Thursday, 27 April 2017


ডেটিঙ
======

দোঁ খাই থকা অনিদ্ৰাৰ তলেৰে তেঁও আহিছে,
ঘঁড়ীৰ কাটা দুডালে খেদি খেদি চুব নোৱাৰা বৰ্তমানত
মই তেঁওলৈ ৰৈ আছো
মৰি অহা গধূলি এটাৰ গেটত,
আৰু মাথো এই এটা গধূলিৰ বাবে তেঁও পিন্ধি আহিছে তেঁওৰ প্ৰিয়তম শূন্যতা
যি ঢাকি থব পৰা নাই মোৰ শোকৰ উদং গা ;

সকলো গছৰে সিদিনা পাতিবলগীয়া অলেখ কথা আছিল
যাৰ গুণগুণণিৰ তলত অধিৰ বেঞ্চবোৰে লুকুৱাই থৈছিল আলিঙ্গনৰ আখাৰা
আৰু চুমাৰ সুদীৰ্ঘ ক্লান্তি ,
প্ৰেমৰ গভীৰতাৰ পৰা আহি নিয়ৰবোৰ তিতিছিল প্ৰতিষাৰ
কথাৰ খিৰিকিৰ পৰ্দাত
পাত জপাই যাৰ বাবে জোপোহাবোৰে ঠাই এৰি দিছিল
অন্ধ আন্ধাৰক ;

ধূলিয়ে সাৱটি ধৰা জোতাত ক্ৰমশ
কোনো কেচুৱাৰ দৰে শুই পৰিছিল আমাৰ খোজ
আৰু সেয়ে সৰাপাতবোৰৰ হেলনীয়া দুখৰ কোনোবাখিনিত
আমি বহিছিলো ,
যি বিষন্নতাৰে তিতি আছিল ঘাঁহবোৰৰ সেউজীয়া চুলি
সেয়া মই তুলি দিছো তেঁওৰ হাতত
তেঁওৰ কাতৰ আঙুলিৰ পাৰতে ৰৈ আছিল মোৰ আত্মা
যিয়ে সেমেকাই তুলিছিল বিনম্ৰ শিলবোৰক ,
আৰু সেই প্ৰাচীন শব্দ এটাৰ কেঁকুৰিত
লগালগি হৈছিল আমাৰ ওঁঠৰ বৰফ
এটা নীৰৱতাৰ দোলক চকুমুদি দুলি আছিল য'ত
স্বপ্নমগ্ন সন্ধিয়াবোৰৰ ইচ্ছাত ,

দীঘল হৈ অহা গুণগুণণিৰ ঘাঁহবোৰৰ মাজত
আমি যেতিয়া নেদেখা হৈ আহিছিলো ইজনে সিজনৰ মুখ,
আমি কাক দেখিছিলো ?
সেই কথাবোৰটো কোনেও নাজানে
ওলাই যোৱাৰ চুক্তি কৰি
আমি যে সোমাই আছো নিজৰেই অভ্যন্তৰত,
মই তেঁওক জুমি চাও
তেঁও মোক জুমি চায়
কলাক্ষেত্ৰত কোনে বাই যায় শীত ?

তেঁওৰ কফিৰ কাপটোত অথবা
মিনাৰেল ৱাটাৰৰ বটলটোৰ ওঁঠত
সাৰে থকা স্পৰ্শৰ ইমান ৰূপালী কাইট
কোন বসন্তই মোৰ বুকুৰ পৰা ছিঙি নিব পাৰিব
কফিৰ গোন্ধবোৰে জানিছিল নেকি সিদিনা সেই কথা ??

ঘূৰণীয়া টেবুল চকীযোৰ য'ত
আমি উদযাপন কৰিছিলো নৈশব্দৰ উৎসৱ ,
আৰু হাঁহিৰ চাবুকবোৰ
যাৰ সিপাৰে সাৰে থাকে মোৰ আহত নিদ্ৰা
এই সকলোবোৰৰ বাবে সন্ধিয়াটো সিদিনাৰে পৰা
মোচৰ খাই থাকে মোৰ বুকু ভিতৰত !!

***********************************
jan 30 16

নিবেদন
======

মোক ওভতাই দিয়া মোক
মোৰ মৰ্মাহত দিন আৰু ৰাতিবোৰৰ বাবে,
জোনাক আৰু ডাৱৰৰ বাবে
আৰু আহত আলিঙ্গনবোৰৰ বাবে ,

তোমাৰ ৰাতিবোৰৰ পৰাই এই ধ্বনি,
আঙুলিবোৰত তিতি আছে
তোমাৰ কৰুণা
মোৰ হাতত তোমাৰ স্তনৰ নিয়ৰ;

মই তোমাক কি দিম
ওভতি অহাৰ এই উজ্বল পথ,
কোনো নাৰীৰ নাভিত উন্মোচিত হোৱা
নিৰ্জনতাৰ প্ৰথমটো অৰ্থ,

সকলো বাটৰ শেষত তোমাৰ আৰম্ভণি
তোমাক পাৰ হৈ কি পাম
চৰাইবোৰৰ কোৰ্হাল,
পোহ নমনা ৰাতিবোৰৰ বিষাদ
নে স্পৰ্শৰ অন্ধত্ব ?

নাঙঠ শব্দবোৰৰ শৰীৰ কপি আছে এতিয়াও
তোমাৰ ওঁঠৰ শীতত ,

মই তোমাৰ অলৌকিক অনুবাদ
উচ্চাৰণৰ স্বৰহীন প্ৰণয়ন !

