Saturday 27 April 2013


কুঁৱলী
======

হঠাতেই সাৰ পাই উঠো কেতিয়াবা
শৰীৰটো দাঙি উলিয়াই আনো নিজক
আৰু খেপিয়াই ফুৰো..
খেপিয়াই ফুৰো জানো কিহক ?
কোনে মাতিছিল ৰিঙিয়াই দেহৰ ৰাতিত,
তুষাৰত পোত গৈ থকা এখন হাত যেন
কাৰ সেই নিৰল মাত ?

ক’ত শুনিছিলো জানো, ক’ত শুনিছিলো জানো !

*************
২৭-০৪-১৩

শকুন্তলা
=========

ওলোটাই থলেই নদী ঠিকনাৰ অতীত,
তন্ময় এটা বেলি মাদলি হৈ ওলমি ওলমি
তোৰ নাম লৈ লহিয়াই আহিছে,
শকুন্তলা,
আজি আৰু যাও বুলি নকবি ;
নৈৰ মুঠি কেতিয়াবাই সুলকি পৰিল
কেতিয়াবাই সুলকি পৰিল
ৰৰৌৰৌৱা আপেক্ষাৰ কায়কল্প তাবিজ,
পাহৰণিৰ তপোবন কদমত তুলি
ৰৈ আছে তোলৈ শোকৰ অশ্বাৰোহী;
জাৰি জোকাৰি শূন্যতাৰ শৃংগাৰ,
সামৰি সুতৰি ব্যগ্ৰতাৰ অলংকাৰ
আজিতো আৰু যাও বুলি নকবি !!

স্মৰণৰ সুদীৰ্ঘ অক্ষমতাই
সঁজাতী সময়ক পিন্ধাই দিছে জলমগ্ন দুখৰ পোৱাল,
গজি গজি নাভাগৰা
প্ৰতীক্ষা জোৰা বিষাদৰ নাঙঠ উদ্ভিদ ;
এতিয়া আঙুঠিত জিভা কামুৰি অভিসাৰৰ নাৰাজ ৰাতি,
সম্বন্ধৰ দুপাৰ জুৰি হাওলি আহিছে
মেঘালী ৰাতিৰ বিষন্ন বিদ্যুত্‍;
কোন বলিয়া কালিদাসৰ পাখিলগা কলমৰ খোচে
তোক বাৰু পিন্ধাই দিয়ে দুখৰ বৰ্তমান ?

ৰ’দৰ সিপাৰে নৈখনৰ নৰীয়া
তপত বালিত চিকমিকায় কেৱল পিয়াহ ডুবাৰ গান,
আঙুলিৰ ছাত জিৰাব খুজি ৰঙাঘোঁৰাৰ ৰথ
উভতি যায় কিংবদন্তীৰ কেঁকুৰিৰ পৰা;
ক’ত এৰি থৈ আহিলি বুকু কাটি উলিওৱা
আপেক্ষাৰ শালগ্ৰাম, উচুপনিৰ
এশ এটা ৰাতিৰ উজাগৰ ফচিল
নিদ্ৰাই হাতত বাকি দিয়া ;
ত‍ই জানো নাজান
সোণৰ সুৰংগত দুৱাৰ মাৰি টোপনি যায়
প্ৰতিশ্ৰুতিৰ কেইহেজাৰ টেৰাকটা ?

শকুন্তলা
ত‍ই আশ্ৰমকন্যা স্বপ্নহাৰা দিনৰ,
ত‍ই শাপিত শিল্প কোনো খঙাল কালপুৰুষৰ মুগ্ধ হাতৰ,
সোঁৱৰণিৰ সাথৰত ডুবি থাকে যি আয়ুস্মান বিৰহ
শিলালিপি ত‍ই সেই অভিশপ্ত দোৱানৰ;

****************
২৬-০৪-১৩

Saturday 13 April 2013


তিৰাশী
======

শিলৰ মাতত ৰাতিবোৰে বাগৰ সলায়,
তেজৰ বুকু বিন্ধি
যাঠিৰ জোঙত এটা চেচুক জোন ;

