Sunday, 14 October 2012


নাৰ্চিচাছ
=======

দাপোনৰ সিপাৰৰ মুখবোৰে সিঁঞাৰে
ইপাৰৰ অসহায়তাবোৰক,
নিজক খুলি থৈ ম‍ই পিন্ধি লও মোৰ বিষন্ন পোছাক !
মোৰ পৰা যিমান দূৰত ম‍ই থাকো
ঠিক সিমান দূৰতেই থমকি ৰওক
শান্তিৰ এই ওষ্ঠলগ্ন বিষাদ;

ৰূপালী ফটিক এটুকুৰাৰ দৰে
ক্ৰমাত্‍ যেন ম‍ই পিছলি যাও মোৰেই ভিতৰলৈ,
জিভাৰ পৰা নাভিলৈ চুমাৰ দীঘল সেতু
ওভতনিৰ আকাংক্ষা মোৰ নাই;
স্বপ্নজ দেহত জ্বলি ৰয় মাথো
দুখবোধৰ উজ্জ্বল প্ৰণয়;

চকুত চকু থৈ
যাৰ চকুত থৰ লাগিল নদীৰ মুগ্ধ মুখ,
তাৰ বাবেই ম‍ই এবাৰ সাৰ পাব খোজো;

ৰাগীয়াল এই স্বপ্নৰ পৰা
সাৰ পাই উঠিম যেন মোৰ শূন্যতাৰ সৌন্দৰ্য্যত !
কিন্তু এই স্বপ্নৰ পৰা যদি সাৰ পাই উঠো
ম‍ই আন এটা স্বপ্নৰ প্ৰতিবিম্বত,
ক’ত বিছাৰিম মোৰ জাগৃতিৰ চকু ??

কোনেনো জানে কিজানি জীয়াই আছো ম‍ইও
প্ৰতিবিম্ব হৈ আন কাৰোবাৰ, এখন এমুখীয়া দৰ্পনত !!

**********
১১-১০-১২

শোকসভাৰ কবিতা
=============

নৈশব্দ যেন বাগৰি যায়
আখৰৰ গাৰ ওপৰেদি,
উশাহ বন্ধ কৰি ডুব দিয়ে অগাধ বুকুত
তেজ হৈ এটোপাল চিঞাহী ;

কাৰুণ্যৰ এটা চকু জাপ খাবলে যিমান সময়
কবিতাৰ আয়ুস চাগে
সিমানো নহয়;

এনে এটা শব্দ আছেনে কৰবাত
যি আৰি দিব পাৰিব
ভয়াৰ্ত চকুবোৰত এটা বিশ্বাসৰ স্বস্তিক চিহ্ন ;

পৃথিৱীৰ প্ৰতিটো মৃত শিশুৰ বাবে,
প্ৰতিজনী নিঃস্ব নাৰীৰ বাবে
আজি যেন শব্দ‍ই পুনৰ আওৰাই
বিষাদৰ সেই অলৌকিক মন্ত্ৰ !!

**********
১০-১০-১২

Tuesday, 9 October 2012


পাঞ্চজন্য
=======

মোৰ নিৰুদ্দেশ বাৰ্তা লৈ এদিন যেতিয়া
তোমাৰ কাষলে আহিম আই
তুমি মচি দিবা মোৰ পথক্লান্তিৰ কলংক,
তেজৰ সকলো সুখ্যাতি পাৰ হৈ আহি
তোমাৰ অৰ্ঘ্যতে সপি থব পাৰো যেন
মোৰ সমৰ্পিত শিৰৰ মৃন্ময় শিল্প,


গহৰা হাবিত মেটেকা ফুলিছে আই,
লিপা মচা তোমাৰ চোতালত
নতজানু ইতিহাসে বিনাইছে;
নিজান মাটিৰ বিষন্নতা তিয়াই
কোন জননীয়ে বা কান্দিছে হিয়া ঢাকুৰিয়াই ,
চকুৰ পানীত ভাহি আহিছে
দেওঁলগা শাওণৰ জলপদ্ম;