**********************
june 22 16
নবেল বটা পোৱা কবিৰ কবিতা-১
======================
১৯৮৪ চনত Jaroslav Seifert সাহিত্যৰ নবেল বটা পোৱা প্ৰথমজন চেক নাগৰিক হিচাপে পৰিগণিত হয় । নবেল কমিটিয়ে তেওৰ কবিতা সম্পৰ্ক কৈছিল --"Endowed with freshness, sensuality and rich inventiveness .'' কবি Jaroslav প্ৰথমাৱস্থাত কমিউনিষ্ট আদৰ্শত বিশ্বাসী আছিল যদিও পিছলৈ তেঁও চেকশ্লভিয়াৰ কমিউনিষ্ট চৰকাৰৰ জনবিদ্বেষী কাৰ্যসমূহৰ বিপক্ষে কবিতাৰেই একপ্ৰকাৰৰ বিদ্ৰোহ ঘোষণা কৰি চৰকাৰৰ ৰোষত পৰে আৰু চৰকাৰে তেঁওৰ কবিতাসমূহৰ প্ৰকাশ আৰু প্ৰচাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে । এই নিষেধাজ্ঞাই তেঁওৰ জনপ্ৰিয়তা অনেকগুণে বঢ়াইহে তোলে আৰু Jaroslav Seifert চেক'শ্লভিয়াৰ জাতীয় কবি হিচাপে পৰিগণিত হৈ পৰে । এইজন স্বনামধন্য কবিৰ ''Sometimes we are tied down'' কবিতাৰ অনুবাদৰ এক প্ৰয়াস-
কোনো কোনো সময়ত...
================
কোনো কোনো সময়ত স্মৃতিয়ে আমাক
কেনেকৈযে জপটিয়াই ধৰে,
আৰু স্মৃতিৰ সেই জঁট খুলি নিজকে উলিয়াই অনাৰ
আমাৰ ওচৰত একো উপায় নাথাকে !
শিল্পীসকলৰ ঘৰৰ কাষৰ সেই দলংখন দেখিছানে ?
মোৰ সমুখেৰে খোজ কাঢ়ি গৈ থকা শ্ৰমিক এজনক
সেই দলঙখনৰ পৰা মাত্ৰ কেইখোজমান আগত
চিপাহীবোৰে গুলীয়াই হত্যা কৰিছিল ,
তেতিয়া মই কুৰি বছৰীয়া মাথো,
অথচ এতিয়াও যেতিয়াই সেইপিনেদি পাৰ হৈ যাও
সেই কথাটো মনত পৰে ।
মোৰ হাতত ধৰি কথাটোৱে মোক লৈ যায়
ইহুদী শ্মশানখনৰ সেই সৰু গে'টখনৰ মুখলৈ ,
যাৰ মাজেৰে মই পলাই আহিছিলো
তেঁওলোকৰ বন্দুকবোৰৰ আগৰ পৰা ।
ভগ্নপ্ৰায় খোজবোৰত ভৰ দি
এক তুমুল অনিশ্চয়তাৰ মাজেৰে
বছৰবোৰ পাৰ হৈ গৈছিল ,
আৰু সিহতৰ লগে লগে মই
জঠৰ হৈ ৰৈ থকা ক্ষণটোলৈকে
বছৰবোৰ বৈ গৈ আছে ।
********************
SOMETIMES WE ARE TIED DOWN. . .
Sometimes we are tied down by memories
and there are no scissors that could cut
through those tough threads.
Or ropes!
You see the bridge there by the House of Artists?
A few steps before that bridge
gendarmes shot a worker dead
who was walking in front of me.
I was only twenty at the time,
but whenever I pass the spot
the memory comes back to me.
It takes me by the hand and together we walk
to the little gate of the Jewish cemetery,
through which I had been running
from their rifles.
The years moved with unsure, tottering step
and I with them.
Years flying
till time stood still.
JAROSLAV SEIFERT
tr. from the Czech by
EWALD OSERS
**************************
 feb 13 2016
মেডুচাৰ নাও
=========
আৰু তাৰপিছত আমি ওভতি আহিছিলো
হাতে হাতে নিৰাভৰণ নৈশব্দ,
নিমখীয়া জোনাকৰ তলেৰে উটি আহিছিল
কৰুণ কাঠৰ নাওবোৰ,
অকলশৰীয়া যাতনাৰ পাৰত য'ত
আমাৰ নিৰন্ন আঙুলিয়ে তুলি লৈছিল
তেঁওলোকৰ কান্দোনৰ খোলাবোৰ ।
গোট মাৰি অহা কোনো নিৰ্জনতাৰ
দৰে আছিল ঢৌবোৰ । স্বপ্নহীন মাছবোৰৰ
চকুত ঠেকা খাই যি তিতি আছিল বালিৰ
হালধীয়া নিদ্ৰাত ।
আৰু ৰ'দৰ বাবে সেই প্ৰতিটো
দিনৰ নাভিত আমি যে ৰুই থৈছিলো
আমাৰ শবোৰ
আৰু হাতবোৰ অনিদ্ৰাৰ বালিচৰত ,
শাওলগা বুকুৰ মাটিত য'ত গজিছিল
ঘন শূন্যতাৰ অৰণ্য;
ওখ আন্ধাৰবোৰৰ অনিচ্ছাৰ গভীৰত
সোঁতবোৰ যিদিনা তিতিছিল
ডিঙিলৈকে তিয়াই আমাৰ জিভাৰ দুপাৰ,
আমি বগাই গৈছিলো এটা দূঃস্বপ্নৰ পৰা
আন এটা দূঃস্বপ্নৰ শেষহীন কাৰুণ্যলৈ ।
শীতে বিন্ধি যোৱা শামুকবোৰৰ দৰে আছিল
জয়াল নাঁওবোৰৰ আৰ্তি
জঙ্ঘাত যাৰ লাগি আছিল সমুদ্ৰৰ নখ ।
সেই ঢুকি নোপোৱা পাৰবোৰ
যি হয়তো মৰি গৈছিল
আমাৰ পিয়াহৰ আদিম পাৰত,
যি হয়তো ৰিণি ৰিণি জ্বলি আছিল
আমাৰ জঠৰ হাঁড়বোৰৰ ভগ্নস্তুপত ,
তাৰ কান্দোনৰ ঠিক তলতে আমি পুতি থৈছিলো
তেওঁলোকৰ নিদ্ৰাৰ পৰা ঘুৰি অহা সকলো চকুলো ।
ঢৌবোৰৰ ক্লান্তিয়ে তুলি লৈছিল
আমাৰ ওঁঠৰ অন্ধ জোন
লুণীয়া চকুবোৰত যি ডুব গৈ আছিল
এটা প্ৰাচীন কুঁৱাৰ অতল পুৰ্ণিমাত ।
আৰু বঠাৰ শেতা যন্ত্ৰণা
কোচ খাই পৰি আছিল সিদিনা
নিকৰুণ কোনো ৰাতিৰ নাঁওত,
