Friday, 17 January 2014

পৌৰুষ
=======

আমি সময়ৰ শ বোৰ চিপজৰীত তুলি দিলো
গধূলিৰ গিলাচ বোৰ ওপঙি আহিল
নিদ্ৰা আৰু আলিঙ্গনৰ তেজগোৰা নৈত,
কাৰ বা নাম ওলমি আছিল প্ৰতীক্ষাৰ ফলকত ?
আমিয়েইতো গুজি দিলো ভালপোৱাৰ দুখন ৰুটি
পাপৰ ঠেৰেঙা দুহাতত,
আৰু ৰৈ থাকিলো
ইটোৱে সিটোৰ আপেক্ষাত
বুকুৱে বুকুৱে এখন বেথেলহাম লুকুৱাই;

ওভতনিৰ বাট এটা হেৰুৱাই এদিন আমি চাই ৰৈছিলো পৰস্পৰক
আমাৰ বুকুত শিল হোৱা সেয়া শব্দৰ শেষ মৌনতা,
ইডেনৰ সৰিসৃপ হৈ
আমাৰ ডিঙি মেৰিয়াই সাৰে ৰয়
হাহাকাৰৰ দৰে সেয়া অনিবাৰ্য নিসংগতা;
কাক চুই আহিলো স্পৰ্শৰ শেষৰটো শব্দৰে ?
কাক এৰি আহিলো আপেক্ষাৰ শেষৰটো অৰ্থৰে ?

সময়ৰ সেঁওতাত অপলক এটা সূৰ্য
যিদিনা তিৰবিৰাইছিল
আমি পুৰুষ হৈছিলো,
গ্লানিৰ ভস্ম হাড়ত সানি আমি হৈছিলো শূন্যতাৰ সাধক,
যাৰ বাবে আমাৰ এই অনন্ত সাঁতোৰ
সেই বিষাদ আছিল আমাৰেইতো শিৰত জী উঠা
চিৰপ্ৰণয়িণী প্ৰমদ্বৰা;
আমাৰ আলিঙ্গনৰ প্ৰাঙ্গন পোহৰাই গুচি যোৱা সেই বিষন্ন খোজ
আমাৰেইতো মোক্ষম প্ৰণয় ৰু-ৰুৱাই জ্বলি উঠা;

যিমানেই জীৱন্ত সিমানেই মৃত যেন আমি,
চকুত বেথাৰ ব’হাগ আৰু জিভাত নিৰাহাৰ মাঘ লৈ
বৈ যাও মাথো নিজৰ নামৰ শূন্যতালৈ,
খোজত বাটবোৰ আওজাই থৈ
জেপত গুজি লও বিষাদ আৰু আকাল;
কণ্ঠৰ কৰুণতা উৰি হাতৰ ৰেখাবোৰ সাৰ পায় মহীয়সী ৰাতিৰ মুঠিত
সিৰাত যাৰ অবিনাশী আপেক্ষা,
অশ্ৰুৰ শিপাত ফুলি ৰয় আমাৰ গ্লানিবোধৰ প্ৰাচীন পৌৰুষ
আৰু স্পৰ্শাতীত আঙুলিৰ কোৰ্হাল;

উচুপনিৰ এটা গোন্ধ ঠিক জন্মৰ বাটতে এদিন
কোনো সতীৰ চিতাৰ দৰে জ্বলিছিল,
নাভিত আমাৰ আজন্মা আয়ুস
কোনো নিৰ্যাতিতৰ কফিনৰ দৰে
এদিন শেষবাৰৰ বাবে ফেকুৰিছিল !!

**************************
১৭-০১-১৭

Thursday, 5 December 2013

সেঁওতা
======

কাৰোবাৰ মুখৰ পৰা ওফৰি অহা তেজ এসোঁতা
দলি এটা হৈ দৌৰি যায়,
কপালত তেঁওৰ খলকি উঠা
সাইলাখ এটা গধূলিৰ হ্ৰদ,
পাৰত সময়ৰ আঙুলিৰ অনন্ত মৌনতা ;

হে জননী
বহলাই দিয়া তোমাৰ শিৰৰ বাট,
এই যে এৰি আহিলো তেঁওক এটা দুখৰ সিপাৰে
এই যে ঘুৰি চাও বুলিও চাব নোৱাৰিলো
এতিয়াও মোক ৰিঙিয়াই মাতে
খুলি থয় প্ৰাৰ্থনৰ প্ৰাঙ্গন,
মাটিৰ চাকিৰ পোহৰত এতিয়াও পুঁৱায় তেঁওকলৈ
উচুপনিৰ চুলিত
ৰাতিৰ বিষাদ বিশেষণ;

কি নাম দিও এতিয়া তাক
বুকুজুৰি যাৰ শূন্যতাৰ অজুহাত,
বাট বিচাৰি পিন্ধি ল’লো শেষত
তেঁওৰ নিথৰ ঠিকনা মোৰ দগ্ধ খোজত ,
কি নাম দিও এতিয়া তাক,
উচ্চাৰণ জুৰাই গুছি গ’ল যাৰ
মৌনতাৰ আকণ্ঠ অনুৰাগ !!

