Thursday, 23 February 2012


বেশ্যা আৰু আপুনি
-----------------

প্ৰেমৰ একেবাৰে শেষৰ বাইলেনটোত তেওৰ বসবাস;
প্ৰতি ৰাতি তেও আওৰায়
আদিম সেই নিষিদ্ধ পাটিগণিত;
আৰু নিৰ্লিপ্ত হৈ প্ৰত্যক্ষ কৰে
ঘাতক প্ৰেমিকৰ পৌণঃপৌণিক কুচকাৱাজ

আজি ৰাতিৰ বাবে আপুনি তেওৰ প্ৰেমিক;
মহাশয়,
নিসংকোচে সোমাই যাওক তেওৰ কোঠাত ,
তেওৰ বেপৰোৱা চুলিত বাহ বান্ধি
নিশ্চিন্ত হৈ আপুনিও ভাও দিব পাৰে আজি
প্ৰেমিক বাদূলিৰ !
অথবা জুখি চাব পাৰে
তেওৰ বুকুৰ হ্ৰদ কিমান গভীৰ,
 কিমানেই বা  দ তেওৰ চকুৰ কুৱা...?

আজি ৰাতিৰ বাবে আপুনি তেওৰ প্ৰেমিক;
নিসংকোচে সুধি চাওক
তেওৰ খিৰিকিমুখত ভীৰ কৰেহি দৈনিক
কিমানটা উদঙীয়া জোন ?
অথবা তেওৰ বুকুৰ হ্ৰদৰ পানীত শিল দলিয়াই
শুনি চাওক সুখৰ জলতৰংগ.......
বস্ত্ৰহীন খৰাঙৰ সমদল লুকুৱাই
তেও হৈ পৰিব আপোনাৰ ক্লিওপেট্ৰা
আৰু আপুনি তেওৰ এঘন্টীয়া চিজাৰ ;
চকুপানীৰে ধাৰ দিয়া কাঁচিৰে
তেও কাটি যাব এডাল দুডালকৈ
আপোনাৰ দুখৰ অপতৃণ, পাকৈত দাৱনী হৈ

আপোনাৰ অহংকাৰৰ একুৱাৰিয়ামত মেলি দি
সুখৰ দৰিকণা,
তেও আধাৰ হব এটা শ্বাপদ ৰাতিৰ;
আৰু মকৰা হৈ আপুনি চিকাৰ কৰিব
তেওৰ পতংগ শৰীৰ-
ৰেচমী পাপেৰে মেৰিয়াই মেৰিয়াই

মহাশয়,
সুখী হোৱাৰ চিৰন্তন সুত্ৰৰে আপোনাক সুখী কৰি তুলিবলৈ
তেও মুখাগ্নি কৰে প্ৰতিনিয়ত তেওৰ আত্মাৰ;
আৰু তাতেই হাত সেকি
আপুনি গোপনে আতৰ কৰে আপোনাৰ পপীয়া জাৰ... !!
তথাপিও কিন্তু সকলো একেই থাকি যায়-
একেই নিখুত দিন, নিখুত পোহৰ;
কেৱল তেওৰ হাড়ৰ শৰ্য্যাত
এঙামুৰি দি ৰয়
এজন নপুংসক ঈশ্বৰৰ পৌৰাণিক ভাগৰ  l

    ******
                  ২৩-০২-১২

Wednesday, 22 February 2012


ষ্টেশ্যন
-------

বুভুক্ষু ইতিহাসৰ যাত্ৰিক আমি I জীৱন এটা চৰম অবাস্তৱ I
উকামুৰিৰ গৰ্ভৱতী সপোনৰ কলংক বহন কৰি
বেচিজিল ৰেল ক্লীৱ ঘোৰা I

স্বৰলিপিৰ বহীত
অযুত ফেহুজালিৰ ফেকুৰৰ গান I নিৰ্বানৰ
কাঢ়া ধপাত টানি ৰৈ আছে প্ৰাণহীন ষ্টেশ্যন,
ৰাতিৰ অৱসাদত I

বলিশালত কিমানটা ছাগলীৰ কটা মুৰ বন্ধু ??
কিমান টকাৰ পূণ্যৰে ধুই ললা
পাপৰ উফি I পলাশত জুইৰ ঘা আৰু
চহৰীয়া কৃষ্ণচূড়াত বীৰ্যৰ চেকুৰা ;
বেশ্যাৰ স্তনৰ কাঠৰ ঘোৰাত শ্বাপদ বুৰন্জীৰ
ভোকাতুৰ জাপ ,
কিন্তু ষ্টেশ্যন ক’ত.........?