যাৰ ইচ্ছাৰ তলেৰে আহোতে
পিয়াহে বিন্ধিছিল আমাৰ আঙুলিৰ জোনাক ।
তাৰপিছত শেলুৱৈবোৰৰ কোনো
উৱলি যোৱা স্বপ্নত আমি ওপঙি উঠিছিলো
প্ৰাচীন কোনো জীৱাস্মৰ দৰে ।
অনুতাপৰ দৰে যলৈ বৈ আহিছিল
দগ্ধ ঋতুৰ চৰাইবোৰ ,
আৰু সিহতৰ ডেউকাৰ ছাইৰঙী যন্ত্ৰণাত
সেই শোকৰ নিৰ্মমতা-
শিলত খুন্দিয়াই ঘুৰি অহা আমি বা
কোন ভীক্ষুকৰ বিফল প্ৰাৰ্থনা ??
***********************
( 1816 চনৰ ঘটনা, ফ্ৰান্সৰ মেডুচা নামৰ যুদ্ধজাহাজ খনে Mauritania বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে । কিন্তু ৩ দিন পিছতে জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত প্ৰায় ১৪৭ চন যাত্ৰীয়ে কাঠৰ এখন সাধাৰণ ভুৰ সাজি প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা কৰে । ভুৰ খনত থকা বিস্কুটৰ টিন কেইটা প্ৰথম দিনাই শেষ হয় , খোৱাপানীৰ বটল সমূহো টনা আজোৰাত নষ্ট হৈ পৰে । ইয়াৰ পিছতহে আচল বিভীষিকা আৰম্ভ হয় । ভোকে পিয়াহে জৰ্জৰ মানুহখিনি যেন ক্ৰমাৎ পশুলে ৰূপান্তৰিত হব ধৰে । নিজৰ মাজতে কাজিয়া আৰম্ভ হয় আৰু ভোকৰ আতিশায্যত বাচি থকা কেইজনে মৃত্যু হোৱা সমুহৰ মৃতদেহ ভক্ষণ কৰা আৰম্ভ কৰে । অকল সেয়াই নহয় আৰু দুৰ্বল তথা ৰোগী কেইজনকো হত্যা কৰি ভক্ষণ কৰা হয় তথা সমুদ্ৰত নিক্ষেপ কৰা হয়। অৱশেষত ১৩ দিনত দিনা উদ্ধাৰ কৰা সময়ত ভুৰ খনৰ ১৪৭ যাত্ৰীৰ মাত্ৰ ১৫ জনহে বাচি থাকে । এই লোমহৰ্ষক ঘটনাৰ আধাৰত বিখ্যাত ফৰাচী চিত্ৰকৰ Theodore Garicault এ 'Raft of Medusa' নামৰ কালজয়ী পেইন্টিঙ খন সৃষ্টি কৰে ।)
 march 4 16
*****************************
মহানাগৰিক
=========
অঘৰী শিলবোৰে বিছাৰি ফুৰিছে
জৰাজীৰ্ণ কোনো জোতাৰ চুমা,
উৱলি যোৱা চামৰাৰ গোন্ধত দীঘলিয়া
কোনো এক যাত্ৰাৰ ৰোমন্থন ,
স্থিতি আৰু গতিৰ পুৰণি দোমোজাত
উদাস ফুটপাঠ
শূন্যতাৰ মেনহ'ল;
ষ্ট্ৰীট লাইটৰ তলতে এডৰা সৰিয়হ ফুল
আৰু নাঙঠ জোনটো
জোনাকৰ কাটাতাৰৰ সিপাৰে !
তোমাৰ উপমাৰে সাৰে আছে
যাতনাৰ হেল'জেন,
ভালপোৱাৰ কেঁকুৰিত হৃদয়ৰ
অকলশৰীয়া হৰ্ডিং
জ্বলি আছে যি পূৰ্ণিমা হৈ অনিদ্ৰাৰ খিৰিকিমুখত ,
শূন্যতাৰ কংক্ৰিত ভাঙি গজি উঠা
মই ৰ'দৰ বিটপ
বৰষুণ হৈ তুমি
তিয়াই যোৱা এই দেহৰ মাটি
একাঠু নিৰ্জনতাত এতিয়া পোত গৈ আছে ৰাতিৰ দোতাৰা
আহা তুমিয়ে ময়ে গান গাও ভালপোৱাৰ,
তৰাৰ বুটাম মাৰি তেওঁ আহিব
ইটাৰ দমবোৰৰ যন্ত্ৰণা পাৰ হৈ
বৰষুণৰ এটা ঘোষণা লিখা আছে যাৰ সুহুৰিৰ দোৱানত ,
যি গানত ডুব গৈ থাকিব
টোপনিৰ শিল আৰু স্বপ্নৰ আলকাতৰা,
থোৰ মেলা ডাৱৰৰ সেইগান
আহা আমিও
ৰুই লও খৰাঙ ওঁঠৰ বালিত !
******************
may 7 16
মাহেকীয়া
=======
সেই ওঁঠৰ নিশাচৰ মেঘ
আৰু চকুত মুদ খাই থকা
হেলনীয়া ৰাতিবোৰৰ বাবে
হে ঈশ্বৰ তোমাৰ আৰু কিমান প্ৰাৰ্থনাৰ এলান্ধু !
জিঞাৰ পাখিবোৰে য'ত শুকুৱাই
নিয়ৰৰ ৰঙচুৱা পতা
তাৰ পৰাই প্ৰথমখন নদী ,
দীঘল ছাঁৰ অৰণ্যবোৰৰ বাবে
পৃথিৱীয়ে য'ত এদিন ৰুই থৈ আহিছিল
থোৰ মেলা হাড়ৰ গুটি এটা
আৰু ডুব নোযোৱা এখন নাওৰ বাবে
পাচটা ৰাতিৰ তৰা ;
শুকান খেৰবোৰৰ সাঁকো পাৰ হৈ আহিব নোৱাৰা
চপৰা চপৰ নিদ্ৰাৰ ডাৱৰ ,
আৰু নিসংগতাৰ শামুকবোৰৰ সৈতে
কুচিমুচি শুই থাকে
তেঁও দুপৰ বুকুত এটা মাজৰাতি ,
কিংবদন্তীৰ ওখৰ পৰা এঘটি পানীয়ে চাই থাকে
সেই শোকৰ সেমেকা ,
পিয়াহৰ নিজান পাৰত যি এদিন
নিৰ্বাসিত হৈছিল
ভালপোৱাৰ স্পৰ্শৰ পৰা ;
নিৰন্ন সেই ৰাতিবোৰৰ তলুৱাত আৰু একো নাছিল
হে ঈশ্বৰ ,
মোৰ কামিজৰ বুটামত যি হাতে গুজি থয়
বসন্তৰ তিনিটা জোন
বৰষুণে তিয়াই যোৱা এজাক ঘাহনিৰ পাৰত
সাৰে থাকে এতিয়া
সেই ঋতুৰ নিদ্ৰিত চৰাইবোৰ ,
আৰু তেঁওৰ উৰুত বাহ লোৱা
এবাহ সোণালী নিৰ্জনতাই
কুটা কঢ়িয়াই
মোৰ দগ্ধ আত্মাৰ পৰা তেঁওৰ
যাতনাৰ ফেৰেঙনিলৈ ,
মোৰ হৃদয় উদয় হব খোজে য'ত
সেই নিষিদ্ধ আলিঙ্গনৰ প্ৰতিটো টোপালত ;
আকৃতিহীন কোনো দুখৰ একোণত
সাৰে থাকে তেঁওৰ নৈশব্দৰ দোঁতাৰা
মোৰ বাবেই উন্মোচিত হয় যি
গোপন কোনো সৌন্দৰ্য্যৰ একাকীত্বত ,
কাৰণ বৈ অহা উদং ভৰিৰ যাতনাই
তেঁওক লৈ আহিব খোজে
 অস্পৃশ্য সেই শূন্যতাৰ সেমেকাৰ পৰা
মোৰ পূৰ্ণতাৰ উত্তাপলৈ !
*********************
5.8.2016

