Monday, 20 August 2012


প্ৰতি নিশিগন্ধা
===========

তুমি নজনাকৈয়ে তোমাৰ
কাজল চুলিৰ আন্ধাৰ আউসীত
মোৰ ভাগৰুৱা নিশাবোৰ সাৰে ৰয়,
কেনেবাকে তোমাৰ চকুৱে চকুৱে পৰিলেই
বুকুৰ সেউজীয়া লতাদালে পোখা মেলিব খোজে,
নিশিগন্ধা,
তুমি হয়তো নাজানা
ভালপোৱাৰ নামত সকলোৱেইতো
পুহি ৰাখে বুকুত
এজনী যন্ত্ৰণাৰ কাঠৰোকা ;

এটোপাল অশ্ৰুৰ আয়ুস লৈ
ভুলতে ফুলি ৰৈছিলো
তোমাৰ হৃদয়ৰ সজল ফেৰেঙনিত,
বিষাদৰ শিপা মেলি
তুমি চুই চাইছিলা মোৰ কাতৰতাৰ উন্মাদ শিল্প;
কাৰ ওঠত ৰুই থও এতিয়া
তোমাৰ নামৰ সেই ৰক্তজবা ?
কাৰ আব্‌দাৰৰ পলস লৈ
বাঢ়ি আহিব এতিয়া
প্ৰত্যাশী সপোনৰ সেউজীয়া
মোৰ মৃত্যুৰ অনাখৰী বিকল্প;

সোঁৱৰণিৰ সাগৰফেনা
আপদাল কৰি বুকুত
ভালপোৱা এতিয়া এটা মলিন দিৱস,
এপলক হৃদয়ৰ আবেগত
থমকি ৰব খোজা পৃথিৱীৰ শোকৰ উ‍ত্‍সৱ;

বহল পীৰা পাৰি বহিছেহি বুকুত
শিপিনি দুখ,
নিশাচৰ হাতত ব’তোলা বিষাদৰ আঁচুফুল;
আঙুলিৰ ঘাত মেৰিয়াই লৈ
যন্ত্ৰণাৰ জোনাক,
মাথো এটা ৰাতি নিশিগন্ধা
মোক পোহৰাব দিয়া
তোমাৰ বেদনাৰ আকাশ;
মাথো এটা ৰাতি
ভৰি পথানত পৰি ৰব দিয়া
সোত-মোচ খাই দুখৰ কামিজ
ভালপোৱাৰ সকলো নিয়ম ভাঙি
মাথো এটা ৰাতিৰ বাবে
নিশিগন্ধা
ডিঙিত ওলমিব দিয়া সুখৰ তাবিজ !!

(পুনশ্চ:
বিস্মৃতিৰ দ্ৰাঘিমা পাৰ হৈ আহি
কুকুহাবোৰ চৌপিনে উৰিছে;
তেওঁ যে নাজানে-
তেওঁ হ’ল বনপোৰা জুই
আৰু বুকু মোৰ বিস্তৃত বননি
তেওঁৰ বাবেইতো ৰৈ আছো বুকুপাতি
কিমান যে শতাব্দী.....)

**********
১৫-০৮-১২



কোন বাটেদি যায় কবি
===============

কবি যায় সেই বাটেদি
শ্ৰমিকৰ হাতুৰীয়ে বহল কৰে য’ত
তীখাৰ চোতাল,
মহাজনৰ ভড়ালত য’ত
উচুপি শুই থাকে
খেতিয়কৰ আঘোণী ঘাম,
হলৌ চোলাৰ জেপত ভৰাই
স্বাধীনতাৰ শুকান ধপাত আৰু
বিপ্লৱৰ দিয়াচলাই,
সেই বাটেদিয়েইতো কবি যায়;

আহত অৰণ্যত কবিতা পাঠ কৰি
চৰাইবোৰ ঘুৰি আহে যি বাটেদি,
বিষন্ন নদীৰ প্ৰশংসাত
যি নিমাত নাৰীৰ স্বপ্নৰ বাগিছাত
সাৰ পায় আখৰৰ খৰিকাঁজাই,
ওঁঠৰ ভাজত মলঙা বিৰহৰ চুৰট জ্বলাই
সেই বাটেদিয়েইতো কবি যায়;