মহানগৰৰ কলাফুলত চেলাপতীয়া জোক ,
হুমুনিয়াহৰ শিল্পত সোণৰ হৰিণ আৰু
ফেপেৰি পতা জোনাক,
সকলো অৰ্থহীনতাৰ পাণ্ডুলিপি ;
আৰু আমি পয়ালগা ঘূণৰ জীৱাশ্ম !
চিলনীৰ জীয়েকৰ হাড়ত গজা নষ্ট নক্ষত্ৰৰ
নেগুৰত ধৰি, দহহাত চুলিৰে বগাই আহে
কত নিৰুদ্দেশ আত্মা ;
উন্মাদনাৰ দেহত বাগৰে সহস্ৰ মৃত্যুৰ ঘাম-
অ'.....ঈশ্বৰহীনতাৰ ঈশ্বৰ
জীৱনৰ বাবে আয়োজনৰ আমাৰ যে একান্তই অভাৱ II

ষ্টেশ্যনৰ কোনোবা কাপ চাহৰ ধোৱাত এদিন
ভোকৰ পলসত গজিব কোমল চাবুক ,
ভৱিষ্যত আমাৰ এটা ব’দ অভ্যাস, এটা মাতাল বেলি ;
বতিয়াই পৰি থাকে প্লেটফৰ্মত I
দশৰথৰ শব্দভেদী কাড়ৰ আগত আমি সদায় মৰো
মৈথুনৰত হৰিণ হৈ,
প্ৰতিটো ষ্টেশ্যনৰ বেটুপাতত ;

প্ৰেয়সী চহৰত এতিয়া ৰিক্সাৱালা জোন,
কেকোজেকোকৈ টানিছে এখন ভঙাছিঙা আকাশ ;
আমাৰ কংকালত বাজে
মেকুৰীৰ ডিঙিৰ টিলিঙা ;
পাহৰণিৰ সৰ্বোত্তম শিল্পত
স্মৃতি আমাৰ পোৰামাটিৰ বাচন I
পৃথিৱীৰ শেষৰটো শ্টেশ্যনত টিকত আমাৰ
মাথো শামুকভঙা চৰাইৰ দুখ !!

   ********
                 (১৫-০১-১২)

আপেক্ষা
-------

ৰৈ থকাতো এক সুঠাম বিস্ময়
ওঠত লৈ কবৰৰ ভাগৰ ,
সকলো ৰৈ থাকিব খোজে
নিদ্ৰাহীন মেটেকাৰ দৰে ;

মহানগৰৰ কান্ধত
ৰ’দৰ বৈ পৰা চুলি,
অভাৰব্ৰীজৰ জেপত
বিপ্লৱৰ চিগাৰেট;
আৰু
সন্ধিয়াৰ পাৰ্কত এটা
তুমি নামৰ ভ্ৰান্তি-
সকলো ৰৈ থকিব খোজে
য্ন্ত্ৰনাৰ শামুক হৈ !!

  *****

ভালপোৱাৰ বাটে বাটে
--------------------

হৃদয় এৰি কোনটো বাটেৰে যাব তেও ?
মৃত সৰিসৃপৰ দৰে নিথৰ হৈ পৰি আছে
গোটেইকেইটা বাট,
খোজ দিলেই যে বাটৰ ধূলিত লাগি ৰব
নিঃশব্দ ভালপোৱাৰ শব্দহীন শব্দালাপ !

তেও যোৱাৰ কথা আছিল ,
কোনোবা এটা বিমুগ্ধ নাৰ্চিচাছৰ ৰাতি
যুতি ফুলৰ মালা এধাৰিৰে
মই তেওক বিদায় জনোৱাৰ কথা আছিল
গোলাপ বাগিচা ভ্ৰমণৰ স্মৃতি ৰুমালত বান্ধি
কাৰণ,
গুচি যোৱাটো যে ঘুৰি নহাৰ দৰেই
প্ৰেমৰ এটা অসহজ সংলাপ;

এতিয়া অবাক হৈ
পৰি ৰয় সময়বোৰ দূঃসময়ৰ দৰে;
উদাসীন ৰাতিৰ প্ৰান্তত
সুখৰ এহাত ডাঠ আৱৰণ গুচাই
লৰচৰ কৰি উঠে অলপমান দুখ,
ৰাতিটোত ভেজা দি থিয় হয় কবি
এন্ধাৰত উক দি উঠিছে আজি পুনৰ
কবিৰ বহুপুৰণি ভালপোৱাৰ অসুখ !

আজিও শুব নোৱাৰো মই
মৌনতাৰ পিয়লাত মুখ ৰাখি
আজিও ঠেহ পাতিব আহি
মোৰ কাষত কঠন্দা ফুলাৰ সময়,
আজিওতো শুব নোৱৰো মই..

  *******
                                     22-02-04

-নিশিগন্ধালৈ-
   ----------

এয়া যে উত্‍সৱৰ সপোন
আৰু মই পৰি ৰলো নিশিগন্ধা ,
তোমাৰ ওঠৰ কেকুৰিত
এজাক কঠিন গোলাপৰ ভৰত!