Sunday, 1 March 2015

নদী
====

নদীৰ বুকুত বাজি থাকে মানুহৰ আজন্ম নিসংগতা,
কোনো সোঁৱৰণিৰ ৰিণিকি পাৰত
নদীৰ সতে মানুহৰ প্ৰথম দেখাদেখি
প্ৰথম সাক্ষাত্‍ ,

সোঁতত ওঁঠ থৈ তেতিয়াৰ পৰাই কিমান যে কথা
কিমান যে আচ্ছন্ন আলাপ !

কোনো বিশ্বাসী বন্ধুৰ দৰে নদীৰ পাৰবোৰে বুটলি লয়
মানুহৰ কৰুণতম অৰ্থ, বিষন্ন আগন্তুক, দগ্ধ প্ৰেমিক
অথবা
ঘুৰি নহা কোনোবা সৈনিকৰ প্ৰতীক্ষাত
নিমাওমাও নাৰীৰ মৌনতা;

যি সংগীতৰ নাম শূন্যতা
নদী তাৰ ওজৰহীন শ্ৰোতা,

নদী পৃথিৱীৰ প্ৰথম প্ৰেমিক
সময়ৰ ধ্যানস্থ প্ৰণয়,
নদী বৈ অহা গভীৰ আপেক্ষা
অৰণ্যৰ আদিমতম স্ত্ৰোত্ৰপাঠক;

নদী মানে বেদুইন মাটিৰ তপস্যা
নদী মানে নাৰীৰ গভীৰতা;

বৈ থকাৰ নামত
নদীওতো ৰৈ থাকে
সোঁতৰ সতে সলাই লোৱা ঠিকনাত,

যিদৰে,
জীয়াই থকাৰ নামত
সকলো মানুহেই আচলতে  যাপন কৰে
কেৱল কিছু স্মৃতি, কিছু সম্ভাৱনা !!

**********************
০১-০৩-১৫

Friday, 13 February 2015

এটা দিন ভালপোৱাৰ নামত
===================

আহক আজি অলপ প্ৰেমিক হৈ পৰো
অলপ নষ্টালজিক,
ব্যস্ততাৰ কঠিন কামিজ সোলোকাই থও
আৰু লিখি দিও এটা দিন
ভালপোৱাৰ নামত ;

এদিনৰ বাবে আজি পুনৰ ৰৈ থাকোগৈ
হাইস্কুলৰ বাটৰ মোৰত,
ৰঙা কিলিপ মাৰি
যি পিনেদি ভালপোৱা আহে
চাও নাচাও চকুৰ চপৰা ভাঙি,
বুকুৰ বুটাম খুলি ফাগুন হওগে চাইকেল ষ্টেণ্ডত,
আৰু তিনিশৰীয়া চনেট লিখি
বহাগে চকুত গুজি দি যাওক
চোৰাং চাৱনি আৰু
লাজৰ সজল ৰুবায়ত্‍;

অনুৰাগৰ সেউজীয়া আপেল
কিদৰে যে সৰি পৰিল
শোক আৰু শূন্যতাৰ সমন্তৰাল বাটেদি
বেচেৰা নিউটন,
ষোল্ল নম্বৰ পৃষ্ঠাতেই তিনিদিন টোপনি খতি !
হাত কাটি লিখা সেই চিঠিবোৰৰ নামত
সাৰে থাকক দূপৰ বুকুবোৰত
আজি আৰু এটা বেইমান মাজৰাতি;

আহক মুগাৰঙৰ জিলৰ ভিতৰত
আকৌ এবাৰ লুকুৱাই ৰাখো বেঙুনীয়া লেফাফা,
নীলাতকৈও নীলা যি হাতৰ আখৰ
তাৰ পাৰত ৰ’ লাগি ৰওক
উইংচাঙৰ নিলিখা চিঞাহীবোৰ,
সপোনৰ সমকোণত যদি
কোনোবাই গুজি দি যায় ফুলবছা হাতৰ ৰুমাল
কওকচোন কোন ইউক্লিডেনো জুখিব পাৰিব
সেই চাইন থিটা বাই কচ থিটাৰ
মান হব কিমান ??

সেয়ে আহক এদিনৰ বাবে পাহৰি যাও
পোৱা নোপোৱাৰ সকলো হৰণ পূৰণ,
শূন্যতাৰ সকলো এলজেব্ৰা ;
আৰু চকুমুদি চুই চাও
নীলা পাৰি দিয়া সেই ত্ৰিকোণমিতি,
হাঁহিৰ দালমুট আৰু
বৰফৰ বগা দূপৰীয়া
যাৰ ওঁঠত তিতি তিতি নাভাগৰিছিল
বসন্তৰ এহেজাৰ এটা পানীখোৱা ছুটি;

আহক কবি হৈ পৰো আকৌ এবাৰ
হৃদয়ত আৰি লৈ ভালপোৱাৰ ইস্তাহাৰ
হৈ পৰো অলপ বদনাম,

পুনৰ ৰঙা হৈ গোন্ধাওক
ডায়েৰীৰ মাজত শুই থকা গোলাপ,
তেজৰ হেপাহত লিখি লও ৰ’দৰ শ্বায়েৰী,
নিজকে বিছাৰি বিছাৰি
পুনৰ হওক আজি
কাৰোবাৰ খৰাং বুকু খানাতালাচ !

কলেজ কেণ্টিণত কথাৰ ধূলি উৰুৱাই
চেঁচা পৰিব দিয়ক আজি আকৌ একাপ ফাগুন,
ডায়েল কৰি চাওক শূন্যতাৰ নাপাহৰা ঠিকনা
টু ফ’ৰ ফাইভ..দট দট.. থ্ৰি থ্ৰি
আৰু বৈ আহক সিপাৰৰ পৰা
সেই মৰ্মান্তিক মৌনতা
"কেনে আছা সোণ তুমি ?"

অথবা স্মৃতিৰ তেল পুৰি
বলক ফুৰি আহোগে বুকুৰ গোপন চহৰ,
ৰাধাচূড়াৰ তলত আন্ধাৰ হব মন নোযোৱা
আবেলিৰ দীঘল চুলি,
সোঁৱৰণিৰ দোপাট্টাত আস সেই দুখৰ এম্ব্ৰ‍ইদাৰি
আৰু থোকাথুকি ওঁঠৰ ঠেহ নভঙা উপত্যকা;
............
চকুত চকু থৈ নিদ্ৰাহীনতাৰ
আন্ধাৰৰ আঙুলিৰে চুই চাও যেন
সেই আজন্ম আকুলতা- প্ৰথম চুমাৰ !!
বিদায়ৰ মাতাল বৰষুণজাকত
আকৌ জুৰুলি জুপুৰি হৈ তিতো
আৰু লুকুৱাই থও
হৃদয় নামৰ এই অসহায় কাতৰতা;

আহক,
হেপাহ পলুৱাই তিতো দুখৰ গলধন তিয়াই,
আৰু চিৰদুখী মানুহৰ
সমস্ত চকুপানী মচি দিয়ক
আজি পুনৰ ভালপোৱাই !!

**************
১২-২-১৫

Friday, 16 January 2015

সাক্ষাত্‍
======

তোমাৰ তলুৱাত জ্বলা ৰাতিবোৰৰ বাবে দুফোটা শীত,
নকন্দা সকলোবোৰ কান্দোনৰ বাবে দুটোপাল মিনিট
তোমাৰ চুলিত উজুটি খাই পৰা প্ৰতিটো অন্ধ দুপৰীযা
ম‍ই মোক খামুচি ধৰিছিলো
সন্ধ্যাৰ জিভা বগাই গুচি গৈছিল
ওঁঠৰ বোবা গজল;

তোমাৰ বুকুত এটা গধূলিৰ দোতাৰা,
লাইটপষ্টৰ তলত ম্ৰিয়মান মগ্নতাৰ বুদ্ধ
কেইটা শতিকাৰ বা শাপিত আপেক্ষা ?
আন্ধাৰৰ ইচ্ছাই মোৰ হাতত গুজি দিছিল
বিষন্নতাৰ কঠিন মাৰফত্‍
আৰু পৃথিৱীৰ চকুত আয়ত ৰাতিৰ নিদ্ৰাহীনতা ;