মণিকুটত কোনোবা কৰুণ আয়তীয়ে নাম গাই
সন্নিপাত ৰাতিটোৰ কপালত
শীতল পটি দি যায় ;
মোৰ সিৰাই সিৰাই আহুতিৰ ফুল !
তেজক যেন উকিয়াই মাতে
এটা দুৰন্ত ৰণশিঙাই ;



*************
৮-১০-১২

Saturday, 6 October 2012


পথাৰত ভালপোৱাৰ গান
=================

অ’ ভালপোৱা-
তোৰ বাবে দুহাত মেলি দিছো ,
বৰনৈৰ বোকা গছকি গছকি
ৰ’দত কজলা পিঠি পুৰি পুৰি
মোৰ বৰিয়নি পথাৰত
সিচি দিছো বৰধানৰ সচ;
টোপটোপ ঘামেৰে ধুই লৈছো
চিকমিক নাঙলৰ ফাল
অনৱচ্ছিন্ন আড়ষ্টতা গুচে যদি গুচক !

ৰাংঢালী ৰোৱনিৰ
লিহিৰিপতীয়া হাতৰ কঠিয়াত
ডাহেচীয়া আবেগৰ নিফুট গুণগুণণি;
আবেগৰ অনুপম আকুলতাত
ঢুলঢুলীয়া হৈ পৰিছে
ভালপোৱা তোৰ ডাৱৰীয়া পাৰঘাট !
অথিৰ হৈ পৰিছে পথাৰ
ডোবলে ডোবলে সেউজীয়াৰ মধুৰ সংক্ৰমণ;
এক জোলাই কেচা আলিৰে
ডেও দি দি পুনৰ পথাৰত
জীপজীপিয়া যৌৱনৰ উত্‍সাহী প্ৰত্যাগমন !

ভালপোৱা ! শুনি যাহি এবাৰ
আকুল পথাৰত তোৰ তিৰবিৰ সুৰ
অনুভৱ কৰি চাহি
বোকা পানীৰ সানমিহলিত
অনুভৱৰ নিভাজ ব্যাখ্যা
সোণসেৰীয়া মাধুৰীৰে ভৰপুৰ !!

**********
১৫-০৭-০৩

বুলেটবোৰ যদি অলপ কোমল হ’লহেতেন
=========================

বুলেটবোৰ যদি অলপ কোমল হ’লহেতেন,
তেজবোৰ চাগে ইমান ৰঙা ন’হলহেতেন
ৰঙা জিঞা হৈ
চিঞৰবোৰ তেতিয়া
উৰি নুফুৰিলেহেতেন
প্ৰেমহীনতাৰ খঙাল উদ্যানত;

এতিয়া যে শিলবোৰৰো হৃদয় শিল,
তেজ আৰু চকুপানী শুহি
লহপহীয়া জোকৰ পাহাৰ

বাৰুদবোৰ যদি অলপ
কৰুণ হ’লহেতেন,
চুমাবোৰ চাগে
ইমান অকলশৰীয়া ন’হলহেতেন;
জৰায়ুত বান্ধি এটা মৰা শ
মহানগৰত উচুপনি সময়;
আ‍ঙুলিত পিন্ধি জুইৰ আঙঠি
এয়া যে দ্ৰোহকালৰ সপোন,
তৰোৱালৰ ধাৰ জোখাৰ
ঘৃণাৰ পুৰণি বীজগণিত ;

মানুহবোৰ যদি
অলপ মানুহ হ’লহেতেন
বুলেটবোৰো চাগে কোমল হ’লহেতেন,
কৰুণ হ’লহেতেন তৰোৱালবোৰো অলপ
ঈশ্বৰৰ মৃতদেহৰ ওপৰত তেতিয়া চাগে
উৰি নুফুৰিলেহেতেন তেজৰ শগুণ !!