গাৱৰ নিৰল কেকুৰিত
ঔঁটেঙাৰ ফুলবোৰ যেতিয়া
বিহমেটেকা হৈ ধোঁৱায়
তেজ আৰু বুলেটৰ খঙাল প্ৰশ্নবোধকত
শান্তিৰ জলফুল ছটিয়াই
কবিয়ে জীৱনক জীব শিকাই;
বাটে বাটে বিলাই
ভালপোৱাৰ মাহকৰাই
সেই গাৱৰ নিৰ্যাতিত বাটেদিয়েইতো কবি যায় ;

*********
২০-৮-১২






বৰষুণ: এটা অশ্লীল স্তৱক
===============

ডাৱৰৰ জেওৰা ভাঙি
অলপ যেন অশ্লীল হৈ নামিছে
অবাধ্য বৰষুণজাক;
টোপালবোৰ কুমজেলেকুৱাৰ পোৱালিৰ দৰে
বগাই গৈছে
কাপোৰৰ মাজেৰে,
শিহৰণৰ চেঁচা বাটেৰে;

নাৰীবোৰ তিতিছে পৃথিৱীৰ দৰে,
কুমজেলেকুৱাবোৰ লিপিট খাই ধৰিছে
চোৰাং হেলনীয়াৰ চাঞ্চল্যত;
জুৰুলি জুপুৰি সপোনৰ কাপোৰবোৰে
উদঙাই দিছে
নিষিদ্ধ হেৰেমৰ মানচিত্ৰ;

বন্ধ্যা উদাসীনতাৰ বাকলি এৰুৱাই
মাটিকাদুৰী বনৰ দৰে
হৃদয়ে হৃদয়ে যেন কপিছে
শালিনতাৰ আদিম চাদৰ;

সুন্দৰতাক অলপ অশ্লীল কৰি
আৰু
অশ্লীলতাক অলপ সুন্দৰ কৰি
নামি আহিছে এজাক পুৰুষ বৰষুণ
মিলনকাতৰ শৰীৰৰ মেঘেদি !!

***********
২১-০৮-১২

Thursday, 16 August 2012



হিউৱেনচাং-এটা প্ৰেমৰ কবিতা
===================

কৰতোৱা, কামৰূপ আৰু কঠন্দা ফুল
তোমাৰ নঙলামুখৰ....
ধেত্‍ !
চবতে আউল আৰু আউল !
বুৰণ্জীৰ ধুৱলি বাটেৰে অৱশেষত
উপায়হীন হিউৱেনচাং বহি ৰয় মোৰ পঢ়া টেবুলত;

বাহিৰা বহীৰ শেষ পৃষ্ঠাত
কত য্তন কৰি লিখা এটা
অকোৱা পকোৱা H -
হিউৱেনচাঙৰ নহয়,
আৰু ইপাৰ সিপাৰ এদাল সোণালী কাঁড়
শালি ধৰি বুকু !
উইংচাং কলমৰ নিবেদি বিয়পি পৰে
কোনোবাটো ৰাতিৰ পৃষ্ঠাত
দুটোপাল হেঁহো-নেঁহো চিঞাঁহীৰ দূঃসাহস;
আৰু
ৰুণ দিয়া আখৰবোৰৰ দুৰ্জয় ৰাতিৰ সিদ্ধান্ত
সদায় পুৱা চেপেটা লাগে
স্কুলৰ বহীৰ জিলৰ ভিতৰত,
মাত্ৰ ৰঙা ফিটাৰ এদাল
বেণীয়েদি বগাই বগাই
হিউৱেনচাং যেন সদায় হেৰায়
এটা মৌপিয়া হাঁহিৰ ৰ’দঘাই নগৰত;

কথাবোৰ ঠিক কেনেকৈযে আৰম্ভ হৈছিল,
চিনাকি দুটা চকুৰ পৰা হ্ঠাতেই এদিন
দুটা সোণপোক উৰি আহি
বুকুৰ কুঁহিপাততে আঠা লাগি ৰৈছিল;
তাৰপিছতেই কোনোবাখিনিত এচিকুট বিষ
আৰু বিষত এসাগৰ মিঠা....
এটা ভাললগাৰ আশ্বৰ্য্য অন্যমনস্কতাত,
এটা ৰাগীৰ সোণালী জঠৰতাত
জেচন, টাৰ্জান আৰু চাঁন্দমামা
চব যেন এলাগী হৈ পৰি ৰৈছিল
এটা নতুন খেয়ালৰ শিতানত !