আবেলিৰ কান্ধত মুৰ থৈ শোৱে অঘৰী উদাসীনতা,
নিঃসঙ্গ সৰিসৃপ হৈ ফোপায়
আলকাতৰাৰ ধোঁৱাত বেঙুনীযা হাইৱে
উশাহত কাৰ বা জ্বলে সন্ধ্যাতৰা ?
প্ৰাৰ্থনাৰ হাত বগাই নামে
হিমঘণ্টাৰ জৰী,
তেজত পুৱায় আমাৰ
ঈশ্বৰ নামৰ এটা নুপুওৱা যন্ত্ৰণা I

***************
১৬-০১-১৫

Friday, 9 January 2015

নৱবৰ্ষ
*******


==
দিনবোৰ আৰু দিন নহয় মৌ
পুৱাবোৰ নহয় পুৱা,
গানৰ দোৱান ঠোঁটত লৈ
ফেঁহুজালিতে আৰু ওলাই নাহে ৰ’দৰ দহিকতৰা ;

চৰাইবোৰে এতিয়া বুকুত উচুপি ফুৰে
এখন মৰিশালি,
ডেউকাত ভৰ দি আমালৈ জুমি চায়
বাঁহভঙা কান্দোনৰ বতাহে;

ৰ’দৰ আতচী কাঁচত এতিয়া তিৰবিৰাই জ্বলে
নিৰাহাৰ চকুৰ চুবুৰী,
শতিকাৰ উৱলা পাত লুটিয়াই
কামিহাড়ে হাড়ে উদযাপিত হৈ ৰয়
বুভুক্ষু দিন আৰু লঘোণৰ উৰুকা,

অথচ ইটোৱে সিটোক দিবলৈ আমি
জেপত কঢ়িয়াই লৈ ফুৰিছো
শুভেচ্ছাৰ মুদ্ৰা,
জিভাত পিন্ধি লৈছো বোবা প্ৰশ্নহীনতাৰ শিল;

সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈ
ৰ’দ মানে এতিয়া দূঃস্বপ্নৰ ডাকোৱাল
হতাশাৰ ফেৰিৱালা,
প্ৰাৰ্থনাৰ খটখটিৰ পৰা মিলেনিয়ামৰ দুৱাৰমুখলৈ
ৰ’দ মানে এতিয়া
এনিমিক শিশুবোৰৰ চকুত তিতি থকা
প্ৰত্যাশাৰ ঢেলাপৰা হালধীয়া !


==
শীত মানে এতিয়া আৰু শীত নহয় মৌ,
নহয় চুৱেটাৰ গুঠি ৰৈ থকা কোনোবা প্ৰিয়তমা,
শীত মানে দুখৰ দিছাঙত ডুবি থকা
অসহায় দলং,
মাজৰাতিৰ বৃদ্ধ অভাৰব্ৰীজ,

বাছষ্টেণ্ডৰ ফেৰেঙনিয়ে ফেৰেঙনিয়ে গজি উঠা
কুহুৰ-কুহুৰ সেই অঘৰী অৰ্কিড
টাইফয়েড অথবা নিউম’নিয়া,

নোযোৱা-নুপুওৱা ৰাতিবোৰৰ গেঙনি সী
ফুটপাথত পৰি ৰোৱা
অনিদ্ৰাৰ শলা আৰু যন্ত্ৰণাৰ চেঁচা ঊণ;

ঠেৰেঙা লাগি মৰা শিশুৰ মুখত
পিয়াহ হেচি হেচি বাউলী হোৱা বুকুত
শীত সভ্যতাৰ এক নিখুত ব্ৰাছ-ষ্ট্ৰোক,
পষ্ট’মডাৰ্ণ কোনো ঈশ্বৰৰ
এক এবষ্ট্ৰেক সপোন !!

****************
০৯-০১-১৫

Tuesday, 23 December 2014

১৬ পেচাৱৰ
==========

A-ৰ পৰা B-লৈ এখন ওমলা অলং
C-ৰ পৰা D-লৈ এখন ওলোমা দলং
এই অলঙেৰে, সেই দলঙেৰে
যিসকল আৰু ওভতি নাহিল
তেঁওলোকৰ বাবে নুমুৱাই থোৱা হওক
প্ৰতিখন উলম্ব পতাকা,

কবলৈনো আৰু কি থাকিল,
ছিঙি পৰা আঙুলিবোৰৰ কুঁহিপাত কুমলীয়া
এথোপা তেজত ডুবি
সেই শৈশৱ যি ধুনীয়া
বুটলি বুটলি বুকুবোৰ এতিয়া
বাউলী হোৱা প্ৰাৰ্থনা এটা ;

মাথো এই ঘটনাৰ বাবেই
তোমালোকে খুলি থোৱা তোমালোকৰ পোছাকবোৰ,
হাতবোৰ, নিহত হাড়বোৰ ;
মাথো তোমালোকৰ বাবেই উন্মুক্ত হওক
নৰকৰ শেষখন দুৱাৰ,
অন্ধ চকুবোৰত জ্বলি উঠক
ছাই হোৱা তোমালোকৰ আত্মাৰ এঙাৰ !

মাথো এই ঘ্টনাৰ বাবেই
বোবা হৈ পৰক
প্ৰতিজন অবাক দৰ্শক,
বধিৰ হৈ পৰক
প্ৰতিজন মৰ্মান্তিক ঘোষক,
কোমল কফিনবোৰৰ সেমেকাত
এই মাটিয়েই সামৰণি শিল্প হওক
চকুপানীৰ অন্তিমটোপাল প্ৰশংসাৰ !

এই দিনটোৰ পিছতেই
কাটাতাৰৰ কাপোৰ খুলি উলংগ হৈ পৰক
ৰাষ্ট্ৰ নামৰ প্ৰতিজনী বেশ্যা,
লাইটপষ্টত ওলোমাই থোৱা হওক
ভেকোভাওনাৰ প্ৰতিখন সংবিধান;
যি ঈশ্বৰৰ ইচাৰাত
মাটিৰ চিলেটত গজি উঠে
কান্দোনৰ তুমুৰুলি উদ্যান,
সেই ঈশ্বৰৰ হাড়ত লিখা হওক
নতুনকৈ আন এখন
গীতা, বাইবেল অথবা কোৰাণ !

কবলৈ আৰু কিয়েইবা থাকিল
এটা তৰা বিচাৰি মেলা জোনবাইৰ দুহাতত
তোমালোকে গুজি দিলা
বুলেটৰ অন্ধ অমাৱস্যা,
তেজত তিতা ৰঙাফিটাৰ পখিলা খেদি
সময়েও চকুদুটা খুলি থৈ ফেঁকুৰে...

স্বাধীনতা মানে হয়তো এতিয়া
মৃত শিশুৰ কপালত
পৃথিৱীয়ে খাই যোৱা শেষটো চুমা !!

****************
২৩-১২-১৪

উত্‍সৱ
=====

উদং উচুপনি বগাই যায় আঙুলিৰ শামুক
সি কোনো অপৱিত্ৰতাৰ ৰক্তৰাগ ফল,
জৰায়ুত আদিম নাৰীৰ পিছলি পোৰা
মৰ্মন্তুন্দ অনুৰাগ;

আমাৰ হাঁড়ৰ সন্ধ্যাত শোকৰ গুহা,
পাহৰণিৰ পাথৰত কটা
তেজ আৰু মৃত্যুৰ অমোঘ মৈথুন,
কি কঠিন নিৰ্জনতাত ডুবিছে
ৰাতিৰ শস্য !