বৰ দীঘল খোজ দি পাৰ হয় সময় !
দীঘল সুহুৰিৰে জোকাই থৈ
স্মৃতি নামৰ ধূনীয়া ছোৱালীজনীক
...........
কানিমুণি কুৱলীত
টিউচনৰ দীঘল বাট,
চকুত তৰাফুল বিচাৰি ধৰাপৰাৰ
আটিল লাজ,
বহীৰ ভাজত কুচি মুচি
উমাল সেই ৰদৰ চিঠি.....
এই সকলোবোৰ সামৰি,
নিশিগন্ধা
মই ৰৈ থাকিলো
তোমাৰ স্কুলৰ বাটতে ,
এটা অসুখীয়া জোন হৈ

বৰশীৰ পুঙাতো তোমাক দেখাৰ
অসহায় বাৰিষাৰ আবেলিবোৰ,
তিতিব মন যোৱা সেই প্ৰথম বৰষুণজাক....
প্ৰথম মেখেলা পিন্ধাৰ
তোমাৰ চকুৰ লাজৰ ফৰিং ধৰি
নিশিগন্ধা,
মই আজিও ৰৈ আছো
সেই একেজাক বৰষুণতে তিতি তিতি

এতিয়া ভালপোৱাৰ বতৰত
কঠিন ৰদত মেলি দিছো
মোৰ অসুখীয়া হৃদয়,
দুখৰ ৰুমালেৰে ঢাকি লৈছো
মোৰ অনাত্মীয় স্মৃতিৰ সমূহ;
চেতনাৰ ব্যাপ্তিত  ৰুই লৈছো
তোমাৰ ওঠৰ উশাহ-
মোৰ মাতাল হোৱাৰ সকলো হেপাহ !
   ********

বেশ্যা
------

আৰু ঈশ্বৰৰ বিয়াৰ দিনা
তেও ৰৈ আছিল
আধালৈকে উদং কৰি সন্ধিয়া;
ৰ লাগি চাই ৰৈছিল
আন্ধাৰৰ সুৰুঙাৰে পোহৰৰ সস্তীয়া ভাওনা l

সুখী হোৱাৰ কামনা তেও সুখী হোৱাৰ বাবে কৰা নাছিল;
কোনোবা ব্যাকুল প্ৰেমিকাৰ দৰে
আপেক্ষাৰ তেওৰ ওচৰত কোনো প্ৰতিশ্ৰুতিও নাছিল,
কিন্তু তথাপি তেও আছিল !!
আৰু এজন আৰবী ৰইচৰ দৰে
সুখৰ মুদ্ৰাৰে
ভালপোৱাৰ বিশাল বুকুৰ পৰা দুখৰ বিনিময় কৰিছিল l
আন্ধাৰৰ শেলুকীয়া প্ৰাচীৰৰ হেলনীয়তাত আওজি
পোহৰৰ বাবে দুবাহু প্ৰসাৰিত কৰিছিল,
অম্লান পোহৰৰ ববে ..ll

নৰীয়া আত্মাক পৰ দি উপাসনাৰ চৌহদত
তেও বিয়পিছিল এটা আহত হাহিৰ সৌষ্ঠৱত;
ভাগৰুৱা বেলিৰ কোলাত মুৰ থৈ
এদিন তেও সপোন দেখাৰ বাবে প্ৰেমত পৰিব খুজিছিল,
আস প্ৰেমত পৰাৰ,
কি যে বেৰসিক !
অপ্ৰেমৰ চহৰত প্ৰেমৰ পথিক ! প্ৰেমৰ পথিক !!
সাতভাৰ দুখৰ কৰুণ আখৰ
আৰু এটা অনিচ্ছুক প্ৰেমৰ কবিতা, বেচ প্ৰাসঙ্গিক l
বেচ প্ৰাসঙ্গিক, জেপত দুখৰ ঠিকনা
আৰু হাতত সুখৰ বক্‌চিচ্ ll

  ********

বোধ
-----

উলটি অহাৰ শেষত দেখিছিলো তোমাক l
ছয়াময়া পোহৰ
(নে আন্ধাৰৰ শোকত ?)
কপি আছিল নাঙঠ ডিচেম্বৰ ;
কুৱলীৰ গোন্ধত ভাহি থকা
প্ৰেতাত্মাৰ শৰীৰৰ উত্তাপত,
শীত আছিল সিদিনা এটা নষ্ট প্ৰস্তাৱ !!

উলটি অহাৰ শেষত দেখিছিলো তোমাক l
এটা প্ৰাচীন শব্দৰ হাতত ধৰি
তুমি ৰৈ আছিলা তাহানিৰে পৰা
ইন্দ্ৰিয়াতীত ঈপ্সাৰ গুল্ম হৈ;
ৰ’দ হৈ মই সংশ্লেষিত হৈছিলো
তোমাৰ দেহৰ পত্ৰৰিতত;
পোহৰৰ দৰে দূৰন্ত তোমাৰ ক্ষমাৰ উৰ্বৰতাত
নুমাইছিল বাহতলীয়া বাকৰ ৰাতি !
ছায়াহীন চকুৰ অবিচল বালিচৰত
মই শোহ গৈছিলো দুটোপাল লুণীয়া হৈ
এটা গন্ধৰ্ব কৌতূহলৰ ঊষ্ণতাত !!

উলটি অহাৰ শেষত দেখিছিলো তোমাক l
বিচক্ষণ পাপৰ দেহ কৰ্ষণ কৰি গজাৰ
এটা প্ৰাৰ্থনাৰ বিনম্ৰ আয়োজনত ....

   **************
                     ৮-০১-১১