আঠুৰ ঘিলাত তেজৰ পাপ লুকুৱাই,
আলিবাটত তেতিয়া চোৰাং খোজৰ হেন্দোলদোপ;  
উদং পথাৰত পৰ দি
আঘোণৰ পাতনিত এটা সন্ধিয়া
শ্বহীদৰ বুকুৰ দৰে,
বৰকাঁহত বাজি ৰোৱা এটা যেন প্ৰাৰ্থনা,
সান্ধ্য আইনৰ দৰে ;

কি নাম দিম এই উদ্ধত দিনক,
বাহনিত ফুচফুচাই পাৰ হোৱা গৰ্ভৱতী ৰাতিৰ সংশয়ক
কাৰ বুৰন্জীয়ে বুকু পাতি লব নষ্ট সময়ৰ অনুতাপ ?

তিৰাশী
======

শিলৰ মাতত ৰাতিবোৰে বাগৰ সলায়,
তেজৰ বুকু বিন্ধি
যাঠিৰ জোঙত এটা চেচুক জোন ;

আঠুৰ ঘিলাত তেজৰ পাপ লুকুৱাই,
আলিবাটত তেতিয়া চোৰাং খোজৰ হেন্দোলদোপ;    
উদং পথাৰত পৰ দি
আঘোণৰ পাতনিত এটা সন্ধিয়া
শ্বহীদৰ বুকুৰ দৰে,
বৰকাঁহত বাজি ৰোৱা এটা যেন প্ৰাৰ্থনা,
সান্ধ্য আইনৰ দৰে ;

কি নাম দিম এই উদ্ধত দিনক,
বাহনিত ফুচফুচাই পাৰ হোৱা গৰ্ভৱতী ৰাতিৰ সংশয়ক
কাৰ বুৰন্জীয়ে বুকু পাতি লব নষ্ট সময়ৰ এই অনুতাপ ?

নিৰ্জনতাৰ কোলাহলত বাজি ৰোৱা
সেই পগলা ঘন্টাৰ আৱাজ
মাতাল বুকুত বাগৰি আছে এতিয়াও
লঘোণীয়া এটা কান্দোনৰ বন্দৰ হৈ;
উচুপনিৰ হাতে হাতে জীয়াই আছে এতিয়াও
অৰ্পিতা দিনৰ খঙাল মন্টাজ
উপবাসী সময়ৰ ক্লান্তি হৈ !!

*******************
১৩-০৪-১৩


*******************
১৩-০৪-১৩

Friday 12 April 2013


ৰিভলভাৰ
=========

কান্ট্ৰি চং এটাৰ দৰে পাৰ হৈ যায় তেঁও,
হাঁহিত এটা ৰিভলভাৰ
আৰু ৰঙা নিচান আঁৰা মোৰ বুকুত
থকাসৰকা চহৰ আহত নিদ্ৰাৰ ;
চাল্লা কি যে ব্যাপাৰ !
তাৰিত ডুবি থাকে মাতাল কলিজা,
আৰু এটা টাকিলাতেই
বাগৰি হাহাকাৰ !
মাডাম-
ওঁঠত আপোনাৰ সেয়া বাৰু
মাৰিজুৱানা নে লিপ-লাইনাৰ ?
হোপা এটাকে মাৰি চাও দিয়কচোন
কিজানি আতৰেই মোৰ শূন্যতাৰ এই মহা হেংঅভাৰ !

