Saturday 31 August 2013

কৃষ্ণ উপজিব আজি ৰাতি
===================

হাঁহিৰ গোন্ধ এটা ৰৈ বৈ ফুলিব,
কান্দোনৰ গোন্ধ এটা আহি কোলাতে শুব;
মেঘৰ মজলিচত
খবৰটো ইকাণৰ পৰা সিকাণলৈ বাগৰি যাব ,
আজি ৰাতি হেনো কৃষ্ণ উপজিব !

এটা উলাহ বৰষুণৰ দৰে জাক পাতি
এটা আদৰ ঠুনুক ঠানাক দুহাত মেলি;
হাঁহো নে কান্দো, কান্দো নে হাঁহো
বুকুত বুকু থৈ বুকুতেই ঠন ধৰি উঠো ;
দুখৰ দুৱাৰ মাৰি সুখৰ মাদলি
ৰাতিৰ ডিঙিয়ে ডিঙিয়ে ওলমিব,
আজি ৰাতি হেনো কৃষ্ণ উপজিব !

কান্দোনৰ গছ এদাল চিত্‍ হৈ পৰি ৰব,
মেঘৰ মজলিচত খবৰটো
ইকানৰ পৰা গৈ সিকানতে জলকা মাৰি ৰব ,
আজি ৰাতি হেনো ৰাধা উপজিব ;
ডাষ্টবিন আই হব
পিতনি হব পিতাই,
জয়াল ৰাতিয়ে কেচা কান্দোনবোৰ তাইৰ
জীয়াই জীয়াই ডিঙি চেপি মাৰিব,
যমুনাৰ পাৰত কৃষ্ণ চিঞৰি চিঞৰি বলিয়া হব;

আজি ৰাতি হেনো ৰাধা উপজিব !!

****************
২৮-০৮-১৩

Saturday 10 August 2013

কোকেইন
========

সিৰাৰ দাতিয়েদি গুছি যায় নিমাওমাও সমুদ্ৰ;
পিয়াহত পোত যায় টোপনিৰ আঙুলিবোৰ ,
হাড়ত উদযাপন কৰি নিৰ্বানৰ দিন
ধূসৰতাৰ ধ্যান ভাঙি বুদ্ধ হোৱা
আমি একোজন
ৰাতিৰ সিপাৰৰ মৌন বোধিসত্ত্ব;

কাৰ টোপনিত বাজি উঠে এখন বীণ ?
দূৰৈত থৈ আহিছিলো যে ৰাতি এটা
ওৰেটো বাট মাতি আহিছিলো যে প্ৰাৰ্থনা এটা,
এতিয়া আঙুলিত ওলমি ৰয় আক্ৰান্ত আয়ুস
চকুত জ্বলি যায় চুলেই
অশ্ৰুৰ দুৰ্লঙ্ঘ্য দৰ্শন;

আমাৰ কান্দোনৰ খটখটিবোৰ পিছলাই
ক্ৰমশ অচেতন হৈ আহে এটা বাট যন্ত্ৰণালৈ ;
শিৰৰ জীয়াতু নুমুৱাই
ক্ৰমশ জাগৃতি হৈ আহে এটা নিদ্ৰাৰ ফুল
স্বপ্নৰ ধতুৰা হাতত লৈ ;

খোজৰ দুৱাৰমুখ তিয়াই
আমি যাক বিচাৰি ফুৰিছো
সেয়া জানো কোন প্ৰতিবিম্বৰ দেহ নে আত্মা ?

আঃ অমোঘ স্থবিৰতা,
যি গতিৰ নগ্নতা ভৰিত বান্ধি ল’লো আমি
সেয়া জুই নে শিপা ?
অৰ্পিতা কোনো আৰতিৰ দৰে
অদ্ভুদ এক অপাৰ্থিৱতাৰ এটা তুমুল স্পৃহা
ঠিক ভালপোৱাৰ দৰে উদযাপিত হৈ ৰয়
নিৰ্যাতিত নাভিত আমাৰ এতিয়া;

আমি যেন পুনৰ থিয় হলো,
তেজৰ সতে সলাই ললো অনাদিৰ প্ৰথম বসন্ত,
আৰু শূন্যতাৰ সতে সময়ৰ মহান আধ্যাত্ম !

*******************
০৮-০৮-১৩

Sunday 4 August 2013

আৰণ্যক
=======

কেতিয়াবা উচ্চাৰণতো বাগৰ সলায় মৌনতাৰ নাৰী,
ৰাতি ভৰি কথাৰ বকুল, কালৈ হাত মেলি ?

কালৈ হাত মেলি বন্দৰৰ ওপঙা সপোন ?
কালৈ উজাগৰ পতাকা, দুখৰ ইমান আপোন ??

হাতৰ অৰণ্যত শোকৰ ৰুদ্ধশ্বাস আজাৰ,
নিজান শিপাত তিৰবিৰ
ৰাতিৰ নিদ্ৰিত দুপৰ !
হে প্ৰাণময় পাৰ্থিৱতা,
যাক এৰি থৈ আহিলো তেঁওকেইতো তুলি ললো পুনৰ,
এতিয়া,
কাক খুন্দিয়াই, বুকু বিচাৰি শোকৰ এই অনন্য প্ৰতিভা ?
কাক বিচাৰি অনুতাপৰ এই শব্দ-কবিতা ?

সমৰ্পনৰ সকলো পাপ তেঁওলৈ থলো,
দুখৰ সকলো প্ৰশংসা তেঁওলৈ থলো,
এতিয়া দেহেদি বাগৰি যায় মৌনতাৰ প্ৰগলভ উচ্চাৰণ
ক্ৰুৰ কোনো আততায়ীৰ হাতৰ চুৰি যেন....!!

*******************
২২-০৭-১৩