বৰ কষ্টকৰ হৈ নপৰেনে
চিগাৰেটৰ ধোৱাৰ শূন্যতা,
কেতিয়াবা ফিকা হৈ নপৰেনে হঠাতেই
পৃথিৱীৰ সকলো ভাল লগা কবিতা
খায়াম, নৱকান্ত অথবা নেৰুদা ?

গধুলিৰ হাতত মায়াময় আবেলি
যেতিয়া থমথমকৈ বহি থাকে
সকলো বিৰাগ সামৰি,
পৃথিৱীৰ সকলো দুখৰ নদী
সাতুৰি পাৰ হৈ আহি
নতুনকৈ প্ৰেমিক হব মন যায়;

অযুত ৰাতি আপেক্ষা কৰি ৰব মন যায়
বেলিফুলৰ দৰে দুটা চকুৰ
যাৰ বাবে
প্ৰতিটো ঋতুৱেই সেউজীয়া,
যাৰ ওচৰত প্ৰতিখন টলবল চকুৰ চহৰ
সুখী সুখী ভাবৰ উপত্যকা ;

*************
১৪-০৯-০৩