না না ভয় নাখাব, পলাতক নহয় ম‍ই
কিম্বা শূন্যতাৰ কয়দী;
পুৰাতন অৰ্থহীনতাৰ শিকলি চিগি,
সাৰশূন্য নিয়মৰ প্ৰাচীৰ ভাঙি
স্বাধীন হোৱা কেৱল
কালৰ খোপাৰ আকাশীগংগা ;
বুকুত চিগাৰেটৰ ধোঁৱাৰ আন্দোলন,
গান, গীটাৰ আৰু অৰ্বুদ....অৰ্বুদ ভালপোৱা;
সমকামী ঈশ্বৰক, ৰঙা চকুৱা ধৰ্মক
জ্বলাই থৈ আহিছো মুক্তিৰ চিতাত,
নিৰ্বাণৰ চ’ডা মিলাই পীছো আলিঙ্গনৰ হুইস্কি
নাকচ কৰিছো ইলিউশ্যনৰ এই উদ্ভট পৃথিৱী
আৰু ঘোষণা কৰিছো জীৱনৰ বাবে জীবৰ জেহাদ;

মাডাম,
স্বৰ্গৰ লজেন্স আপোনাৰ হাততেই ৰাখক;
মোক্ষ লৈ মোৰ হব মন নাই মুঠেও
অমৰাৱতীৰ অৰ্ধনগ্ন অপেচৰীৰ মেহফিলৰ
লোলুপ দৰ্শক;
তাতকে দেখোন বাঈজীৰ কোঠাই ভাল !!
চ্চিল্ড বিয়েৰ আৰু চিকেন পকোৰাৰ শ্লোক পঢ়ক
এষ্ট্ৰেত চিগাৰেটৰ যজ্ঞাহুতি দিয়ক
নাঁৱৰীয়া ওঁঠেদি চলৌপ চলৌপকে বাই হুইস্কিৰ নাও
পাৰ হওক বৈতৰনী
আৰু উদযাপন কৰক মুক্তিৰ দিৱস
দিচকাউন্ট ৰেটত !!
নে কি কয় ??
গতিকে লাত মাৰক আপোনাৰ এই ঈশ্বৰৰ কানুন
সংযমৰ ষোড়শোপাচাৰ,
উলংগ নগৰত ধোবাৰ কি কাম ??
ফাঁচিকাঠত ওলমক চব পয়গম্বৰ, চব অৱতাৰ ;
উন্মুক্ত শৰীৰত আমাৰ
ভৰি থৈ নামি আহক মৈথুন মনচুন,
পুৰুষ তিতক প্ৰকৃতি তিতক
তিতক এই আকাশ ব্যোম
আৰু মানুহ হৈ পৰক ভালপোৱাৰ শ্ৰেষ্ঠতম চমত্‍কাৰ;

কি দিন, কি ৰাতি
হৃদয়ৰ চুকে কোণে পিয়াপি দি কেৱল আপুনি
যেন কোনো দুৰ্দ্ধৰ্ষ গেৰিলা,
ফুলদানীৰ বসন্তই বসন্তই নগ্ন ভিন্চি
ম‍ই তুলিকাৰ ৰাতি আৰু আপুনি উজাগৰ মনালিচা;
আঃ কি যে মজা !
মাডাম,
চৌপাশে যদি কেৱল শূন্যতাৰ ব্ৰেকেট,
এই সাৰশূন্য হৰণ-পূৰণৰ, নিৰবধি হিচাপ নিকাচৰ
অৰ্থনো ক’ত ?
এই জীৱনৰ স্থাপত্যই হয় যদি মহাশূন্যৰ হাতৰ অসমাপ্ত নিৰ্মাণ,
এই সময়ৰ শিল্প হয় যদি মহাকালৰ ভৰিৰ চঞ্চল নৃত্য-মুদ্ৰা
কি কৰিব জপি প্ৰাপ্তি-অপ্ৰাপ্তিৰ উয়েখোৱা মালা
কি পাব ঢেলপুঙা বিগ্ৰহত ঢালি আয়ুসৰ মিঠা মদ;
বাৰে বাৰে দুগ দুগ শান্তিৰ দম্বৰু বাজে
আৰু আপুনি নাচে,
ঘুৰি ঘুৰি বাজীকৰৰ হাতৰ বাজনা ঘুৰে
এচেলেকা সুখৰ চম্পাপুৰি বিচাৰি আপুনি জপিয়ায়
আৰু বাৰে বাৰে মুখথেকেচা খাই পৰে,
হে হে শিকলি পিন্ধা বান্দৰ হৈ আৰুনো কিমান নাচে ?
তাতকৈ ডাষ্টবিনত সজাই থওক আপোনাৰ
বিষাদৰ উপবাস, শান্তিৰ ব্ৰত;
ধোঁৱাচাঙত তুলি থওক যুক্তিৰ শুকান লাওখোলা
সময়ৰ নিঃকিন প্ৰজ্ঞা উচ্চাৰিত হৈ ৰব দিয়ক
চিচিফাচৰ শিলটোৰ ওভতনি অমৰত্বত
আৰু হিয়া খুলি আত্মহত্যাৰ মজা লওক;