মাটিৰ মাদল বজাই উলংগ হোৱা
সেঁওতাৰ নতুন জোন
প্ৰাচীন পূৰ্ণিমাবোৰে ঢাকি থব,
তেজৰ গধূলি পোহৰাই
ৰাতি জুৰি বাজি আছে এতিয়া
ঋতুমতী নাৰীৰ নৃত্যৰত নগ্নতা ;

বাঁহ গছ হৈ গজিব যি তেঁওলোকৰ নাভিত
মোহাচ্ছন্ন জুইৰ মুখ নে সেয়া গান,
স্তনত দোঁ খায় তেঁওলোকৰ
নৈশব্দৰ শংখ,
খোজত ডুবি উঠি আহে
শিলত খোদিত গান্ধাৰ শিৱ !!

**********
১৫-১২-১৪

Tuesday, 4 November 2014

ভালপোৱা
=========

তোমাৰ নাভিৰ পৰা উঠি অহালৈ চাৰিটা ঋতু,
চাৰিটা ঋতুৰ জপনা খুলি তুমি গুছি যোৱালৈ
মই চাৰিবাৰ মৃত্যুৰ অনুবাদ I

তোমাৰ আঙুলিত থোকাথোকে গধূলিৰ আঙুৰ
ৰৈ থকা নদীৰ হাত চকুৰ শিপাত, 
উজুটিযাই অহা প্ৰতিটো শিলৰ শ কবৰত লৈ
ম‍ই শুই আছোহি;
মোক ওভতাই দি য়োৱা মোক,
মই তোমাৰ লাহী আঙুলিৰ পাপ !

দুখৰ হাতমোজা পিন্ধি তোমাৰ ওঁঠত ৰ’দৰ এটোপাল ৰাতি
ম‍ই সেমেকি ৰ’লো,
কাতৰতাৰ সোত-মোচ কাপোৰ উদঙাই
উন্মোচিত হ’ল তোমাৰ নগ্নতাত মোৰ দুপৰ বেলি,
সেই বাটবোৰ আদিম সাঁকোৰ
ওভতি যোৱাৰ, ঘুৰি অহাৰ-
কাৰ আপেক্ষাত
আমাৰ খোজবোৰে কেতিযাও নাজানিলে,
অথচ সকলো ৰাতিযেই জানে এতিয়া তোমাৰ ঠিকনা;

প্ৰাচীন চকুবোৰত দোঁ খাই থকা এই অনুতাপ
তুমি নুমুৱাই দিয়াহি,
তোমাৰ ঘাহনিত ডুব যাওক উচুপনিৰ সন্ধ্যাবোৰ,

জুই লগা মুখবোৰ লুকুৱাই ম‍ই আকৌ এবাৰ কান্দো
তোমাৰ স্তনৰ ইমান চেঁচাত !!

***************
২-১১-১৪

Monday, 25 August 2014

যি কথা তেজাই নাজানিলে
=================

যি কথা তেজাই নাজানিলে
তাৰ বাবেই দো খাই পৰে আক্ষেপৰ ওঁঠ,
যি কথা তেজাই নাজানিলে
সেই কথাই এতিয়া বাৰীকোঁৱৰৰ প্ৰতিটো সাধুত;

চুলি মেলি তেজাৰ হাঁহি
উজাৰ খাই পৰে আইতাৰ বহল চোতালত,
মাটিত আকি ভাটিবেলাৰ নেঁওতা
তেতিয়া কুঁহিপাতৰ কোমল খিনি তাইৰ হাতত
কুটকুট কুটকুট এঠেঙীয়া এটা যেন শালিকা
আৰু দলিয়াই দিয়া ঘিলাটো
বাগৰি বাগৰি চিধাই মোৰ বুকুট,
কোনোবাদিনা হুদু-মুদুৰ টেকেলি ভাঙে
তেজাৰ হাত দুখন সিদিনা চিলনীয়ে নিয়ে,
ইফালে বেলি আৰু বতাহৰ কাজিয়া
তৰ্জনী আঙুলিৰে তৰ্জনী আঙুলিৰ কাট্টি
আৰু দুদিনৰ নামাতা নামাতি,
তথাপি সৰা দাতটো মোৰ নিগনিক দি
তেজাৰ হাত দুখন ময়েই মোকলাই আনিলো
তাতেই কি যে হাঁহি.....

কোনোবা এদিন পুৱাই এজাৰ ফুলিল
ক’ৰ জানো ডালিম এটা পকি মাটিতে সৰিল,
জৰাকাজিৰ গোন্ধ এটা লৈ সিদিনাৰ পৰা
শালিকা জনী বব নোৱাৰা নদী হ’ল,
চাব নোৱাৰা আৰ্চি হ’ল;
সপোনে সপোনে তেতিয়া
ইমান ইমান পানী,
মাটিৰে যামনে ?
পানীৰে যামনে?
ইখন হাতৰো অলৌগুটি
সিখন হাতৰো তলৌগুটি
কচুপাতৰ লাই হালে জালে,
দুবৰি এহালে উৰুলি এটাত জোবোৰা মাৰি
তাইৰ কপাল চোৱে;

এদিন বগৰী পাৰি থাকোতে
তেজাক বেলিটোৱে দেখিলে
আৰু তলৰ পৰা দেখিলো মই,
সাৰ নোপোৱা ঘুমতিবোৰ ভাঙি
তেজা ডাঙৰ হ’ল
আৰু ৰজাৰ হুকুম লৈ এদিম ছেদিম বাই
পাৰ চৰাইটোৱে ঢুকি নোপোৱা নদীখন পাৰ হ’ল,
সিদিনা আকৌ
ডালিমৰ ডালত ম‍ইনাজনীৰ ঠেহ,
মাতো নামাতো মাত থোকাথুকি হিয়াত
দৌৰি গৈ ময়েই মাতিলো ফুলকোৱৰক,
ঢাৰি পাৰি বহা চোতালৰ তৰাবোৰে সুধিলে
সোণালী পোক সেঁওতাত ধৰি ৰাণী সজাবা কাক ??

সপোনে সপোনে সিদিনাও
বগাই আছিল ইমান ইমান পানী,
চম্পাৱতী, চম্পাৱতী
ঢৌ ফালি এদাল হালধীয়া অজগৰ
ক্ৰমশঃ মেৰিয়াইছে মোক,
ধানো খাই চাউলো খাই
ক’ৰেনো হুতা চৰাই

এতিয়াতো এজাৰো নিজাৰ পৰিল
ঘনচিৰিকাই কটা তামোল লৈ
শিয়ালি পালেগৈ ৰতনপুৰ
আৰু ম‍ই...
ম‍ই হলোহি আঙঠাই পোৰা,
নিগনিয়ে কুটি টুকুৰা টুকুৰি কৰা
তেজীমলাৰ সেই পাটকাপোৰ জোৰা

কোনেও নোকোৱা সাধু এটা কবলৈ
সিদিনাৰ পৰাই ম‍ই
বিছাৰি ফুৰিছো বুঢ়ী আইক,
এই কথা তেজাই নাজানে !!