ডেউকা মেলি উৰি যোৱা
সেই সময়ৰ বুলবুলি,
আৰু চাঁও নাচাঁও দুটা চকুৰ আকুল সংশয়
বুকুতেই যেন ৰৈ গল এটা অভিমানৰ বাহ বান্ধি,
পিছে মৌনতাৰ জ্যোতিস্কৰ আৰত
তেওঁতো কেতিয়াও দেখা নাপাব
এই নক্ষত্ৰৰ চুবুৰী,
সেঁন্দুৰৰ কক্ষপথ পাৰ হৈ
হ’ল বুলিয়েই কেনেকৈনো কও তেওঁক
মোৰ পাছৱৰ্ডত আজিও আঠটা "H " আছে বুলি !!

***********
১৫-০৮-১২

Saturday, 11 August 2012

অৰ্ধাঙ্গিনী
=======

সাতটা আমৰ পাত
আৰু এটা মাটিৰ চাকিৰ পোহৰত
তেওঁ এটা জলদগম্ভীৰ আৰাধনাৰ শ্লোক,
মোৰ আকাংক্ষাৰ কোমল ৰুদ্ৰাক্ষ ;

তেজত তেজ হৈ শিপায় মোৰ
তেওঁৰ সুখ কিম্বা অশ্ৰুশান্ত বিষাদ;

কোনো দেৱদূতৰ পৱিত্ৰ ডেউকাত ভৰ দি
থিয় হোৱা
তেওঁৰ প্ৰথমটো চাৱনিৰ সেন্দুৰীয়াত,
সম্পূৰ্ণতাৰ প্ৰথমটো অপলক স্পৰ্শত
ম‍ই ম‍ই হৈ জী উঠিম
আৰু তেওঁ তেওঁ;

তেওঁৰ অভ্যন্তৰৰ এজোপা শিৰীষৰ ছাঁত
স্থাপন কৰি মোৰ আৰাধ্য বিষাদক
তেওঁ হব মোৰ উপাসনাৰ সুনীল প্ৰজ্ঞা,
আৰু ম‍ই
তেওঁৰ দেহান্তৰিত স্পৃহাৰ কমণ্ডুল  ;

কিন্তু তৰংগমুখৰ যি নৈশনদীৰ সোঁত
বৈ থাকিব সেইজোপা শিৰীষৰ শিপাত,
তাৰ প্ৰতিধ্বনি জানো ম‍ই কেতিয়াবা
স্পৰ্শ কৰিব পাৰিম ?
পৰিচয়ৰ সকলো সুত্ৰৰে চিনাকি হৈও
আমি হয়তো অচিনাকি হৈ ৰ’ম
স্পৰ্শাতীত কোনোবাখন দাপোনৰ আগত,
অজ্ঞ হৈ ৰ’ম হয়তো ইজনে সিজনৰ
আত্মীয়তাৰ সকলো পোছাকৰ তলত;

আৰু এই সনাতন অজ্ঞতাই হ’ব আমাৰ
প্ৰশান্তিৰ আশ্ৰয়ভূমি, সমৰ্পনৰ উৰ্বৰতা
আৰু জীৱনৰ শ্ৰেষ্ঠতম আশীৰ্বাদ !!