************
০৫-১২-১৩

(এমাহ আগত এটা পথ দূৰ্ঘটনাত মোৰ অতি অন্তৰংগ বন্ধু এজনে তাৰ প্ৰিয়তমা পত্নীক হেৰুৱায়, লগতে সি আৰু তাৰ এবছৰীয়া শিশুটো আঘাটপ্ৰাপ্ত হয় l
ভগৱানে তাক এই দূঃসময়ৰ মুখামুখি হব পৰা শক্তি আৰু সাহস দিয়ক l )

Saturday, 30 November 2013

কথক
=======

কাৰ নাভিৰ ইমান গোন্ধ,
সাৰ পাই উঠিল অৰণ্যৰ নিনাদ,
জিভাত তেজৰ ছাই লৈ
আমি ইজনে সিজনক চুমি চালো,
দুহাতত প্ৰাৰ্থনাৰ বিষাদ লৈ
আমি ইজনে সিজনক চুই চালো
আৰু ক’লো
এই ভালপোৱা যেন
শূন্যতালৈ পূৰ্ণতাক তুলি ধৰা
কোনো ভীক্ষুকৰ উদাৰ দুহাত !!

*************
৫-১১-১৩

Tuesday, 15 October 2013

সেউজী পাতৰ কাহিনী
==================

চাইৰেনৰ মাতে পুৱাটোক হেচুকি জগায়;
কপালৰ পৰা ৰ’দলে এটা জুনুকা বাট
আঙুলিৰ পৰা বুকুলে এটা নুফুটা মাত
দো খাই আহে নীৰৱতাৰ জুৰি,
মুকলি ঝুমুৰ এটা হৈ তাই
ছা-পোহৰৰ গাঠি ভাঙে এককাল সেউজীয়াত ;

লাল চাৰি পিন্ধি ৰ’দৰ
দিনটো যেতিয়া তাইৰ বুকুৰ দ’ খিনিত ঘামে
বেলিটো অলপ জোৱান হয়,
দিৱানা হয় নাহৰৰ ছাঁবোৰ অলপ
এটা দুটা কলি তাইৰ হাহিৰ
এটা দুটা পাক তাইৰ লাহী আঙুলিৰ,
আৰু পিঠিৰ টুকৰীটোত আওজি
ভঙনীয়া সুখবোৰে আবেলিৰ ভাগৰ পলুৱায় অলপ ;

কথা নাছিল যদিও
গধুলিতে দোভাগ হয় ৰাতিটো,
কেৰাচিন তেলৰ চাকিত হাড়িয়াৰ গোন্ধ এটা
জ্বলি জ্বলি নুমায়,
কৰবাত নিমখীয়া জোন এটা
নুমাই নুমাই জ্বলে,
থুনুক-থানাক দুখন হাতৰ মৰম
তাইৰ শোকতে
দুৰৰ কোনো মাদলৰ মাত হৈ বাজে;

কান্দোনৰ কোলাত সাঁচি থোৱা ঘুমতি এটা
ধৰফৰায় ধৰফৰায় বাউলী হয়,
তিনিদিনৰ জ্বৰতে তাইৰ কেচুৱাটো সিদিনা
যদি থৰ নালাগিলহৈ... !!

*******************
১৫-০৯-১৩

Saturday, 31 August 2013

কৃষ্ণ উপজিব আজি ৰাতি
===================

হাঁহিৰ গোন্ধ এটা ৰৈ বৈ ফুলিব,
কান্দোনৰ গোন্ধ এটা আহি কোলাতে শুব;
মেঘৰ মজলিচত
খবৰটো ইকাণৰ পৰা সিকাণলৈ বাগৰি যাব ,
আজি ৰাতি হেনো কৃষ্ণ উপজিব !

এটা উলাহ বৰষুণৰ দৰে জাক পাতি
এটা আদৰ ঠুনুক ঠানাক দুহাত মেলি;
হাঁহো নে কান্দো, কান্দো নে হাঁহো
বুকুত বুকু থৈ বুকুতেই ঠন ধৰি উঠো ;
দুখৰ দুৱাৰ মাৰি সুখৰ মাদলি
ৰাতিৰ ডিঙিয়ে ডিঙিয়ে ওলমিব,
আজি ৰাতি হেনো কৃষ্ণ উপজিব !