এই ভ্ৰান্তিৰ ঊষ্ণতা জুৰাই ভালপোৱা দিয়া
হাঁওফাও ভৰাই প্ৰেমৰ অম্লজান লোৱা;
সুখৰ শীতত, দুখৰ জাৰত চুমাৰ চুৰট হোপক,
আৰু মোৰ এই অবাধ্য বুকুৰ খাৰ-ঘৰ
আপোনাৰ চকুৰ দিয়াচলাইৰে জ্বলাই দিয়ক;
জ্বলাই দিয়ক এই বেইমান দুনীয়াৰ সকলো
অৰ্থহীনতাৰ অৰ্থক !
এই শৰীৰেই য’ত এটা ভ্ৰমৰ অশৰীৰী প্ৰেত
এই অস্তিত্বই য’ত কেৱল এটা শাপিত নিদ্ৰাৰ সাধুকথা
জাগৃতিৰ যুক্তিনো ক’ত ?

মাডাম
মানুহ হৈ ভালপাই চাওক মোক, ম‍ই আপোনাক;
কাঠৰ নালাগে, মাটিৰ নালাগে
প্ৰেম হব চিৰসুন্দৰ ঈশ্বৰ আমাৰ ;
ওঁঠ ওঁঠে যদি বাঢ়ি আহে চুমাৰ নৰক
স্বৰ্গৰ কি দৰকাৰ ?
কি দৰকাৰ সেই গোলামৰ চৰ্দাৰৰ
ঈশ্বৰ নাম যাৰ !!

**************
১২-০৪-১৩

Sunday 7 April 2013



যোগিনী
=========

শিষ্ট নদীৰ দৰে বাঢ়ি আহে তেঁও-
মোৰ দুখৰ নাৰী,
দুপাৰত বাঁহ ফুলৰ অৰণ্য
হৃদয়ত গধূলিৰ ওলোমা পেইন্টিং ;

শোক তেঁওৰ উত্‍সৰ গহীন অৰ্থ,
স্পৃহাৰ স্থিতপ্ৰজ্ঞ চুৰৰিয়েলিজিম;

সেই কাহিনী আছিল
ৰূপান্তৰিত এটা হ্ৰদৰ দৰে,
আঠুত মুৰ গুজি বিলাপৰ
এটা অনুচ্চাৰিত লিপিৰ দৰে,

মুগ্ধতাৰ সংযম ভাঙি সেই প্ৰতীক্ষা আছিল
কোনো তথাগতৰ হাতৰ
অবিচল এটা জপ মুদ্ৰাৰ দৰে;

আস....! ক্ৰান্দসী ৰাতিৰ নাবিক,
জোৱাৰৰ আঙুলিৰ হেলনীয়া বিষাদ !
ঘাটহেৰোৱা ধুবুনীৰ শোকাতুৰ ৰাগ
আৰু নুজুৰিবি এই পালতৰা সন্ধ্যাত;
তৃষ্ণাৰ দূৰন্ত ওঁঠত
এতিয়া জ্বলি আছে উদাসী চ’ত
জ্বলি আছে বিষন্ন ব’হাগ ;

শাণিত ৰাতিৰ অশ্ৰুত নিনাদ
আৰু তুলি নিদিবি যোগিনীৰ কাতৰ কলিজাত !!