**************
১০-০৮-১২

Wednesday, 1 August 2012


তেজা আৰু তেজা
===============

বিবশ প্ৰণয়ৰ এটা হাবিয়াস হৈ
তেওঁ নামি আহিছিল
বুকুলে পোণাই বাট;
হৃদয় ভৰি তেওঁৰ শূন্যতা
আৰু শূন্যতা ভৰি তেওঁ;
কাৰ চকুলে চাই এতিয়া চেকুৰি যায়
দুঃসময়ৰ ৰঙাঘোৰা ?
শোকৰ পাতত নিয়ৰ গোটাই
এজাৰো যে নিজাৰ পৰিল অ’ তেজা,
কাৰেঙৰ দেৱালৰ এলাগী ফাটত
কেতিয়া বা গজে এতিয়া উলাহৰ ল’ৰাজবা;
প্ৰতিশ্ৰুতিৰ পিছল বাটৰ
কুমাৰী পানীৰ ডোং,
পাৰ হৈ তোৰ বুকুলে তেজা
আহেনো কোন আহেনো কোন ?

সেই বাটে নাযাবি
অ' মোৰ লাহৰী তেজা
মিনাকৰা সেঁন্দুৰীয়াত নিদিবি খোজ,
শাঁখিনী দুৱাৰগৰীয়াই মেলি দিব
অমঙ্গলৰ মজিয়া,
সতিনী কলপুলিয়ে
থপিয়াই চাব তোৰ বেথাৰ গহনা,
বহনা হিয়াত লৈ বিষাদ-শালিকী
চাউলধোৱা ঘাটে নুঠিবি তেজা
চাউলধোৱা ঘাটে নুঠিবি;

ববচা হিয়াৰ ডাল জোকাৰি
যিয়ে পাৰি লৈ যায়
তোৰ চকুপানীৰ ডালিম,
সেই বুকুতে সপি থ তোৰ
বেজাৰৰ জোঁনবিৰি,
সেই চকুতে গুজি থ তোৰ
পদুমপতীয়া সপোন;

সোণৰ সজাঁৰ ত‍ই
তেনেই নুমলীয়া বিষাদ,
জলঙাইদি উচুপনিৰ তোৰ
কেতিয়া যে সোমাব পাটমাদৈ জোনাক,
জেতুকাপাতত নুৰিয়াই উৰুলিৰ মেজাংকৰি
কি ৰঙেৰে বা বোলাইহি
সুবৰ্ণ পুৰুষে
তোৰ আকুলতাৰ কিংখাপ ?

ডালিম পককেই বা নপকক,
ৰূপৰ পাল্‌কীৰ মাতত ঘুমতিৰ বগৰী
সৰকেই বা নসৰক;
ম‍ই থাকিম তেজা
বৰকাঁছ হৈ সদায়েই তোৰ পুখুৰীপাৰত,
ম‍ইনাৰ মাত হৈ গুণগুণাম
তোৰ দুখৰ ওঠত
এজাৰ হৈ ফুলি ৰম আজন্ম
দৰদী তোৰ বিষাদবনত !!

***********
১-০৮-১২






চিঞৰ
======

হাড়ৰ সজ্জাত এটা অশান্ত চিঞৰ
মুখ ঢাকি শুই আছে,
ৰওঁ বুলিও ৰব নোৱাৰিলো !
বৰফ চেচাঁ নদীত ডুবি
ভিতৰত কেৱল বাজি থাকিল
এটা ডবাৰ বাহী মাত;

শেষৰাতি দলঙৰ মুখত
নিৰ্বাসিত আত্মাবোৰে বিনাইছিল,
শোকৰ প্ৰাচীন ডুবাৰুৰ হাতত ধৰি
ওচৰতে ৰৈছিল আহি
সোণালী সমুদ্ৰৰ ছাঁ;

এটা চিঞৰৰ পাৰত
এতিয়াও ম‍ই সাৰে থাকো
নিজৰেই ভিতৰত;
শান্তিৰ দৰে কোনে জানো
ওলোমাই থৈ গ’ল সেই এটা আহত চিঞৰ
শৰীৰ যাৰ এটা খঙাল ৰুবায়ত্‍;

**********
("The Scream"--Edvard Munch-ৰ এখ্ন কালজয়ী painting.  কবিতাটো তাৰেই আধাৰত লিখা হৈছে )
২৯-০৭-১২