Friday, 7 September 2012


সূৰ্যাস্তৰ প্ৰাৰ্থনা
==========

সূৰ্য স্মৃতিৰ ছায়া
নিহত ৰ’দৰ তাপিত চিতা;
বিদ্ৰোহী এটা স্বপ্নৰ সীমান্তত
এটা  প্ৰেমিক ৰাতিৰ মৃত্যুৰ
নিৰ্মোহ হুকুমনামা;

শংকা আৰু সন্দেহৰ বহুত সুৰ্যাস্ত
এৰি থৈ আহি
জ্বলি ৰয় আন এটা বেলি
তেঁওৰ সেঁওতাৰ ৰ লগা ৰাতিপুৱা;
শূন্যতাৰ খ্যাতিময় বৃত্তত মুখ গুজি
যেন কপিহে ৰয়
এচিকুট অনিবাৰ্য বিষাদৰ সেন্দুৰীয়া;

বুকুৰ পুতলত মেলি দি
ৰাতিৰ নিতাল চাদৰ
আন্ধাৰ হোৱা হ’লেই ভাল আছিল অলপ,
স্বপ্নজ স্পৰ্শৰ সুবাদত
কিংবদন্তি এটাৰ হাতত ধৰি
গুচি যাব পাৰিলোহেতেন
নিজান হাতৰ তলুৱাত লিখি লৈ
শূন্যতাৰ উত্তাল প্ৰাৰ্থনা !

**********
০৭-০৯-১২

কথক
=====

কিছুমান শূন্যতাৰ কোনো প্ৰতিশ্ৰুতি নাথাকে,
বেচিজিল এই বিষন্নতাৰ
কৈফয়ত্‍ দিব পৰাকৈ
আয়োজন নাথাকে সকলো উদং বৰ্তমানৰ;
তেঁও কয়
ৰীতি আৰু অৰ্থৰ সকলোবোৰ দায় পাৰ হৈ
আমি হেনো এদিন সম্পুৰ্ণ হ’মগৈ;
তথাপি
আশ্বস্ত ৰাতিৰ বয়স বুটলি
আজি অলপ হৃদয় মোৰ জ্বলিছে
অলপ নিশ্চয় তেঁওৰ

সকলো উন্মাদনাৰেইতো এটা যুক্তি থাকে
যুক্তি থাকে সকলো পাপৰ !!

***********
০৫-০৯-১২

Friday, 31 August 2012


ছোমালিয়া
=======

তেজৰ গহীনত নিৰলে বিষায়
এখন আধাপোৰা কলিজাৰ নক্সা-
ছোমালিয়া,
ছিৰালফটা ওঠত ওলমি ৰোৱা
এটা যেন খৰাং পিয়াহ,
শিশুৰ হাড়ে ছালে ভোকৰ ভুগোল
ৰজা শগুণৰ নখে মাটি লেখা;

খঙাল অভিশাপ এটাৰ খোজত খোজ থৈ
দুঃস্বপ্নৰ দৰে আহে এলেহুৱা আকাল,
আৰু কলীয়া ম’হৰ শুকান জকাত
কয়দ হৈ ৰয় মাটিৰ নতজানু মুখ
এনেদৰেই চিৰন্তন চিৰকাল;
আকাশ শুৱাই কেৱল উৰি যায়
চুক্তিৰ নিচুকনি বেলুন,
বতাহ কপাই নাচি ৰয়
একপৃথিৱী সমবেদনাৰ নিলাজ ফেষ্টুন;

চুক্তিৰ চিঞাহীৰে কি
সেকিব পাৰি লঘোণৰ লুণীয়া ৰুটি ?
আচনিৰ আঙুলিত ধৰি
কি থিয় হব পাৰে
শিশুৰ কামিহাড়ৰ উচুপনি?
সমবেদনাৰ প’ষ্টাৰ পেটত গাঠি
কি পাৰ কৰিব পাৰি
দুৰ্ধৰ্ষ দিন আৰু নাহৰফুটুকি ৰাতি?

আণবিক মিছাইল আৰু বিকিনীৰ দণ্ডচিত্ৰত
ৱৰ্ল্ডপীচৰ গহীন ৰাতি,
ভোকৰ ঠেৰেঙা মজিয়াত
মুখ মেলি পৰি ৰয় ছোমালিয়াত
প্ৰগতিৰ সুত্ৰৰ বিকল জ্যামিতি;

তেজৰ পৰা তেজলৈ
এতিয়াও যে বহুদুৰ,
বহুদুৰ
শস্যৰ পৰা ভোকলৈ,
পোৰা কয়লাৰ ধোঁৱাৰ পৰা
এখন গৰম ৰুটিলৈ !!

