Sunday 19 May 2013


বাৰিষা
=======

আকাশৰ গালত চকৰা চকৰ বগাচৰম
চালা, ডাৱৰৰ নাম এনেই বদনাম;

ৰ’দো দিয়ে হেনো আৰু বৰষুণো,
চুলিত হেনা কৰা মেঘ বান্ধি
ডেউকা মেলি উমনি দিয়ে নদীয়ে
নষ্ট পৃথিৱীৰ জৰায়ু,

বৰষুণৰ বুৰঞ্জী মেলি
মোৰ চালত সদায় পৰেহি
এটা নাম নজনা ৰাতি,
তামৰঙী বিষাদে বুকুতে তিয়াই যায়
সন্ধিয়াৰ শেষটো চিগাৰেটৰ আমেজ;
ম‍ই যেন আকৌ এবাৰ ঘুৰি আহো চেতনাৰ পৰা
আৰু বিচাৰি ফুৰো তেঁওক
তোলপাৰ কৰি শূন্যতাৰ শেষ ৰেওৱাজ !

*****************
১৬-০৫-১৩

Friday 17 May 2013

উচ্চাৰণ
=======

কোনোবাদিনা আমি সঁচাকে কথা পাতিম,
উচ্চাৰণৰ কণ্ঠহাড় খুলি থৈ
শব্দ হ’ব জিহ্বাৰ চিৰায়ু তিলক,
ধ্বনি আমাৰ পৰিচয় প্ৰত্যাশী যাত্ৰা
আৰু আমি মুক পৰ্য্যটক;
প্ৰতিটো খোজতেই এৰি থৈ আহো
একোটা অনুতাপ,
প্ৰতিটো খোজতেই জ্বলাই থৈ আহো
উচুপনিৰ এটা অবিচল জতুগৃহ ;

ওঠত আমাৰ পিয়াহৰ দুৰ্লভ নিয়তি, প্ৰাণত প্ৰিয়তম বিষাদ ;
কপালত জ্বলি ৰয় অনিশ্চয়তাৰ
বিস্মিত বিশ্বাস;
স্পৰ্শত তেঁওৰ ক্ষমাৰ কীৰ্তি, তেজত সমৰ্পনৰ সুবাদ,
ধোঁৱাৰ সিপাৰে যেন এটা ছাঁই আওৰাই ৰয়
বৰষুণৰ কোৱাৰিত জুঁইৰ শেষ শব্দহীনতা,
কেতিয়াবা পাপৰ দৰে সহজ
আৰু কেতিয়াবা স্বীকাৰোক্তিৰ দৰে দুৰ্বিসহ
তেওঁ মোক চুই যায়,
আৰু ম‍ই তেওঁ বুলি চুই চাও বাৰে বাৰে
স্পৰ্শৰ সিপাৰৰ সমস্বৰ শুভ্ৰতা;

অৱশেষত সেই পাৰ্থিৱ পুৱা
উজাগৰ আঙুলিত আমাৰ চিকমিকাই উঠিছিল
নেপথ্যৰ এটা নুশুনা উচ্চাৰণ,

এতিয়া নাভিত সুদূৰ বিষাদ
শোকৰ মুঠিত তিতি উঠে নিমাত এটা জয়ধ্বনি,
প্ৰতিধ্বনিৰ শংকু্ৱেদি সৰকি
আমি যেন বাজি ৰ’লো ইটোৱে সিটোৰ মৌনতাত,
আৰু বিনিময় কৰিলো
উদ্ধৃতিৰ আঙুলি, প্ৰাৰ্থনাৰ দুহাত;

যিবোৰ কোৱা নহল,
কোৱাৰ পিছতো যিবোৰ উচ্চাৰিত নহল,
আচলতে সেয়াই নাছিল জানো আমাৰ কবলগীয়া ?

************
১৮-০৫-১৩

কেতিয়াবা
==========

কেতিয়াবা সময় কটোৱাতো
বৰ কষ্টকৰ হৈ নপৰেনে আপোনাৰো ?
বৰ কষ্টকৰ হৈ নপৰেনে
চিগাৰেটৰ ধোৱাৰ শূন্যতা,
কেতিয়াবা ফিকা হৈ নপৰেনে হঠাতেই
পৃথিৱীৰ সকলো ভাল লগা কবিতা
খায়াম, নৱকান্ত অথবা নেৰুদা ?

গধুলিৰ হাতত মায়াময় আবেলি
যেতিয়া থমথমকৈ বহি থাকে
সকলো বিৰাগ সামৰি,
পৃথিৱীৰ সকলো দুখৰ নদী
সাতুৰি পাৰ হৈ আহি
নতুনকৈ প্ৰেমিক হব মন যায়;

অযুত ৰাতি আপেক্ষা কৰি ৰব মন যায়
বেলিফুলৰ দৰে দুটা চকুৰ
যাৰ বাবে
প্ৰতিটো ঋতুৱেই সেউজীয়া,
যাৰ ওচৰত প্ৰতিখন টলবল চকুৰ চহৰ
সুখী সুখী ভাবৰ উপত্যকা ;

*************
১৪-০৯-০৩