অপাংক্তেয়
========
বাউসীত কোনো সাধকৰ কাংক্ষিত ৰাতিৰ আন্ধাৰ,
দেহ এৰি
প্ৰাৰ্থনাৰ ফছিলৰ পৰা উঠি আহে মোৰ ঈশ্বৰ
উজাগৰ দুহাতত শোকৰ দোৱান;
শূন্যতা মোৰ তপস্যাৰ নাম নহয়
কিম্বা প্ৰতীক্ষাৰ বিলাস,
মৃত্যুৰ বিৰল দান হাত পাতি লৈ
ময়েই হম পূৰ্ণতাৰ প্ৰথম ব্ৰাহ্মণ;
উদাৰ পাপৰ হাতত সপি থৈ সমস্ত আয়ুস
সময় এদিন অমৰ হৈছিল,
বিষাদৰ গেৰুৱা গাত মেৰিয়াই
পৃথিৱী আছিল সেই ভিক্ষুক
যি নাভিত জীয়াই ৰাখিছিল ঈশ্বৰক;
অনিবাৰ্য্য সকলোবোৰ অৰ্থৰ শেষত
তেওঁৰেই হাতত সপি থৈ ঈশ্বৰক,
মই হ’ম যেন এনে এটা সনাতন অৰ্থ
অৰ্থহীনতাই হব যাৰ পৰম অৰ্থ !
**************
১৭-০২-১৩