*********
১-০৯-১২



Thursday, 30 August 2012


মৰ আঁউসীৰ ৰাতি
===========

ইমানবোৰ শূন্যতাৰ অসুখ লৈ
কেনেকৈনো মুখামুখি হও তেঁওৰ?
নিসংগ হাতৰ তলুৱাত
জপাই থব পাৰিমনে মোৰ
স্বপ্নভঙ্গৰ অবাক বৰ্তমান;
ছৈ দিয়া স্মৃতিৰ বিহ্বল বাটেৰে
এতিয়া বহুদূৰ
ফুল চন্দন তুলসীৰ উদ্ধাস্তু ঋতু;

কেনেবাকে ৰাতিটো পাৰ হলেই
আকোৱালি লম
কাতৰ সোঁৱৰণিৰ প্ৰেম প্ৰসাৰিত বাহু;
নিৰ্জন বিষাদৰ এটা ঘাইল মুদ্ৰাৰে
সলাই লম
মোৰ বিষন্ন আয়ুস;

আজি ৰাতিটোৰ বাবে
নিশ্বাসৰ মাতাল দূৰত্বত
জগৰীয়া ইচ্ছাবোৰ কঁপক,
আজি ৰাতিটোৰ বাবে
শোকৰ নাবিকবোৰ টোপনি যাওক
নিদ্ৰাহীনতাৰ লুণীয়া বন্দৰত;
সোণালী শংখৰ দৰে
স্বপ্নময় এই দুৰ্লভ ৰাতি
শেষ নহওক যেন আজি ৰাতিটোৰ বাবে !!

***********
৩০-০৮-১২

Sunday, 26 August 2012


এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি
====================

এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি,
চোতালত পৰি থকা
দুপৰীয়াৰ ক্লান্ত ছাঁৰ দৰে
বিদায় নোলোৱাকৈ,
মনে মনে মাত নলগোৱাকৈ ?
নৈ খনৰ সিপাৰে
আবেলিটোৱে এতিয়াও মন মাৰি আছে
তোমাৰ সুহুৰিৰ মাত শুনিবলৈ;
নৈ খনত পানী একাঠুও নাই
কিন্তু আহিব পৰা নাই সি
ইপাৰে যে গছৰ তলে তলে,
আলিৰ কাণে কাণে
ৰ’দৰ মৃতদেহ !
শুকাই কৰকৰীয়া লাগিছে
পুৱাবোৰ, গধুলিবোৰ আৰু....
আৰু দিনবোৰ

এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি
সজল স্মৃতি আৰু গৌৰৱৰ নামান্তৰ হৈ
সুখৰ মোনাত সকলোবোৰ দুখ সামৰি;
জুহালৰ গৰম ভাত আয়ে এতিয়াও ৰখি আছে
তুমি যে ওলাবহি পাৰা
যিকোনো মুহুৰ্ত্ততে ভাগৰি জুগৰি !

উত্‍কণ্ঠাৰ শেষ পৰিসীমাত
দৃষ্টিৰ আঁৰৰ দুটি দৃষ্টিয়ে
ঘনে ঘনে বিবস্ত্ৰ কৰিছে
বাটচৰাৰ প্ৰতিটো শব্দময় উত্‍স,
বুজনি দিছে নিজকে বাৰে বাৰে
তুমি আহিবা কিজানি
পুৱাৰ পিছত গধুলি, গধুলিৰ পিছত ৰাতি  ;
সিহতেতো নাজানে
তুমি যোৱাৰ বাটেৰে
আগুৱাই আহিছে মৃত্যুৰ নৈখন
বাটে বাটে জীৱন বুটলি;
এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি.....?