************

মৌনতাৰ মাত
==========

মৌনতা শব্দৰ মাতৃভাষা
উচ্চাৰণৰ নিজান মূল;
মৌনতাৰ হাতত খোদিত হৈ থাকে
আবিয়ৈ আখৰৰ প্ৰথম প্ৰাৰ্থনা,
শোকৰ নিৰ্জন ভুগোল;

বনকৰা বুকুত মৌনতাই লুকুৱাই থয়
কেতিয়াবা
শব্দৰ ক্ষত হৃদয়,
কেতিয়াবা প্ৰসন্ন ৰ’দৰ শ্ৰুতলিপি;
অলপ কাতৰ অলপ বিষন্ন,
কাণ পাতিলেই যেন বাজি উঠে ওঠত
শূন্যতাৰ নিৰল আবৃতি !

সকলো কথাৰ শেষত যিখিনি কব ৰৈ যায়
প্ৰিয়তমা নাৰীক
সকলো আলাপৰ শেষত যিখিনি ৰৈ যায়
নৈশব্দৰ ধ্বনিত
সেয়াইতো মৌনতা,
ভালপোৱাৰ দৰে যি পূৰ্ণতাৰ সত্য
ৰহস্যৰ দৰে যি সুন্দৰ
আৰু নিৰ্জনতাৰ দৰে যি মুখৰ !

**********
৫-১০-১২

চিলনীৰ জীয়েক
===========

আগলতি কলাপাত লৰাই
উৰি আহ মোৰ চিলনী আই,
দহহতীয়া চুলিত মেৰিয়াই থও                        
তোৰ ঠোটৰ তলৰ বিষাদ,
মাটিৰ চৰুত সাচি থও
তোৰ ভগা ডেউকাৰ সন্তাপ;

কণা শিমলুৰ বিদেশ পাৰ হৈ
ৰূপৰ সদাগৰে বেহাই আনিছে
সুখৰ জৱাহৰাত্‍;
আই মোৰ আজলী,
চেনেহৰ কাঁচিয়লি পুতলী;
কলপতীয়া বতাহৰ সুতা দৰদত কপে,
আৰ্চি চাই আপোনপাহৰা চকুৰ
পানীতোলা ঘাট;

ঢৌ ঠেলি উজাই আহে কুমাৰনীৰ
এপতীয়া সপোন
আলহী আঁহতৰ কলিজা ধিয়াই,
ঘুৰণীয়া চাকত ঘুৰে আঠালেতীয়া
সপোনৰ মাটি,
ঘুণে খোৱা সোতত বাহ লয়
কুমাৰী শাওনৰ প্ৰথম শেলুৱৈ;
কাঁচোনমতী এদাল চুলিত মাত থৈ
পাটগাভৰু এখন নৈয়ে
এদিন কাক জানো ৰিঙিয়াই,
ৰূপহী পানীত মুখ চাই
লাজতে মুখ ঢাকে এজনী পানীপৰুৱাই ;
কৰবাত এটা দোতাৰাই পাগুৰী মাৰে,
ৰিহাৰ চানেকিত কৰবাত
এটা তৰাই তিৰবিৰাই;

যিজোপা আঁহতত এটা
দোলাভাৰী শংকাই গোন্ধতেল সানে,
তাৰেই ফেৰেঙনিত এটা হালধীৰ গোন্ধে
কেয়ুৰ পিন্ধে;
বাহৰ চুঙাত দীপলিপ আই তোৰ
জাকিমাৰি সপোন নামে,

অপেচৰী ৰাতিৰ এঁৱাসুতাত ওলমি আছে
ছজনী শোটাকানিৰ পুৰ্ণিমা ,
হাতত আখৈৰ চাকি লৈ
আই তোক ইনাইছো,
মাতত পৰীয়া ৰ’দ লৈ
আই তোক বিনাইছো,
আগলি বতাহৰ লহৰ কপাই
ত‍ই কিয় উৰি অহা নাই ?
আদৰৰ কাণফুলি মিনাকৰাই
সাউদৰ ডিঙা চোন মোৰ সপোনত ভটিয়াই,
সাদৰী ৰ’দৰ পাখি মেলি
দি যাহি আই মোক
তোৰ চেনেহী হাতৰ পৰশ বুলাই,
সোণালী পাখিৰ নঙলা শুৱাই
হওহি যেন আকৌ তোৰেই জী
আৰু ত‍ই মোৰ আতোলতোল চিলনী আই !!

**********
২৯-০৯-১২