Saturday, 11 August 2012

অৰ্ধাঙ্গিনী
=======

সাতটা আমৰ পাত
আৰু এটা মাটিৰ চাকিৰ পোহৰত
তেওঁ এটা জলদগম্ভীৰ আৰাধনাৰ শ্লোক,
মোৰ আকাংক্ষাৰ কোমল ৰুদ্ৰাক্ষ ;

তেজত তেজ হৈ শিপায় মোৰ
তেওঁৰ সুখ কিম্বা অশ্ৰুশান্ত বিষাদ;

কোনো দেৱদূতৰ পৱিত্ৰ ডেউকাত ভৰ দি
থিয় হোৱা
তেওঁৰ প্ৰথমটো চাৱনিৰ সেন্দুৰীয়াত,
সম্পূৰ্ণতাৰ প্ৰথমটো অপলক স্পৰ্শত
ম‍ই ম‍ই হৈ জী উঠিম
আৰু তেওঁ তেওঁ;

তেওঁৰ অভ্যন্তৰৰ এজোপা শিৰীষৰ ছাঁত
স্থাপন কৰি মোৰ আৰাধ্য বিষাদক
তেওঁ হব মোৰ উপাসনাৰ সুনীল প্ৰজ্ঞা,
আৰু ম‍ই
তেওঁৰ দেহান্তৰিত স্পৃহাৰ কমণ্ডুল  ;

কিন্তু তৰংগমুখৰ যি নৈশনদীৰ সোঁত
বৈ থাকিব সেইজোপা শিৰীষৰ শিপাত,
তাৰ প্ৰতিধ্বনি জানো ম‍ই কেতিয়াবা
স্পৰ্শ কৰিব পাৰিম ?
পৰিচয়ৰ সকলো সুত্ৰৰে চিনাকি হৈও
আমি হয়তো অচিনাকি হৈ ৰ’ম
স্পৰ্শাতীত কোনোবাখন দাপোনৰ আগত,
অজ্ঞ হৈ ৰ’ম হয়তো ইজনে সিজনৰ
আত্মীয়তাৰ সকলো পোছাকৰ তলত;

আৰু এই সনাতন অজ্ঞতাই হ’ব আমাৰ
প্ৰশান্তিৰ আশ্ৰয়ভূমি, সমৰ্পনৰ উৰ্বৰতা
আৰু জীৱনৰ শ্ৰেষ্ঠতম আশীৰ্বাদ !!

**************
১০-০৮-১২

Wednesday, 1 August 2012


তেজা আৰু তেজা
===============

বিবশ প্ৰণয়ৰ এটা হাবিয়াস হৈ
তেওঁ নামি আহিছিল
বুকুলে পোণাই বাট;
হৃদয় ভৰি তেওঁৰ শূন্যতা
আৰু শূন্যতা ভৰি তেওঁ;
কাৰ চকুলে চাই এতিয়া চেকুৰি যায়
দুঃসময়ৰ ৰঙাঘোৰা ?
শোকৰ পাতত নিয়ৰ গোটাই
এজাৰো যে নিজাৰ পৰিল অ’ তেজা,
কাৰেঙৰ দেৱালৰ এলাগী ফাটত
কেতিয়া বা গজে এতিয়া উলাহৰ ল’ৰাজবা;
প্ৰতিশ্ৰুতিৰ পিছল বাটৰ
কুমাৰী পানীৰ ডোং,
পাৰ হৈ তোৰ বুকুলে তেজা
আহেনো কোন আহেনো কোন ?

সেই বাটে নাযাবি
অ' মোৰ লাহৰী তেজা
মিনাকৰা সেঁন্দুৰীয়াত নিদিবি খোজ,
শাঁখিনী দুৱাৰগৰীয়াই মেলি দিব
অমঙ্গলৰ মজিয়া,
সতিনী কলপুলিয়ে
থপিয়াই চাব তোৰ বেথাৰ গহনা,
বহনা হিয়াত লৈ বিষাদ-শালিকী
চাউলধোৱা ঘাটে নুঠিবি তেজা
চাউলধোৱা ঘাটে নুঠিবি;

ববচা হিয়াৰ ডাল জোকাৰি
যিয়ে পাৰি লৈ যায়
তোৰ চকুপানীৰ ডালিম,
সেই বুকুতে সপি থ তোৰ
বেজাৰৰ জোঁনবিৰি,
সেই চকুতে গুজি থ তোৰ
পদুমপতীয়া সপোন;

সোণৰ সজাঁৰ ত‍ই
তেনেই নুমলীয়া বিষাদ,
জলঙাইদি উচুপনিৰ তোৰ
কেতিয়া যে সোমাব পাটমাদৈ জোনাক,
জেতুকাপাতত নুৰিয়াই উৰুলিৰ মেজাংকৰি
কি ৰঙেৰে বা বোলাইহি
সুবৰ্ণ পুৰুষে
তোৰ আকুলতাৰ কিংখাপ ?