***********
( সন্ত্ৰাস দমনৰ নামত সেনাৰ হাতত মৃত্যু হোৱা প্ৰতিজন নিৰপৰাধ অসমীয়া ডেকাৰ স্মৃতিত )
২৭-০৪-০৩

Friday, 24 August 2012


শংকৰদেৱ পাৰ্কত নিশিগন্ধাৰ সতে
এটা দেওবৰীয়া আবেলি
=======================

শংকৰদেৱ পাৰ্কৰ এটা নিৰ্দোষ আবেলি
নিশিগন্ধা,
তোমাৰ কথাৰ লয়লাসত
সাৰ পাব খুজিছিল
পৃথিৱীৰ সমস্ত সেউজীয়া !
ভৰলুমুখৰ হালধীয়া ৰ’দৰ মাছ,
জপিয়াই পৰিছিল
তোমাৰ গলধনৰ তিনিটোপাল ঘামৰ নৈত;

এটা !
মাথো এটা
দুঘন্টীয়া সুখৰ আলাপ,
ভালপোৱাৰ এটা সহজ সমতুল সমীকৰণ,
তোমাৰ ওঠত চুমাৰ ব্যাকৰণ আৰু
খং আৰু অভিমানৰ
নিয়মমাফিক পূৰণ-হৰণ;
অথচ
কিমান প্ৰস্তুতি কিমান আয়োজন !!
নিশিগন্ধা তুমিতো গুছি গলাগৈ,
দোপাট্টাত সামৰি লৈ গুলপীয়া লাজ
আদহীয়া চিটিবাছৰ হাতত ধৰি....
বিমৰ্ষ বাছষ্টপেজটোৰ দৰে
মোৰো বুকুৰ নামনিত এতিয়া
এটা কণমানি বিষৰ বালিমাহী,
যাৰ খোজত ভাঙি পৰে
হৃদয়ৰ পৰা হৃদয়লৈ বৈ নাহিবৰ কাৰণে দিয়া
দুখৰ পাগলাদিয়াৰ মথাউৰি !
আস !
আৰু যদি বাগৰি থাকিব দিলাহেতেন
কিছুসময় তোমাৰ কান্ধত
মোৰ বেইমান নিদ্ৰাহীনতা
আৰু যদি....

নিশিগন্ধা তুমি নাজানা,
তুমি সচাকৈ নাজানা
তোমাৰ বুকুত এটা নাৰাজ প্ৰেমৰ কবিতা
তাৰ প্ৰতিটো বৰ্ণক, প্ৰতিটো আখৰক
ওলাই আহিবলৈ অকণমান বাট এৰি দিয়া,
অকণমান বাট এৰি দিয়া
এটা সুঠাম উচ্‌পিচনিক বাহ বান্ধিবলৈ
এবুকু শূন্যতাৰ বিজ্ঞাপন
আৰি লোৱা চকুত
সাতপাহ তেজৰ গোলাপ ৰুবলৈ !
তোমাৰ ওঠৰ আদ্ৰতাত
জীপ পাই উঠে মোৰ
একৈশটা বসন্তৰ মাত নুফুটা দুখ
এবুকু সুখৰ অজুহাতত মাতাল হৈ
ম‍ই পাঠ কৰো প্ৰতিনিয়ত
ৰাতিৰ নেওঁতা,

এটা শূন্য অনুভৱৰ দৰে অনুভৱ কৰো
আন এটা অনুভৱৰ হ্ৰস্বতা;

নিশিগন্ধা এতিয়াতো তোমাৰ পৰা মোলৈ
এটা উশাহৰ দূৰত্ব,
বতাহজাক এটা দহিকতৰা চৰাই হৈ
ঠোটত গুজি আনিছে মোলৈ
প্ৰতীক্ষাৰ সমৃদ্ধ বৰ্ণ
মোক আবৰি মোৰ বেহিচাপি কোঠাত
এতিয়া আবতৰীয়া বসন্ত !!


সাজি কাচি মোৰ দুৱাৰমুখত
পুনৰ এটা দেওবাৰ,
চকুত লাজৰ কেক্‌টাছ
আৰু ওঠত ভালপোৱাৰ চাবুক লৈ
এবাৰ নহলে ৰুমলৈকে আহিবা;
তোমাৰ বাবে
খিড়িকিত আৰি দিম মেঘৰ পৰ্দ্দা,
মিউজিক চিষ্টেমত বজাই থম
তোমাৰ প্ৰিয় গান-নিসংগতা
দুচকুত লৈ দুটা কৰুণ বেলি
এবাৰ নহলে
মোৰ দুচকুলৈকে আহিবা.....!!