**********************
০৬-০৪-১৩


কাচিনৰ চিঠি
===========

হাজাৰ ভ্ৰমণৰ অতীতৰ পৰা ঘুৰি আহোতে
মোৰ ওঁঠত যাৰ নাম আছিল
সেই নাম তোমাৰেই আছিল আই,

এতিয়া জলফাই ৰঙৰ আয়ুস বিয়পি আছে
কুঁহিপাতৰ খঙাল ৰ’দত
বেয়নেটৰ ৰাতিত লৰালিৰ সাধু এটাই উজুটিয়াই
গোঁসাইঘৰত দুবৰি মুকুত খুলি থৈ
ৰণশিঙা বজায় বুঢ়াডাঙৰীয়াই ;
আই মোক শুব নিদিয়ে এই
কালিকালগা নিৰ্জনতাই
মোক শুব নিদিয়ে সপোনৰ সেঁন্দুৰ বন্ধকত থৈ
ধাৰে অনা হেজাৰটা নিদ্ৰাই;

এতিয়াও তাত
ঘাটুৱৈৰ হাতৰ ভোক লাৰুত
তেজীমলা শালিকী হৈ পৰেনে আই ,
চোতালত উধাতু খাই ফুলকোৱৰৰ সাধুৱে
যায় নে তুলসী তলৰ মৃগপহু চৰাই;
দেউতাৰ পদুলিৰ গোন্ধোৱা মালতী
এতিয়াও বুকুৱে বুকুৱে থাকেনে আমোলমোলাই ?
ইয়াত যে গোনাম’হৰ শিঙৰ দৰে খঙাল দিন,
ডাইল সময়ৰ ফণাই যেন প্ৰতিপ্ৰহৰ মৃত্যুৰ আশীৰ্বাদ দিয়ে
ফোপনিয়ে ফোপনিয়ে উৰি ফুৰে বিহলগা গান;
তথাপি টুটি অহা প্ৰশ্বাসৰ বেদীত তুমি,
তেজৰ প্ৰতিটো আৰতিত তোমাৰ নাম;
কেৱল তোমাৰ সোৱঁৰণিৰ দীঘল ৰাতিয়ে
কাঁড়ৰ দৰে বুকু বিন্ধি যায়;

তাতশালৰ দুপৰীয়া এখন বুকুৱে চাগে অহোৰাত্ৰ
মোলৈ বাট চায়, নহয়নে আই ?
কেতিয়াবা ফাগুন কেতিয়াবা ব’হাগে
হয়তো প্ৰায়ে তেঁওৰ গাৰু তিয়াই থৈ যায়;
প্ৰতিজ্ঞাৰ দৰে কঠিন তেঁওৰেইতো শূন্যতাই
মোক পুৰুষ হব শিকাই, পুত্ৰ হ’ব শিকাই
ধুমুহাৰ ৰাতিত সেই কাতৰ আপেক্ষায়েইতো
প্ৰভাত হৈ মোৰ চকুত বিজুলীয়াই;
পিছে ম‍ই জানো আই
নতজানু শিৰত কপৌফুলে নুশুৱায়,
শীতনিদ্ৰাৰ স্বপ্ন ফেহুজালিত জানো বেলি হৈ ওলায় ?
সেয়ে তেঁওক কবা
জল্লাদ সময়ৰ সকলো চুক্তি নাকচ কৰি
একমাত্ৰ তেঁওৰ দুবাহুতেই এদিন হলেও
ম‍ই পুনৰ জীয়াই উঠিম ;
চিৰঞ্জীৱ কবিতা হৈ
তেঁওৰ বুকুত মুৰ্ত্ত হৈ উঠিম
মৃত্যুৰ যশস্যাৰে, ভালপোৱাৰ চিৰনতুন সংজ্ঞাৰে !!

**********************
০৭-০৪-১৩