ডালিম পককেই বা নপকক,
ৰূপৰ পাল্‌কীৰ মাতত ঘুমতিৰ বগৰী
সৰকেই বা নসৰক;
ম‍ই থাকিম তেজা
বৰকাঁছ হৈ সদায়েই তোৰ পুখুৰীপাৰত,
ম‍ইনাৰ মাত হৈ গুণগুণাম
তোৰ দুখৰ ওঠত
এজাৰ হৈ ফুলি ৰম আজন্ম
দৰদী তোৰ বিষাদবনত !!

***********
১-০৮-১২






চিঞৰ
======

হাড়ৰ সজ্জাত এটা অশান্ত চিঞৰ
মুখ ঢাকি শুই আছে,
ৰওঁ বুলিও ৰব নোৱাৰিলো !
বৰফ চেচাঁ নদীত ডুবি
ভিতৰত কেৱল বাজি থাকিল
এটা ডবাৰ বাহী মাত;

শেষৰাতি দলঙৰ মুখত
নিৰ্বাসিত আত্মাবোৰে বিনাইছিল,
শোকৰ প্ৰাচীন ডুবাৰুৰ হাতত ধৰি
ওচৰতে ৰৈছিল আহি
সোণালী সমুদ্ৰৰ ছাঁ;

এটা চিঞৰৰ পাৰত
এতিয়াও ম‍ই সাৰে থাকো
নিজৰেই ভিতৰত;
শান্তিৰ দৰে কোনে জানো
ওলোমাই থৈ গ’ল সেই এটা আহত চিঞৰ
শৰীৰ যাৰ এটা খঙাল ৰুবায়ত্‍;

**********
("The Scream"--Edvard Munch-ৰ এখ্ন কালজয়ী painting.  কবিতাটো তাৰেই আধাৰত লিখা হৈছে )
২৯-০৭-১২



Thursday, 26 July 2012


শংখধ্বনি
========

পাৰ দুটাৰ বাবে নৈখনৰ
একো প্ৰস্তুতি নাছিল,
পানীৰ দৰে শোহ গৈ আছিল
আত্মাবোৰ মাটিৰ শংখত;
ঋণগ্ৰস্ত হাড়বোৰে
পিতৃলোকলৈ ডিঙি মেলি চাইছিল,
মজ্জাত ধোৱা হৈ জ্বলিছিল
বিষাদবোধৰ গধুৰ পৌৰুষ l

যি খোজ মেলি আত্মাবোৰ ওভতি গ’ল
তাৰেই চিনে চিনে এতিয়া নৈখন;
উত্‍সমুখৰ কোৰ্হালে হেচি ধৰিছেহি
হাতৰ তলুৱাৰ দুবৰি
জিভাত তেওঁলোকৰ পিণ্ডজলৰ তিনিটোপাল পিয়াহ,
খোজত পোহৰৰ স্তোত্ৰ;

অভিশপ্ত কি যে এক যাত্ৰা
এক নিৰ্বাসনৰ পৰা আন এক দেহান্তৰলৈ,
এক আৰম্ভণিহীনতাৰ পৰা
অন্য এক অন্তহীনতালৈ !!