*********

১৬-০৫-০৪






সান্ধ্যভ্ৰমণ
=======

হঠাতেই আহি চুই দিলিহি মোক,
এইবাৰ মোৰ পাল
জীৱন
ক’তনো বিছাৰি যাও তোক ?
ককাৰ খৰমযোৰৰ খট্ খট্‌ মাতত
নে,
বৰলৰ টোপ বিছাৰি
এৰাবাৰীৰ নিখোজ দুপৰীয়াবোৰত?

শিয়ালিৰ কাণ কাটি মাই জ্বলোৱা
বাটিৰ পোহৰত
দেখা পামনে আকৌ কেতিয়াবা
মোৰ ঘুমটিৰ আদৰুৱা মুখ;
পেঁপা বজা ৰঙা জোতা পিন্ধি
থিয় দিওচোন আকৌ এবাৰ
দেউতাৰ আঙুলিত ধৰি,
থুনুক-থানাক কোলাত খিলখিলাই
শাত পেলাও মাৰ
উৰুখা বুকুৰ সকলো দুখ !

আইতাৰ খুন্দনাৰ একটিপা
তামোল মুখত ভৰাই
ৰঙা হৈ পৰে আজিও কিয়বা
প্ৰায়ে মোৰ স্বপ্নকাতৰ জিভা,
চিঁঞাহীৰ বড়ি পানীত মিলাই
বাহৰ কলমেৰে কলপাতৰ পিঠিতে
খোদাই হৈ থাকিল যেন
মোৰ সুখৰ অনাবিল বৰ্ণমালা ;

বৰষুণত চালৰ পানী ধৰি ধৰি,
কচুপাতৰ ফৰিং খেদি খেদি
সৌৱা মোৰ ল’ৰালি,
ধুলিত লুতুৰি হৈ
ঘুৰি ফুৰিছে সমনীয়াৰ লগত
তামোলৰ ঢকুৱাত উঠি চোচৰি চোচৰি....

দেউতাৰ বুকুত বহি
সাধুকথাৰ বনহংসৰ দেশত
এতিয়াও ম‍ই
কেতিয়াবা ৰজা, কেতিয়াবা খৰিকটিয়া;
বদ্‌মাচ শিয়ালটো, বুধিয়ক বুঢ়ীজনী
বা আজলি ৰাজকুমাৰীজনীৰ লগতে
কথা পাতি পাতি
টোপনি যাও, সাৰ পাও, টোপনি যাও;
ভেকুলীৰ মাততে ভয়ত
কুচিমুচি দেউতাৰ বুকুত,
উজুটিয়াই পৰিলেই
চলচলীয়া হওগে মাৰ চকুত;

দেউতা,
দেচোন মোক আকৌ এবাৰ
পুণি ভৰা পুখুৰীত সাঁতোৰ শিকাই,
চিলনি সাতোৰ মেলি
পাওগে মোৰ শৈশৱ
আকৌ উঠোগে জপিয়াই তোৰ কান্ধত,
ডুবাৰ ভয়ত চিঞৰি চিঞৰি
ওলমি ৰওগে তোৰ ডিঙিত
নঙঠা পানীৰ পুখুৰীৰ মাজত;
বাঢ়ি আহিছে যেন এডিঙি
পুনৰ কালিকালগা পুখুৰীৰ পুণি,
জোৰকে ধৰি থাক মোক
দেউতা,
এৰি নিদিবি এৰি নিদিবি;


পমাৰ গুটিৰে বিজুলী বাহৰ নলীত
বন্দুক ফুটাই,
কঠালপাতৰ চকৰী আৰু
লিচুগুটিৰ লাটুম ঘুৰাই ঘুৰাই
অ' মোৰ চেনেহী শৈশৱ,
দে হি চোন আকৌ  মোৰ
একাকী পথাৰৰ হাইঠা হুৰাই;
পদুম পুখুৰীৰ মকুৱা চোবাই,
ভোটোৰাপাতৰ ঠাৰি ভাঙি
ফুকাই ফুকাই বেলুন উৰুৱাই
কিহে জানো ৰাতি ৰাতি
মোৰ টলবল বুকু কুটেকুটাই;

গালি পাৰি
উত্‍পতীয়া ঘাম মচি দিয়া
তোৰ পুৰণি চাদৰৰ লোচটোৰেই,
বিষাদৰ বিয়লিত
অ’ মা, মা
বুকুলে মোৰ জাননে
আজিও সুখৰ পাটপলু উজায় !!

**********
২৪-০৮-১২