*******************
১২-০৮-১৪

সুহুৰি
========

পাহৰণিৰ পৰা এটা দিন ধাৰে লৈ
এদিন উভতি যাম তোমাৰ কাষলৈ;

মোৰ নাভিত দো খাই পৰে
প্ৰাচিন কোনো উছৱৰ ৰাতি,
তুমি কোন অনন্তৰ বিভোল বৈভৱ ?
বাউল হাতেৰেই বিচাৰি ফুৰিছো যাক
আন্ধাৰৰ সত্যৰ পৰা
পোহৰৰ প্ৰথম ঘোষনালৈ;

সেই যে আহি এবাৰ চুই দিলা
দেহ জুৰি বাজি ৰ’ল তোমাৰ খোজৰ প্ৰতিধ্বনি,
মুৰ দোৱাই ম‍ই শিলৰ বন্দনা হ’ম;
আৰু কোনো কাৰুণ্যৰ এৰাতি
বুকুত তুলি ল’ম
ভালপোৱাই মাতাল কৰা মাটি;

মোক তুলি ধৰা মোৰ অনুতাপৰ উচ্চতালৈ
তোমাৰ স্তনেৰে বৈ আহক
ভালপোৱাৰ সকলো পাৰ্থিৱতা,
মুৰ দোৱাই ম‍ই ভীক্ষুক হম
অনুচ্চাৰিত অনুভাৰ,
নিৰ্যাতিত আঙুলিত ধাৰণ কৰি
তোমাৰ নতজানু নগ্নতা !!

*****************
( ২৫ এপ্ৰিলৰ হাতত )

গ্লুমি চানডে’
=========

বৰষুণৰ জৰীত ওলমি ৰয়
উশাহৰ কানিমুণি বতৰ,
মাটি চো চো ৰ’দৰ বুঢ়া আঙুলি
এহাত ওপৰতে দুলি ৰ’ল;

গ্লূমি চানডে’, গ্লূমি চানডে’
খবৰটো থৰ হৈ আছিল সিদিনা
দূপৰীয়াৰ গোমা জেপত....

বুকুতে এটা মোচৰ,
উচুপনিৰ এঢোক শূন্যতাত আওজি
নুফুটা এটা চিঞৰৰ আখৰ,
ঢেলা পৰা এটা এতোলা চাৱনি
জানো কাক বিছাৰি বিছাৰি ??

সেই বিৰহ বুকুতেই মুৰ থৈ শুইছিল,
শোকৰ ডিঙিত উজাগৰ হ্ৰদ হৈ ডুব গৈছিল
জয়াল ৰাতিৰ বিষন্ন খবৰ,
যেন কোনো অনুতাপৰ আতুৰ আবেলি
যেন কোনো বিদায়ৰ শেষ বিয়লি,
গৈ থাকে গ্লূমি চানডে
ৰৈ থাকে গ্লূমি চানডে

বুকুতে জানো কোনে উভালি থৈ গ’ল প্ৰাণৰ
এনে এটা প্ৰাচীন কান্দোন !!

================

(( "গ্লূমি চানডে" ১৯৩৩ চনৰ এটা বিখ্যাত ( কুখ্যাত ?) গান.....এই গানটো হাংগেৰিয়ান চুইচাইদ চং
বুলিহে বেছিকৈ জনা যায়......কথিত আছে যে প্ৰায় ১০০ জন মানুহে এই গানটো শুনাৰ পিছত এতিয়ালে
আত্মহত্যা কৰিছে....আনকি গানটোৰ লিখক  Rezső Seress য়েও শেষত আত্মহত্যা কৰে.....))
কথাবোৰ
=======

এটা কথা আছিল
যাৰ দৰে আৰু কোনো কথা নাছিল,

পানী তুলিব যোৱা ওঁঠৰ নাওবোৰ
মুখ গুজি শুই পৰা ঊটৰ নাকবোৰ
ধূমুহাৰ এটা প্ৰশ্নবোধক
আপোনালৈ মোলৈ ;

এই নিশাৰ জৰ্জৰ দুহাত
যাৰ বাবে থিয় হয়
সদ্যমৃত সকলোবোৰ হাড়,
যাৰ বাবে উদ্বিগ্ন আলিঙ্গন হয়
নাবিকৰ হেৰোৱা দিশবোৰ
সকলো ঘুৰি আহিব
নিনাদৰ নিৰাভৰণ নাভিলৈ,

ঢৌৰ সতে সলাই পানীৰ কবৰ
আমি ওপঙি ফুৰিম মুখবন্ধ বটল হৈ
বিষন্নতাৰ বন্দৰে বন্দৰে,
নুডুবা দিনৰ সূৰ্যোদয়ত
বিচাৰি ফুৰিম আমাৰ
হাতবোৰ,
ওঠবোৰ,
অনুন্নাসিক নিশাৰ কন্দৰে কন্দৰে;

আৰ্ত আঙুলিবোৰৰ অনুচ্চ প্ৰাত্যহিকতা
য’ত আমি কেতিয়াও নাছিলো
আদ্ৰ দাপোন হৈ তাত
আমি জুমি চাও আমাক
আমাৰ কোলাহলৰ নিৰ্জনতাত,

আঠুকাঢ়ি তুলি ধৰিবলৈ
প্ৰাৰ্থনাৰ অগাধ আন্ধাৰ
এই নিসৰ্গত ঈশ্বৰ
পৃথিৱীৰ প্ৰিয়তম পাপ ;

মোৰ পৰা মোলৈ আহোতে
আমাৰ হাতে হাতে লাগি আহিল
যি দূঃসহ দিনৰ বৰ্তমান ,
তাৰ বাবে আমি চিৰদিন দায়ী হৈ থাকিম !!

***************
২৩-০৮-১৪

Thursday, 26 June 2014

তেজীমলাৰ কাহিনী
===============

হাতো নেমেলিবি ফুলো নিছিঙিবি
ক’ৰেনো ছোৱালী ঐ
শোটাকানিৰ লগতে আইদেৱে খুন্দিব
তেজীমলাহে ত‍ই;

ফুটুকীয়া ফুলনি এখন পিন্ধি তেজীমলা এদিন আলহী হৈ আহে,
পুৰণি দুটা ফ্ৰক আৰু ফটাকানিৰ এহাল দৰা-ক‍ইনা সখী হৈ
তাইৰ কাষলতি তলৰ মটৰত উঠি আহে,
মিনাকৰা সাউদৰ মহল
দলিচাৰ মজিয়া এধানমানি তাইৰ সপোনটোতকৈও চোন কোমল,
দেঁও দি চায়, তাই উলাহে নধৰা ফৰিং,
হাত পাতি ধৰে ৰ’দৰ মণিহাৰী
লহিয়াই যায় ভোকৰ দোভাগ বেলি
ৰুণুকজুনুক তাই নুপুৰ পিন্ধা হৰিণ;

আকুল নে বিয়াকুল এৰি অহা পুৱতিৰ সুৰ ,
মনমাৰি বহা ওঁঠৰ ঘৰমুৱা বাটত
ফুলো নুফুলো তাইৰ হাঁহিৰ চম্পাফুল উগুলথুগুল
আইলৈ নেকি মনতে পৰে ?
পিতাইলৈ নেকি মনতে পৰে ?
যেন বাগৰিহে যাব নুমলীয়া বেজাৰৰ বাখৰ
যেন বেণী গুঠি গুঠি উৰি আহিব ৰজা ৰণীৰ চিনাকি খবৰ,
চকুত মুৰ থৈ তাইৰ ওৰে ৰাতি সাৰে ৰয়
কোনোবাদিনা দুটোপাল আতোলতোল জোন;