কান্দোনৰ গছ এদাল চিত্‍ হৈ পৰি ৰব,
মেঘৰ মজলিচত খবৰটো
ইকানৰ পৰা গৈ সিকানতে জলকা মাৰি ৰব ,
আজি ৰাতি হেনো ৰাধা উপজিব ;
ডাষ্টবিন আই হব
পিতনি হব পিতাই,
জয়াল ৰাতিয়ে কেচা কান্দোনবোৰ তাইৰ
জীয়াই জীয়াই ডিঙি চেপি মাৰিব,
যমুনাৰ পাৰত কৃষ্ণ চিঞৰি চিঞৰি বলিয়া হব;

আজি ৰাতি হেনো ৰাধা উপজিব !!

****************
২৮-০৮-১৩

Saturday, 10 August 2013

কোকেইন
========

সিৰাৰ দাতিয়েদি গুছি যায় নিমাওমাও সমুদ্ৰ;
পিয়াহত পোত যায় টোপনিৰ আঙুলিবোৰ ,
হাড়ত উদযাপন কৰি নিৰ্বানৰ দিন
ধূসৰতাৰ ধ্যান ভাঙি বুদ্ধ হোৱা
আমি একোজন
ৰাতিৰ সিপাৰৰ মৌন বোধিসত্ত্ব;

কাৰ টোপনিত বাজি উঠে এখন বীণ ?
দূৰৈত থৈ আহিছিলো যে ৰাতি এটা
ওৰেটো বাট মাতি আহিছিলো যে প্ৰাৰ্থনা এটা,
এতিয়া আঙুলিত ওলমি ৰয় আক্ৰান্ত আয়ুস
চকুত জ্বলি যায় চুলেই
অশ্ৰুৰ দুৰ্লঙ্ঘ্য দৰ্শন;

আমাৰ কান্দোনৰ খটখটিবোৰ পিছলাই
ক্ৰমশ অচেতন হৈ আহে এটা বাট যন্ত্ৰণালৈ ;
শিৰৰ জীয়াতু নুমুৱাই
ক্ৰমশ জাগৃতি হৈ আহে এটা নিদ্ৰাৰ ফুল
স্বপ্নৰ ধতুৰা হাতত লৈ ;

খোজৰ দুৱাৰমুখ তিয়াই
আমি যাক বিচাৰি ফুৰিছো
সেয়া জানো কোন প্ৰতিবিম্বৰ দেহ নে আত্মা ?

আঃ অমোঘ স্থবিৰতা,
যি গতিৰ নগ্নতা ভৰিত বান্ধি ল’লো আমি
সেয়া জুই নে শিপা ?
অৰ্পিতা কোনো আৰতিৰ দৰে
অদ্ভুদ এক অপাৰ্থিৱতাৰ এটা তুমুল স্পৃহা
ঠিক ভালপোৱাৰ দৰে উদযাপিত হৈ ৰয়
নিৰ্যাতিত নাভিত আমাৰ এতিয়া;

আমি যেন পুনৰ থিয় হলো,
তেজৰ সতে সলাই ললো অনাদিৰ প্ৰথম বসন্ত,
আৰু শূন্যতাৰ সতে সময়ৰ মহান আধ্যাত্ম !

*******************
০৮-০৮-১৩

Sunday, 4 August 2013

আৰণ্যক
=======

কেতিয়াবা উচ্চাৰণতো বাগৰ সলায় মৌনতাৰ নাৰী,
ৰাতি ভৰি কথাৰ বকুল, কালৈ হাত মেলি ?

কালৈ হাত মেলি বন্দৰৰ ওপঙা সপোন ?
কালৈ উজাগৰ পতাকা, দুখৰ ইমান আপোন ??

হাতৰ অৰণ্যত শোকৰ ৰুদ্ধশ্বাস আজাৰ,
নিজান শিপাত তিৰবিৰ
ৰাতিৰ নিদ্ৰিত দুপৰ !
হে প্ৰাণময় পাৰ্থিৱতা,
যাক এৰি থৈ আহিলো তেঁওকেইতো তুলি ললো পুনৰ,
এতিয়া,
কাক খুন্দিয়াই, বুকু বিচাৰি শোকৰ এই অনন্য প্ৰতিভা ?
কাক বিচাৰি অনুতাপৰ এই শব্দ-কবিতা ?

সমৰ্পনৰ সকলো পাপ তেঁওলৈ থলো,
দুখৰ সকলো প্ৰশংসা তেঁওলৈ থলো,
এতিয়া দেহেদি বাগৰি যায় মৌনতাৰ প্ৰগলভ উচ্চাৰণ
ক্ৰুৰ কোনো আততায়ীৰ হাতৰ চুৰি যেন....!!

*******************
২২-০৭-১৩