***********
২৬-০৭-১২

Monday, 23 July 2012


মেডুচা
========

চকুলে তেওঁৰ এখন ওলোমা দলং ,
এমুঠি সোণালী বালি মুঠিত লৈ
বাট বুলিছো ম‍ই
খোজবোৰ একো একোটা শিল;

দুবাহুৰ সৰিসৃপে ক্ৰমাত্‍ মেৰিয়াই আনিছে
জীৱনৰ শান্তশীল অভিশাপ,
কাৰ বা মণিবন্ধত দুলিছে সেই খাৰু
পোহৰে জিলিকাইছে যাৰ
মোৰ সিৰাৰ ঈষত্‍ নীলা?
এডিঙি তেজৰ শূন্যতাৰ অন্তত
উশাহৰ দুফাল জিভাত দুখ হৈ তিতিছে এতিয়া
মোৰ শান্তিৰ খঙাল স্বাদ;

ভালপোৱা ! কি এক অনাবিল শুভ্ৰতা
শিল হৈ শিপাইছিল
তেওঁৰ চকুৰ অগাধ সেমেকাত ;

কি দাপোনত ভাঙি দেওঁলগা চুলিৰ জোঁট
শুই ৰয় মৃত্যুৰ বিস্ময় মুখ,
কোনো নতুন প্ৰেমিকাৰ দৰে
অসহজ অপ্ৰস্তুত !!

***************
৯-০৭-১২

Sunday, 15 July 2012


কবিলৈ
=======

এদোৱাত চিঞাহীৰ নিৰ্জু নীলাত
তিতি আছিল তেওঁৰ আয়ুস,
এতিয়া শ‍ইচৰ শোকাকুল পথাৰ
আৰু স্বপ্নময় চকুৰ দুৱাৰদলিবোৰ ভিজিছে,
কলমৰ সেমেকা পতাত বিৰ দি ৰৈছেহি
তেওঁৰ প্ৰিয়তম শব্দবোৰৰ ম্ৰিয়মান মুখ;

অথচ,
কবিতাৰ বাবে বৰ বিশেষ আয়োজন তেওঁৰ নাছিল;
এটোপাল শুভকামনাৰ লোতক,
চিকুটি তুলি অনা অলপ
বুকুৰ তলৰ ধূলিয়ৰি মাটি;
বচ সেয়াই !
তথাপি তেওঁৰ কবিতাত
কামিজ খুলি উদং বুকুৰে ৰ’দ লৈছিল ভালপোৱাই,
বিষাদৰ অটব্য স্তৱকে
তেওঁৰ কবিতাৰ আখৰক বাট এৰি দিছিল
মুৰ দোৱাই;

লেটা ভাঙি শব্দবোৰ যেতিয়া
পখিলা হৈ উৰি ফুৰিছিল
বুকুৰ সুগন্ধি অৰণ্যত
বিষাদৰ স্নায়ুৰে জুখি চাইছিল তেওঁ
প্ৰণয়মধুৰ স্বপ্নৰ ওজন,
চেতনাৰ উন্মিলিত দুৱাৰ খুলি
ৰুই লৈছিল মৃত্যুৰ আবেগত
চিৰআত্মীয় মাটি আৰু
স্মৃতিশুৱনি শস্যক্ষেত্ৰৰ অভিনন্দন ;

কবিতা মানেইতো-
সোৱঁৰণি আৰু শান্তিৰ বিনীত শ্লোগান, জীৱনৰ প্ৰতিবাদ বাক্য;
কবিতা মানেইতো-
দুখৰ বনছাই, শিল্পকাৰ শব্দৰ মহত্তম শিল্প;
কবিতা মানেইতো-
শোকৰ শেষ আশ্ৰয়, আৰু ভালপোৱাৰ সুশোভিত গন্তব্য;


********
১৩-০৭-১২

(হীৰুদাৰ সোৱঁৰণত.........)

Monday, 9 July 2012


সাজোন
---------

অৰ্থ অনৰ্থৰ গহনাবোৰ খুলি থৈ
সকলোবোৰ এদিন উলংগ হব,
সস্নেহ উশাহৰ পহৰা পাৰ হৈ
নিখোজ হব
শিল চেঁচা এটা উত্তাপত গা থৈ;

শিল আৰু পাহাৰৰ পালেঙত
শুই পৰিব
নদীৰ গৰ্বী কংকালবোৰ,
দিনবোৰে পাতত মেৰিয়াই ৰ’দৰ বয়স
সৰি পৰিব বালিঘড়ীৰ ডালৰ পৰা

শব্দবোৰ যেতিয়া তিলফুল হৈ ধোৱাব
উচ্চাৰণৰ সীমান্তত,
মাটিৰ ছাঁই অচিনাকি সুহৃদ হৈ যেতিয়া
তুলি ধৰিব নিচুক কণ্ঠ,
ম‍ই তেওঁলৈ থৈ যাম মোৰ
শেষটো অক্ষয় অৰ্থ

*******
৩-০৭-১২