ফেঁহুজালিতেই আন্ধাৰ নিৰাই
পুঁৱাটোৱে মেলা মুজা তাইৰ চকুহাল টুকুৰিয়াই,
তিতা তাৰত আহিন মেলি দি তাই নিমাতী ঘাটৰ ধুবুনী
ঠেঁটুৱৈ লগা আঙুলিৰে জাৰ পখালি পখালি
তাই ৰান্ধনী ঘৰৰ নুপুওৱা বেলি,
পঁইতা ভাতৰ কাহীত দুপৰীয়াটোৱে কলমলাই
বাঢ়নীৰ আগৰ ফাগুন হৈ আবেলিটো পিছলি যায়
নুফুটা কান্দোন এটাৰে ওঁঠ সী
আজৰি হৈ তাইৰ সতে পাটি পাৰে এটা দুপৰ ৰাতি !

উইচিৰিঙাৰ মাত মেলি উৰি আহে এটা শোকৰ সাধুকথা,
লঘোণৰ আঙুলিৰে তাই চুই চায়
সেয়া জোনাক নে ৰুটিৰ টুকুৰা ?
ভাঙো বুলিও ভাঙিব নোৱাৰা
চকুপানীৰ আখৰ জোটনি
জুটিয়াই জুটিয়াই
কেটেৰা দিনবোৰ পাৰ হৈ যায় ;

মাজতে উচুপনিৰ শেলুৱৈত পিছলি
চীনামাটিৰ জোনটো এদিন পৰি ভাঙে
সিদিনা আইদেৱে তাইৰ গাত গৰম পানী ঢালে,
সাউদে গাত ইস্ত্ৰিৰ সেক দিয়ে;
ক’তো আগলতি কলপাত নলৰেও নচৰেও
ফেকুৰি ফেকুৰি ৰাতিটোৱে
ফটাকানিৰ সখীহালকে কয়
"চিলনী আইলে আজি বৰকে মনতে পৰে" !!

ইতি:
হাতো নেমেলিবি ফুলো নিচিঙিবি
ক’ৰেনো ছোৱালী ঐ ,
শোটাকানিৰ লগতে আইদেৱে খুন্দিব
বনকৰা ছোৱালীহে ত‍ই !

===================
২৬-০৬-১৪

Monday, 23 June 2014

নেদেখাকৈয়ে দেখিলো তোমাক
=====================

নেদেখাকৈয়ে দেখিলো তোমাক,
দুহাতেদি বৈ গ’ল যেন
হেজাৰ নদীৰ মিনতি;

মাটিৰ মাতাল মাতে মোক মাতে
জিভাত মুৰ দোৱাই ৰয় আহত নীৰৱতা,
পিয়াহৰ তোৰণেদি যি নামি আহিছিল
সি ভালপোৱা নাছিল !
উচুপনিৰ হাতত হাত থৈ এতিয়া
এই তোলপাৰ ৰাতি
তোমাক কি বুলি মাতো কোৱা ?

প্ৰতিজন ভীক্ষুকে তুলি ৰব এদিন
এই আলোড়িত অৰ্থ,
প্ৰতিজন নিৰ্যাতিত‍ই শিৰত গুজি লব
সেই প্ৰাৰ্থনা
সহস্ৰ সন্ধিয়াৰ নিৰাগ দ্যুতি পাৰ হৈ অহা;
ওভতনিৰ বাটবোৰত
আমি যিদিনা ঘুৰাই পাম আমাৰ আত্মাক
প্ৰাচীন হাতবোৰে ওভতাই দিব আমাক সিদিনাই
ওৰ নপৰা পোহৰৰ নিজান নিসৰ্গ ,

নেদেখাকৈয়ে দেখিলো তোমাক,
নিৰল পাৰ্থিৱতাৰ নাভিত ফুলি ৰ’ল
সন্মোহিত শূন্যতাৰ সুনীল ৰুদ্ৰাক্ষ !!

*******************
১৭-০৬-১৪
বাটৰ খবৰ
========

এই কাৰণেই পৃথিৱীয়ে ভাল পায় চৰাইবোৰক,
ডাৱৰৰ বিশ্বস্ত বৰষুণজাকক;
এই কাৰণেই
ব’হাগৰ বেলাড এটাই গছকি যায়
মনোজ্ঞ মাটিৰ স্তৱকক;

চিঠি এখন লিখাৰ কথা আছিল পৃথিৱীলৈ বুলি,
নিৰ্বাসিত নক্ষত্ৰবোৰৰ চুবুৰীয়েদি
ওভতি অহাৰ কথা আছিল বেলি
তোমাক বিছাৰি;
ৰামধেনু ৰঙৰ চুলি ক’ত উৰুৱাই দিলা ?
আয়ুসত দুটোপাল চকুলো বুটলি
কাৰ প্ৰতীক্ষাত ওলমি ৰ’লা
শোকলৈ বুলি ৰূপোৱালী বুকু খুলি দি ?

তুমি কান্দোনৰ পুখুৰীত পোত খাই থকা
বাৰিষাৰ এহেজাৰটা কবিতা,
নিবনুৱা ৰাতিবোৰৰ বাঢ়ি অহা বেইমান নিদ্ৰাহীনতা;
এনেকৈয়ে এদিন তোমাক ক’ম
সুহুৰিবোৰ গান হোৱাৰ কথা, গানবোৰ চিঞৰ হোৱাৰ !
এনেকৈয়ে এদিন তোমাক দিম
অৰণ্যত হেৰোৱা চিঠিবোৰৰ নীলা খবৰ...

ম‍ই যি স্বপ্নত উচুপি কান্দো
তুমি তাৰ কপাল চুই কুশল সংবাদ হোৱা,
ক’ত বিছাৰি যাও তোমাক ?
তুমি যেন সোঁৱৰণিৰ পাহৰিব নোৱাৰা সুন্দৰতা
তুমি যেন মোৰ অন্তিমটো প্ৰাৰ্থনাৰ নতজানু নিৰ্জনতা...

খৰাঙৰ অনেক খোজ পাৰ হৈ
তুলি ললো তোমাক
বৰষুণৰ মাতাল আঙুলিৰে,
বিস্ফোৰণত হাত ভৰি ছিঙা
অনেক কান্দোনৰ বেজাৰত
তোমাক চুই চালো
নিথৰ স্তনবোৰৰ শীতলতাৰে,

সপোনৰ ঢেকীয়া হৈ গজি আহা
শিলৰ সূৰ্যোদয়ত,
হাত মেলি দিয়া আৰু চুই চোৱা
জুইৰ গোন্ধে পোৰা
নুফুলা ফুলবোৰৰ মাত;

য’ৰ পৰা আৰু কোনো ওভতি নাহিল
চুমাৰ সেতুৱেদি পৃথিৱীলৈ আমাৰ
সেই পিনেদিয়েইটো অন্তিমটো বাট !!

*******************
২৩-০৫-১৪